বিমূৰ্ত সপোন এটাই বাৰে বাৰে বিচাৰি ফুৰে
নিউটনৰ তৃতীয় সূত্ৰ ৷
তাইৰ দেহৰ ভাঁজত হেজাৰটা ভেকুলীৰ আৰ্তনাদ
“টু বি অৰ নট টু বি”ৰ মাজত আৱিস্কাৰ কৰে নিজক
নপানীত গাভৰু দেহে মনৰ জনক হিয়া দিছিল
হিয়াৰ জনক মন ৷
দলঙৰ শেলুৱৈবোৰে খুটিয়াই খুটিয়াই বিচাৰি
আনিছিল দুপৰৰ ভোক ৷
দৰিকণা মাছবোৰে লাজত মূৰ দোৱাইছিল
দেখি উষ্ম আলিংগন ৷
সাউদৰ ডিঙা দেখি উজাই আহিছিল
অস্পৃশ্য পদুম ৷
সৰু সৰু লতাবোৰত পাক খাই থকা
সপোনবোৰ সিহঁতে লৈ আহিছিল আশাৰে
এনেকৈ অংকুৰিত হয় তাইৰ দেহত উত্তৰ কালৰ
সোনোৱালী বীজ ৷
বহাগে শৰতে দি যায় উলহৰ ঢল ৷
তাইৰ হেঙুলী পাহিত নাছে সপোন ময়ুৰী ৷
তাইৰ গৰ্ভৰ দুৱাৰ খুলিল কি নুখুলিল
শৰতে বাগৰ সলালে কি নসলালে
চাৰিওফালে ঘেৰি ধৰিলে জ্বলন্ত উল্কাপিণ্ডৰ
আস্ফালন ৷
ক্ষত বিক্ষত সপোনে শুনে
কৰোবাত ভাহি উঠা বাঁহীৰ কৰুণ সুৰ
“মেৰে নেনা শ্বাৱোন ভাদো, কি
ফিৰ ভি মেৰে মন পিয়াছা ৷”
– মোবাইল : (৯৭০৬১২৯৪৯৫)
1 Comment
তাইৰ দেহৰ ভাঁজত হেজাৰটা ভেকুলীৰ আৰ্তনাদ
“টু বি অৰ নট টু বি”ৰ মাজত আৱিস্কাৰ কৰে নিজক
নপানীত গাভৰু দেহে মনৰ জনক হিয়া দিছিল
হিয়াৰ জনক মন ৷
………..
Nice one, specialy these four linesssss