এইটো খণ্ডত আমি ঢোপ খেলৰ বিষয়ে আলোচনা কৰিমহক ৷ এই খেলবিধ এতিয়াও সম্পূৰ্ণৰূপে লুপ্ত হৈ যোৱা নাই যদিও খেলুৱৈৰ সংখ্যা বহুখিনি কমি অহা পৰিলক্ষিত হৈছে ৷ সময়ৰ অভাৱেই হওক নাইবা ব্যক্তিগত সমস্যাই হওক; এনেধৰণৰ নানান অজুহাতে এই খেলবিধক অতি সোনকালে ইতিহাসত পৰিণত কৰিব বুলি ধাৰণা কৰিব পাৰি ৷
বাৰু, সৰ্বপ্ৰথমে এই খেলবিধৰ বাবে লাগতিয়াল যাৱতীয় খিনি তলত উল্লেখ কৰা ধৰণৰ —
১. অলপ বহল ঠাই (ঘূৰণীয়া হ’লে বেছি ভাল)
২. অতি কমেওঁ ১০ – ২০ জন মান খেলুৱৈ
নিয়ম :
১. এজন সদস্যক বাদ দি বাকি আটাইবোৰ ঘূৰণীয়া আকাৰত বহি লব লাগে
২. বহোতে নিজৰ মুখবোৰ কেন্দ্ৰৰ ফালে হৈ থাকিব লাগে
৩. বহি থকা প্ৰত্যেকেই নিজৰ নিজৰ চকু বন্ধ কৰি ৰখা উচিত
৪. যিজন সদস্যক বাদ দিয়া হৈছিল তেওঁ হাতত এটা কাপোৰৰ বল লৈ গোলকীয় আকাৰৰ বাহিৰত থিয় হৈ থাকিব
৫. কিছু সময় পিছত অকলশৰে থকাজনে বলটো হাতত লৈ সকলোৰে পিছে পিছে ঘুৰি থকিব আৰু এটা সময়ত তেওঁ হঠাৎ যিকোনো এজনৰ পিছফালে সেই বলটো থব
৬. থিক তাৰ পিছত সকলোৱে চকু মেলিব আৰু তেতিয়াই কব লাগিব যে কাৰ পিচফালে বলটো আছে
৭. যদি নামটো ক’ব পাৰে তেতিয়াহ’লে প্ৰথমতে দিয়াজনে আকৌ খেলৰ পুনৰাবৃত্তি কৰিব ৷ আৰু যদি নোৱাৰে তেতিয়াহলে যিজনৰ পিছত বলটো আছিল তেওঁ আকৌ খেলটো আৰম্ভ কৰিব ৷
সৰু ল’ৰা ছোৱালীৰ মাজত অতি জনপ্ৰিয় এই খেলবিধ সাধৰণতে মনোৰঞ্জনৰ এক উৎস আছিল ৷ কিন্তু দুখৰ কথা এই যে আজিৰ ব্যৱসায়িক যুগটোত এনেধৰণৰ খেলে নিজৰ জনপ্ৰিয়তা বজাই ৰখাত সক্ষম হোৱা নাই ৷ ইয়াৰ বাবে কিন্তু আজিৰ সমাজেই দায়ী ৷
– সংগ্ৰাহক
অলকেশ শৰ্মা
ৰঙিয়া, অসম