সময় ৰাতিপুৱা ৷ কুৱলি ফালি বাৰাণ্ডাত বেকা হৈ পৰা ৰ’দখিনিতে কুহুৰ কুহুৰকৈ কাঁহি কাঁহি কুঁজা হৈ বহি আছে নদীয়াৰ আশী বছৰীয়া দেউতাক তমালসিং ৷ কাহোঁতে কাহোঁতে যেন তমালসিংৰ চকুদুটা গোল গোল হৈ বাহিৰলৈ দুটা বলৰ দৰে ওলমি পৰিছে ৷ ভকুৱা মাছৰ নিচিনাকৈ শ্বাস-প্ৰশ্বাস ৷ যত এই সাধনাৰ মূল, কাঁহটোৱে তমালসিংক একেবাৰে লেবেজান কৰি দিছে; ঘূৰাফুৰাটো বাদেই, কঁকাল পোনাই অকণমান বহাৰো সামৰ্থ নাই ৷ ৰ’দ পৰিলে পো-বোৱাৰী বা নাতি-নাতিনী হ’তে বুঢ়াক ধানৰ ডুলি এটা অনাদি আনি বাৰাণ্ডাৰ ৰ’দ ঘাই ঠাইখিনিতে উলিয়াই থয় আৰু গধুলি হ’লেই ঠাণ্ডা লগাৰ আগেয়ে ঘৰৰ ভিতৰলৈ লৈ যায় ৷ তাৰ বুকুত কফৰ লগতে খুন্দা খাই থাকে জ্বালা-যন্ত্ৰনা অভিমান আৰু মূৰত ভৰি উঠে হিবি-জিবি বিক্ষিপ্ত চিন্তা ৷
সন্মুখতে পৰাণ মাষ্টৰৰ বাৰাণ্ডাত পিঠিত ৰ’দলৈ অঙ্কত মজি আছে পাঠশালা স্কুলৰ ল’ৰা-ছোৱালী এপাল ৷ পৰাণ, তমালৰ সৰু ল’ৰা ৷ ল’ৰা হ’লে কি হ’ব, পৰাণৰ নাম শুনিলে উচপখাই উঠে বৃদ্ধ বাপেক তমাল সিং ৷ নকৰিবনো কি- পৰাণৰ যি দেহাবয়ৱ, খোজ কাটল, গলগলীয়া মাত, দেহৰ বৰণ – মাষ্টৰ নকৈ একদম দুৰ্গাগোসাঁনীৰ সন্মুখৰ মহিষাসুৰটো হ’লেহে শুৱালেহেতেন; তাতে আকৌ অনবৰতে টনটনীয়াহৈ থকা হনুৰ হাড়কেইডাল দেখিলে খঙতে দাতঁকামুৰি থকা যেনেই লাগে ৷ তাৰ বিপৰীতে ডাঙৰ ল’ৰা নদীয়া একেবাৰে ভকত ৷ পাৰিবাৰিক জীৱনৰ প্ৰতি লক্ষ্য নাই ৷ খাবলৈ নাই যদিও নাই আছে যদিও আছে, কাণসাৰ নাই ৷ জীৱন সদায় স্ফূৰ্তিময় ৷ আহাৰমহীয়া ৰ’দতো হালমেলি আহোতে মুখত লাগি থাকে গীত, ওঁঠত মিচিকীয়া হাঁহি ৷ ল’ৰা-ছোৱালী বুলিবলৈ তমাল আৰু পাত্থৈৰ এই দুজনেই ৷ কিন্তু দুজন হ’লে কি হ’ব, … ইহঁতহালক ডাঙৰ কৰোতে পাত্থেটো পাত্থেয়ে, তমালৰো কমখন কষ্ট হোৱা নাই; একেবাৰে কামিহাড় লেখিব পৰা হৈছিল ৷ সৰুতে ভাই ককাই হালৰ ইমান মিল আছিল যে চুবুৰীয়া — বুলিহে মাতিছিল ৷ এতিয়া একেখন চোতালতে দুখন ঘৰ ৷ নদীয়াই মূলঘৰটো ভায়েকক দি চোতালৰ আগফালে এচলীয়া ঘৰ এটাত ল’ৰা-ছোৱালীলৈ থাকিব ল’লে ৷ ভৰালৰ ধান, কাঁহি-বাতি, মাটি-সম্পত্তি সকলো আধা আধা ৷ লগতে বৃদ্ধ মাক-দেউতাকো ৷ দেউতাক ডাঙৰ ল’ৰা নদীয়াৰ ভাগত ৷ মাক সৰুটো, পৰাণৰ ভাগত ৷
“১৮ অক ৩ ৰে হৰণ কৰা ৷”
দ্বিতীয় শ্ৰেণীৰ ল’ৰা-ছোৱালীকেইটাক অংককেইটা দি পৰাণে নাকৰ ফুটাদি হাতৰ তলুৱাৰ পৰা আঙুলিৰে সৰিয়হৰ তেল অকণ উজাই ল’লে আৰু তলুৱাত ৰৈ যোৱা খিনি নাভিত লগাই লৈ পেটটোত পিহি পিহি ধাৰাপাতখন মেলি তিৰিং তাৰাংকৈ পঢ়ি থকা নিজৰ ছোৱালীজনীলৈ চালে ৷ দেউতাকৰ চকু পৰাৰ লগে লগে তাই মাতটো অলপ ডাঙৰ কৰি তাৰ তালে তালে গাটো লৰাই লৰাই মাতিবলৈ ধৰিলে “তিন দহ দুই বত্ৰিশ, তিন দহ তিনি তেত্ৰিশ …”
তাইৰ গাৰ দোলনিৰ লগে লগে মাকে তাইৰ অকমানি গাটোত মেৰাই দিয়া এড়ি চাদৰৰ পিছ ফালৰ গাঁঠিটো অলপ অলপকৈ ঢিলাহৈ গৈ থাকিল ৷ তথাপিও হাত উলিয়াবলৈ নাই ৷ তাই ঢিলা হৈ গৈ থকা গাঁঠিটো ডিঙিটো বেঁকা কৰি চেপি ধৰি গাটো হলাই হলায়ে পঢ়িয়েই থাকিল ৷ মনটো যদিও ঢিলাহৈ গৈ থকা এড়িচাদৰৰ গাঁঠিটোত, অভ্যাসবশত: নেওঁতাখন কিন্তু শুদ্ধকৈ আওৰায়ে থাকিল ৷ বাকী ল’ৰা-ছোৱালীবোৰ চিলেটৰ ওপৰত পেঞ্চিল ধৰি উবুৰিখাই পৰিছে ৷ পৰাণে তাৰ তেলেৰে জেপজেপীয়া হাতখনেৰে নিজৰে উদং পিঠিখনত চেৰেপ্ কৈ এটা চাপৰ মাৰিলে ৷ ল’ৰা-ছোৱালীবোৰে কাৰ পিঠিত বা পৰিল বুলি ইতোৱে সিতোলৈ ভয় ভয় কৈ কেৰাহিকে চালে আৰু ছোৱালীজনীয়ে উচপ খাই “তিন দহ ন উনত্ৰিশ” বুলি চিঞৰি ভয়তে জিভা কামুৰি তলমুৰ হৈ ৰৈ থাকিল ৷ বাৰাণ্ডাৰ পৰা উচপ খাই তমাল সিঙো সিটো ঘৰৰ নাতিনীয়েকৰ ফালে চালে আৰু ভয়ে ভয়ে পৰাণ মাষ্টৰলৈও ৷ সদায়ে এই সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ পঢ়া-শুনা শুনি শুনি নিসঙ্গ তমালৰ মনো ল’ৰা-ছোৱালীবোৰৰ লগতে মিলি যায় আৰু লাহে লাহে বৃদ্ধ তমালো অংকত ডুবি যায় ৷ পৰাণ হৈ পৰে তাৰো মাষ্টৰ ৷ পৰাণে লাহেকৈ ছোৱালীজনীৰ ঢিলা হৈ যোৱা এড়ি চাদৰৰ গাঁঠিটো টানি দিলে ৷ তমালেও এটা স্বস্তিৰ নিশ্বাস পেলালে ৷
“ভাগফল কিমান?” পৰাণে ল’ৰা-ছোৱালীবোৰক সুধিলে ৷ “ছয়” ল’ৰা-ছোৱালীবোৰে সমস্বৰে চিঞৰিলে ৷ তমালে নিৰ্ভয়ে মনে মনে ইখন বাৰাণ্ডাত ক’লে “শূণ্য” ৷
“ছয়” বেছ্ বুলি পৰাণে নিজৰ উৰুত এটা থাপৰ মাৰিলে ৷ তমালে অপৰাধীৰ দৰে ভয়ে ভয়ে পুতেকলৈ চালে ৷ কিয় জানো তাৰ অংকৰ সকলো ভাগফল শূণ্যয়ে হয়, তাকে মনে মনে ভাবি থাকিল ৷
(২)
এনে মুহুৰ্ততে পাত্থৈ সিটো ঘৰৰ পৰা ওলাই আহিল ৷ পাত্থৈৰ শুধ বগা চুটিকৈ কটা চুলি- কদম ফুলৰ নিমজ, থিয় হৈ থকা ৷ কাণত ডুলি আছে থুৰীয়া ৷ তমালৰ ভাৱনাৰ আঁত হেৰাল ৷ পাত্থৈ খৰখেদাকৈ আহি বুঢ়াৰ ওচৰ পাও নেপাওতে তমাল কেঁককেঁকাই উঠিল – “বৰ কামিলীজনী দেখাইছে ৷ কাম কৰাটো ফেটা-ফেঁটীকৈ…”
“উ:স্ তেনেকৈ খোজ নাকাঢ়িমনো কিয়, তাৰ সলনি কি তোমাৰ দৰেই সোটমোচ খোৱা আখৈ ভাল হৈ বহি থাকিম নেকি?”
“হে:ই হে:ই … চম্ভালি, চম্ভালি, মুখ চম্ভালি কথা কৱ … খুক, খুক… খুক…”
“চিঞৰি থকা, চিঞৰি থকা, খুউৱ ডিঞৰা, কাঁহেৰে আৰম্ভ কৰা ৰাতিপুৱাৰ পৰ্ব্বটো ৷”
“উউস, কি চাৱা… খুক-খুক, খুক-খুক… এক্কে কোৱত… খুক-খুক…”
“ইস্… এনেহেন বৰমতাটো, মুখখনেই…”
“আস্- মই জীয়াই থাকি কি কৰিম- ”
“কিনো কৰিবা, হো লোৱা, লোৱা তাল মিছিৰি খাই থাকা, তোমাৰ ল’ৰাই কালি ৰাতি আনি দিছে ৷” এই বুলি কোনো ভ্ৰুক্ষেপ নকৰাকৈ তাল মিছিৰিৰ টোপোলাটো বুঢ়াৰ কাষত থৈ বুঢ়ী পুখুৰীৰ ফালে গ’ল ৷ দুইকুৰি বছৰ একেলগে ঘৰ কৰি পাত্থৈয়ে জানে- এনেয়ে হুংকাৰ, খেৰ কুটাৰে তাইৰ গাত আঘাট লাগিব নিদিয়ে ৷ সবেই জানে এইসৱ বুঢ়া-বুঢ়ীৰ নিৰৰ্থক কাজিয়া ৷
কাজিয়া শুনি শুনি হাঁহি থকা ল’ৰাবোৰক পৰাণে এটা ধমক দি উঠিল ৷ আৰু ল’ৰা-ছোৱালীবোৰক চুটি দি পৰাণ দেউতাকৰ ফালে আহিল ৷ পৰাণে দেউতাকক কোলাৰ কেচুৱা লোৱাদি তুলি লৈ চোতাললৈ নামি আহিল ৷ তাকে দেখি পাত্থৈয়ে পুখুৰীৰ পাৰৰ পৰা আহি চোতালৰ আটাইতকৈ বেছি ৰ’দ পৰা ঠাইখিনিতে তমালৰ বিচনাখন পাৰি দিলে ৷ তমালে পুতেকৰ কোঁচৰ পৰাই মুখলৈ চাই এটা আকৰ্ণ হাঁহি মাৰিলে আৰু পৰাণে এখন অভিব্যক্তিহীন মুখেৰে দেউতাকক বিছনাখনত বহুৱাই গা-ধুবলৈ গ’ল ৷ ৰূপক কবিৰাজে দিয়া ছাগলীৰ গাখীৰৰ ঘিউ আৰু বট গছৰ শিপাৰে বনোৱা মালিছেৰে পাত্থৈয়ে বুঢ়াৰ পিঠিত লাহে লাহে মালিচ কৰিবলৈ ধৰিলে ৷ অলপ আগেয়ে হোৱা কৃটিম কাজিয়াৰ চিন এতিয়া এক বিন্দু মাত্ৰৱো নায় ৷ এই ধৰনৰ কাজিয়াবোৰ আচলতে তেওঁলোকৰ অদ্ভূত প্ৰেম অভিব্যক্তি, বালিৰ তলত মণ্ড ৷ ইজনে সিজনক বিছৰাৰ এক অভিনৱ প্ৰকাশ ৷ মাটি-বাৰী, কাহি-বাতিৰ লগত ভাগ-বতৰা হৈ যোৱা এই মাক-বাপেক হালে ল’ৰাহতৰ বেলেগ বেলেগ পৰিয়ালৰ সীমাৰেখা অতিক্ৰমি ওচৰা ওচৰিকৈ বহিবলৈ, কথা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ এক বিশেষ ঘোষণা- এই মৰম মিহলি কৃত্ৰিম কাজিয়া ৷
কৰিবলৈ টান পায়, কিয়নো ৰাইজৰ পৰা লাঠ, ধনী-দুখীয়াৰ ফাৰাক, বোৱাৰীহঁতৰ সন্দেহ, অশান্তি এই সকলো মিলি সিহঁতৰ মাজৰ সীমাৰেখা বহল হৈয়ে থাকে ৷ ৰাতিপুৱা-গধুলি তমালৰ ঔষধ, মালিছ ইত্যাদিৰ অজুহাতত অকণমান বহোতে যি অলপ তেওঁলোকৰ দুখ-কষ্ট লাঘব হয় – সেয়ে ৷ এই মূহুৰ্ত্তকেইটাৰ বাবে নিসঙ্গ তমালো ব্যাকুল হৈ থাকে ৷ আকুল হৈ থাকে পাত্থৈৰ মৰমেৰে মেৰোৱা সৰু সৰু মিছিৰিৰ টুকুৰা, পিঠিৰ ৰাজহাড়ৰ ওপৰত পাত্থৈৰ হাতৰ বৈ পৰা মৰমৰ পৰশ ৷ তাই আহি পিঠিত হাত বুলালেই যেন কাঁহটোৰ পৰাও অকণমান সকাহ পায় ৷ সবাটোকৈ ডাঙৰ কথাটো হ’ল কথা পাতিবলৈ ওচৰত নিজৰ কোনোৱা এজন ৷ বাকীবোৰটো বুঢ়া হ’ল আতৰি ফুৰে ৷ আজিকালিতো তাৰ দীঘলীয়া কৰি নি থকা একেবোৰ কথা শুনিবলৈ কোনোৱে নাহে ৷ তালমিছিৰিৰ টুকুৰা জিভাৰে গালৰ সিফালে ঠেলি দি তমালে ক’বলৈ ধৰিলে “এৰা শুনিছানে, জীৱনটো এটা অংকহে, যোগ মানে জনম… বিয়োগ মানে মৃত্যু…”৷ কবিৰাজী মালিচৰ উৎকট গোন্ধ আওকান কৰি পৰাণৰ ৰাজহাড়ত মালিচ কৰি কৰি একমনেৰে শুনি আছে পাত্থৈ ৷ তাই চকুত এপলকৰ বাবে ভাহি উঠিল কাতিমহীয়া ভগবৎ পাঠৰ সময়ত তমালে ভগবৎ বাখ্যা কৰি থকা চিত্ৰটো ৷ যিজন মানুহৰ মুখত ভগবৎ বাখ্যা শুনিবলৈ মানুহে ভিৰ কৰিছিল, সেইজনৰ কথা শুনিবলৈ আজি এই পাত্থৈৰ বাহিৰে আৰু কোনো নাই, কি নিসঙ্গ ৷ তমালৰ কথাৰ শেষেই নাই ৷ কথাৰ লগে লগে ক্ৰমে চেপেটা হৈ পৰা তালমিছিৰিৰ টুকুৰাটো বাধাহীনভাৱে ইখন গালৰ পৰা সিখন গালৰ মাজত অহাযোৱা কৰি থাকিল ৷
(৩)
দুপৰীয়া নৈ পাৰৰ পামৰ পৰা উভতি আহি নদীয়াই দেউতাকক গা ধুৱাই দিলে ৷ ভাত পানী খাই নদীয়া আৰু তমাল জিৰালে ৷ তমালে কাঠৰ পেৰাটোৰ ওপৰত বজ্ৰাসনত বহি দুই হাতেৰে বিছনাত ভিৰ দি কুঁজা হৈ পৰা ৰাজহাড় অকণমান পোনাৱলৈ যত্ন কৰিছে ৷ নদীয়াই সেইফালে নিজৰ বিছনাখনত বহি মুখেৰে গানৰ কলি এটি গুন গুনাই কাঞ্চনপুৰী নাৰিকলৰ হোকাটোত দুহোপা টনাৰ যো-জা কৰিছে ৷ কোৰ মাৰোতে মাৰোতে নদীয়াৰ হাতৰ টনটনীয়া হোৱা শিৰা-উপশিৰাবোৰ জিলিকি আছে ৷ তমালে নদীয়াৰ ফালে কেৰাহীকৈ চালে ৷ নদীয়া আলফুলে কাঞ্চনপুৰী নাৰিকলৰ হোকা পিহি পিহি কুৰুক কুৰুক কৈ একো একোটা লহৰ তুলি হোকাটোত এহোপা মাৰে আৰু ধোৱাবোৰ এৰি দিয়ে ৷ বৃদ্ধ তমাল আৰু ৰৱ নোৱাৰে ৷ নদীয়াক উদ্দেশ্য কৰি কয় “নদীয়া কষ্ট হ’লেও অকণমান আহি মোৰ ৰাজহাড়ডালত অকণমান ধৰি দিয়াচোন, আজি কাঁহটোৱে অলপ বাৰুকৈয়ে ধৰিছে যেন পাওঁ”৷ নদীয়াই গুণ গুণাই থকা কলিটো সামৰি দেউতাকলৈ চায় মিচিকিয়াই হাঁহিলে আৰু দেউতাকৰ কাঠৰ পেৰাটোতে বহিলেহি ৷ এহাতে দেউতাকৰ ৰাজহাড়ডাল ধৰি আনহাতেৰে হোকাটো খাই খাই ধোৱাবোৰ দেউতাকৰ সন্মুখতে এৰি দিবলৈ ধৰিলে ৷ ধপাতৰ ধোৱা নাকত লগাৰ লগে লগে তমালে দীঘলীয়াকৈ উশাহ ল’বলৈ আৰম্ভ কৰিলে ৷ আগেয়ে ধপাত নহ’লে চলিবই নোৱাৰিছিল, আজিকালি এই আপদীয়া কাঁহটোৰ বাবে হোকাটো চুবকে নিদিয়ে, গোন্ধটো পালেও মনত অলপ তৃপ্তি ৷ নদীয়াই দেউতাকৰ মন বুজি ক’লে “দেউতা এহোপা মাৰিবা নেকি?”, হে: হে: বুলি তমালে নদীয়াৰ ফালে মূৰটো ঘুৰাই প্ৰাণ খোলা হাঁহি এটা মাৰিলে ৷ “একো নাই, একো নাই, এহোপা মাৰিলে কিনো হ’ব আৰু”৷ নদীয়াই একো নকৈ দেউতাকৰ হাতত হোকাটো দিলে ৷ তমালে হোকাটো হাতৰ তলুৱাৰে ভালদৰে মোহাৰি মোহাৰি এহোপা মাৰিম বুলি মুখলৈ নিছেহে মাত্ৰ, দুৱাৰমুখত দেখে পাত্থৈ ৷
– এহ আহি পালেই নহয়
– খোৱা খোৱা, কিয় বন্ধ কৰা, কুহুৰ কুহুৰকৈ ঢেঁকীটো চলিব লাগিব নহয় ৷
তাইৰ হাতত গছ-লতাৰ পাত, তমালৰ কবিৰাজি দৰবৰ অনুপাত্ৰ ৷
– ওহ! ওহ! এটা সময়ত বৰ মতা দেখুৱাই এক্কে হোপাতে ছিলিমৰ ধপাত জ্বলাই শেষ কৰিছিলা নহয়, আৰু কিবা ক’লেই মলা ধপাতৰ চুঙা ভাঙি মাৰিবলৈ খেদিছিলা, এতিয়া কি হ’ল…
– এৰা নদীয়াৰ বাবে অলপ ধোৱা উলিয়াই দিম বুলিহে
– ধোৱা কিয়! মোকে উলিয়াই দি বাপেক পুতেকে নিৰিবিলি হৈ টানি নাথাকানো কিয়!
ডাঙৰ বোৱাৰীয়েকে শাহুৱেকৰ হাতৰ পৰা বন দৰৱখিনি লৈ পটাত পিহি অনুপাত্ৰৰ ৰসখিনি বাতি এটাতে দি থৈ গ’ল ৷ পাত্থৈয়ে কাবিৰাজী ঔষধৰ বড়ি দুটামান আৰু অনুপাত্ৰৰ ৰসখিনি কিস্তি এটাত পিহি পিহি কক কক কৈ কৈ থাকিল “তেজ বমি কৰোতেও ধপাতৰ লোভ সামৰিব নোৱাৰিলে, ইমান লোভ ভাল নহয়, বুজিবা, এৰি দিয়া… সব এৰি দিয়া… কৃষ্ণ চিন্তা কৰা”৷
“হ’ব! হ’ব!” আৰু কথা নবঢ়াই তমালে হোকাটো নদীয়াৰ হাতত দিলে ৷ নদীয়াই লাজ পাই নিজৰ বিছনাখনলৈ গ’ল ৷ তমালে পাত্থৈয়ে দিয়া ঔষধখিনি খাই অতি শান্ত ভাৱেৰে কাটি হৈ বিছনাত টোপনিৰ বাবে ৰ’ল ৷
(৪)
সন্ধিয়া পৰত তমালৰ কাঁহটো লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে ৷ এইকেইদিন বেলি ডুবাৰ পিছতে কিয় জানো কাঁহটো বেছি হয় বুলি ভাবি ভাবি নদীয়াই মাকক মাতি ৰূপক কবিৰাজৰ তালৈ গ’ল ৷ পাত্থৈয়ে শুনাৰ লগে লগে আহিলেই ৷ ডাঙৰ বোৱাৰী আৰু পাত্থৈয়ে মিলি তমালৰ পিঠিত মালিচ কৰি কৰি শুশ্ৰূষা আৰম্ভ কৰিলেই ৷ পৰাণ মাষ্টৰৰ ঘৰত লেমৰ চাৰিওফালে ঘেৰি-বহি ল’ৰা-ছোৱালী কেইটা আকৌ অংক লৈ ব্যস্ত হৈ পৰিছে ৷ তাৰ ছোৱালীৰ মাতটো ভাঁহি আহিল “আঠ দহ এক একাশী, আঠ দহ দুই বিৰাশী….” পৰাণে ল’ৰাকেইটাক পাঠ দি মাজে মাজে আহি দেউতাকক চাই যায় ৷ ল’ৰা-ছোৱালীকেইটাৰ পৰীক্ষাৱো পালেহি, দেউতাকৰ অৱস্থাটোৱো ভাল নহয়, এই সকলো মিলি তাৰ মনটোৱো বেয়া লাগি আহে ৷ কাঁহৰ কোবত তমালে ফোপাৱলৈ লাগিছে ৷ চকুযোৰ তেজ ৰঙা ৷ ল’ৰা-ছোৱালীকেইটাৰ পঢ়াৰ শব্দটো মাজে মাজে কাণত পৰিছেহি ৷ মূহুৰ্ত্তৰ বাবে সেই চিন্তাত তমাল ডুব যায় আৰু পিছমূহুৰ্ত্তত বিষত কেঁকাই উঠে ৷ মাজে মাজে যেতিয়া অলপ সকাহ পায় তেতিয়া দুই এটা হিবি জিবি কথা বিৰবিৰাই থাকে “পূৰণটো হ’ল আশা-লোভ-আনন্দ আৰু ভাগটো দু:খ-জ্বালা-কষ্ট .… দাদাৰ ল’ৰাকেইটা নাহিলদেখোন? খবৰ পোৱা নেকি? আৰু জোৱাই বোপাও…”
“হ’ব হ’ব এৰাচোন বেছি কথা নকৱা ৷”
“তাল মিছিৰিবোৰ আছে নে? নে অবশিষ্ট শূণ্য ৷”
“একক দুইৰে ভাগ কৰা” পৰাণৰ মাত ৷ তমাল বিভোল হ’ল ৷
“ভাগফল কিমান?” পৰাণে সুধিলে ৷
“শূণ্য” ল’ৰা-ছোৱালীবোৰে চিঞৰিলে ৷
“অবশিষ্ট কিমান?”
“এক”
“এই…টো শুদ্ধ হৈছে” তমালৰ চকুযোৰ উজ্জ্বল হৈ উঠিল আৰু এটা শান্তিৰ নিশ্বাস এৰিলে ৷
“হয় শুদ্ধ হৈছে ৷ তালমিছিৰি আছেনে”
“অৰ্থাৎ একক দুইৰে ভাগ কৰিব নোৱাৰি হয়নে?” পৰাণৰ মাত ৷
“নোৱাৰি, নোৱাৰি কোনোদিনেই নোৱাৰি” তমালে কৈ উঠিল ৷
“শুনিছানে? নোৱাৰি, নিয়মত নাই ৷ বেছ্”
“কিয়নো দুই একতকৈ ডাঙৰ সংখ্যা, সেই বাবে” পৰাণে ক’লে ৷
“নাই নহ’ল ৷ বৰ জানে ৷ পণ্ডিত হ’বলৈ ওলাইছে ৷ একতকৈ আৰু ডাঙৰ সংখ্যা আছেনে?” তমালৰ খং উঠিল ৷
তমাল শ্লোক আৰম্ভ কৰিলে “ঈশ্বৰ এক, আত্মা এক ৷ নৈনং দহতি পাবক:.. কুহুৰ কুহুৰ…”
“হ’ব হ’ব এৰাচোন” পাত্থৈয়ে ক’লে ৷
“…. নহ্যতে… কুহুৰ কুহুৰ… হন্যমানে শৰীৰে ৷৷” শ্লোক শেষ কৰোতে তমাল ঘামি উঠিল ৷ ডাঙৰ বোৱাৰীয়েকে ঘাম মছি দিলে ৷
সেই ঘৰত পৰাণে চিঞৰিলে “শুনা এতিয়া শিকাম এটা নতুন অধ্যায় ৷ এই অধ্যায়ত শিকিম এটা আধুনিক নিয়ম- দশমিক ভগ্নাংশ ৷ শুনিছানে?”
“হয় ছাৰ”
তমাল কাণ থিয় কৰি ৰ’ল ৷ পৰাণৰ মাতটো গুম গুমাই উঠিল “এই নিয়মত সৰু ডাঙৰ বুলি কথা নাই, শূন্য বাদ যিকোনো সংখ্যালৈ যিকোনো সংখ্যাকে হৰণ কৰিব পাৰি ৷ বুজিছানে?”
“নাই” তমালে খঙতে আৰু বেছিকে ফোঁপাবলৈ ধৰিলে ৷ তাৰ কাঁহটো বেছি হ’ল ৷ কাঁহি কাঁহি মানুহটো একেবাৰে কুঁজা হৈ গ’ল ৷ মূৰত উঠা তেজ চকুত গোট খালে ৷ চকুহাল তেজৰঙা হ’ল ৷ পাত্থৈ আৰু বোৱাৰীয়েকে একে লগে চিঞৰি উঠিল “হেৰা, মানুহজনৰ কিবা হ’ল, কিবা হ’ল ৷ পৰাণ…”
চিঞৰ শুনি পৰাণ একেজাপে দেউতাকৰ কাষ পালে আৰু পঢ়ি থকা ল’ৰা-ছোৱালীবোৰে আহি ঘৰৰ দুৱাৰ মুখত উবুৰি দি ধৰিল ৷
– ড০ স্মৃতি কুমাৰ সিংহ
অধ্যাপক, তেজপুৰ বিশ্ববিদ্যালয়
(মূল: বিষ্ণুপ্ৰিয়া মণিপুৰী
অসমীয়া অনুবাদ: ড০ অঞ্জন কুমাৰ ভট্টাচাৰ্য্য)