ব্যথিত হৃদয় মোৰ দুচকুত অশ্ৰুৰ বন্যা
কোলাহলেৰে আবৃত এজাক
অনুসন্ধিৎসু তৰুণৰ মাজৰ পৰা
যেন লাহে লাহে আঁতৰি আহি
এক অন্যান্য প্ৰান্তত থিয় দিলো ৷
ব্যস্ততাৰ মাদকতাৰে ভৰা কৰ্মময় জীৱনৰ যৱনিকা
পৰিল
কিমানজন আহিল আৰু কিমানজন গ’ল
সংগোপনে ময়ো ধূসৰৰ মাজত
বিলীন হৈ হেৰাই যাম মানসপটত ৷
মন গহনত নীৰৱতাই আচ্ছন্ন কৰি ৰখা
জীৱনৰ সীমাৰেখাত জুকিয়াই চাই
এতিয়া একমাত্ৰ নি:সংগতাই যেন মোৰ লগৰী ৷
– চমচেদা বেগম,
অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,
মৰিগাঁও