ভৰি দুখন পানীত তিয়াই
নৈৰ পাৰৰ শিল এটাত বহি
মাছবোৰৰ কথা ভাবি আছিলোঁ।
তেনেতে মই নিজেই
এটা মাছ হৈ গ’লো।
আনটো পাৰত ৰৈ তুমি
বৰশী টোপাই আছিলা।
মই গৈ তোমাৰ
বৰশীত লাগিলোগৈ।
পিছে মাছটোলৈ মৰম লগাত
তুমি তাক আকৌ
সযতনে,
আলফুলে
নৈৰ পানীত এৰি দিলা…
অথচ কণমানি পুঠিমাছটোক
তুমি তোমাৰ একুৱাৰিয়ামতো
সজাই থ’ব পাৰিলাহেঁতেন!!
– পৰীস্মিতা কাকতি
সংযুক্ত স্নাতকোত্তৰ তৃতীয় সান্মাষিক
গণিত বিজ্ঞান বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়