কবিতাৰ পংক্তি দৰেই উদয়ণ
নৱৰঙেৰে ৰঙীল
নৱ নৱ হেপাহঁৰ ঘৰ;
প্ৰয়াস এটি ৰসাল কবিতাৰ ৷
নীহাৰিকাৰ সদৃশেই উজ্জ্বল
দীপ্ত শিখাৰে উদ্দীপ্ত
মনৰ পোহৰ;
তীব্ৰতৰ হয় আশাৰ ভাস্কৰ ৷
মন আকাশত গিজ গিজ
শৰতৰ তৰালী
ইটোৰ পিছত সিটোৰ
ক্ৰমিক তিৰবিৰণি;
সন্তুষ্টিত সৰে হাতীপটি ৷
সময়, ক্ৰমবিকাশৰ সময়
নেতিবাচক কৃত্ৰিম বিকাশৰ;
মনৰ পোহৰ এতিয়া
অনাকাংশিত ভাস্কৰ ৷
– ঠিকনা: তেজপুৰ বিশ্ববিদ্যালয়