কবিৰাজ ককাৰ কথা (‘ক’ বৰ্ণৰ কাহিনী)

1

কুলিৰ কাকলিয়ে কুঁহিপাত কঁপালে

কাউৰীয়েও কা-কা কৰে,

কবিৰাজ ককাৰ কীৰ্তি কাহিনী ক’লে

কোনেবা কেনেকুৱা কৰে!

‘কবিৰাজ ককা’- কুলসীঘাটৰ কাষৰ কাঁহিকুছিৰ কমলাকান্ত কলিতা ৷ কাঁহিকুছিৰ কবিৰাজ ককাৰ কথাকেই কৈছোঁ – ‘কমলা কবিৰাজ’ ৷ কিযে কুন্দত কটা, কমনীয় কলেৱৰ কবিৰাজ ককাৰ ৷ কোনো কোনোৱে কয়- ‘কাঁহিকুছীয়া কবিৰাজ’৷ কিম্বদন্তি স্বৰূপ কবিৰাজ ককাৰ কীৰ্তি-কলাপৰ কথা কেৱল কুলসীঘাটতহে কিয়- কামৰূপৰ কেউদিশে কোৱা কুই কৰাটো কাণ কৰিবলগীয়া ৷ কিয়নো, কম্পিউটাৰ, কল-কাৰখানা, কাৰিকৰিৰ ক্ৰমোন্নতিৰ কালতো কবিৰাজ ককাৰ কৰ্মাদৰ্শই কাৰ্যত: কেউফালে ক্ৰিয়া কৰিছে ৷ কৃতবিদ্য ককাৰ কলাসুলভ কথা-কাহিনীয়েই কিজানি কাৰোবাৰ কাৰণে কৈশোৰ কুসুম কাননৰ কল্পিত কবিতা ৷

কাঁহিকুছিৰ কলিজাৰ কুটুম কুলসী! কুলসীৰ কাষে কাষে কোমল কঁহুৱানি ৷ কাতিৰ কুঁৱলীসনা কুলসীৰ কুলু কুলু কলৰৱেৰে কল্লোলিত কাঁহিকুছিক কোনে কয় কঙাল? কলিতা, কায়স্থ, কৈৱৰ্ত্ত, কুমাৰ, কোচ, কমাৰ, কছাৰীৰ কৰ্মভূমি কাঁহিকুছি ৷ কৃষিকৰ্মই কাঁহিকুছিবাসীৰ কাৰণে কৃচ্ছ্ৰসাধনা! কৃষ্ণ কৰুণাময়ৰ কৃপাধন্য কুলসীঘাট ৷ কাজেই কৃষক-কৰ্মচাৰী, কাৰিকৰ-কাৰবাৰী, কবিৰাজ, কাৰুশিল্পী, কুশীলৱ, কলাকৰ, ক্ৰীড়াবিদৰ কতজনে কীৰ্তিময় কৰিছিল কুলসীঘাট! কাঁহিকুছিৰেই কুলৰ কিৰীটি, কৰ্মনিষ্ঠ ‘কবিৰাজ ককা’৷

কোন কাহানিবাই কবিৰাজী কৰা ককাই কেইবাবছৰো ‘কামৰূপ কংগ্ৰেছ কমিটী’ৰ কৰ্ণধাৰ কৰ্মীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ কলিকতাৰ কংগ্ৰেছ কনফাৰেন্সৰ কালছোৱাতেই কুলসীঘাটৰ কবিৰাজ ককা, কেশৱ কলিতা, কলংপাৰৰ কালিকান্ত কটকী, কাজিৰঙাৰ কুলকমল কাকতী, কাশীনাথ কেওটে কু-শাসনৰ কবলত কাৰাবৰণ কৰিছিল ৷ ক্লেশ কৈৱল্যৰ কাৰণেই কবিৰাজ ককাৰ কাণসমনীয়া কৃষ্ণকিঙ্কৰ কলিতায়ো কায়মনোবাক্যে কষ্ট কৰিছিল ৷

কপাহী কাপোৰৰ কেন্দ্ৰস্থল কামৰূপতেই কলিকতা, কানপুৰৰ কংগ্ৰেছ কৰ্মীয়ে কপাহী কাপোৰ কিনিছিলহি ৷ কপাহী কাপোৰৰ কেঁচামাল কিছু কাঁহিকুছিৰো ৷ কাজেই কাপোৰৰ কাৰবাৰ কৰা কন্ঠিৰাম কলিতাৰ কৰ্ম-কুশলতাৰ কাৰণেইতো কলিকতাৰ কোনোবা কৰ্ণেলে কন্ঠিৰামক কৰমৰ্দন কৰিছিলহি ৷ কবিৰাজ ককা কেৱল কবিৰাজেইনে? কাহিনী কোৱাৰ কায়দা-কৌশলেৰে কুমুদ-কৰুণাহঁতক কত, কিমান যে কথা কৈছিল! কিশোৰ-কঙ্কণ, কন্দৰ্পহঁতেতো কাণথিয় কৰি ককাৰ কাঁথিতেই কটাইছিল কেতিয়াবা ৷ কৌটিল্য, কালিদাস, কবীৰ, কীটছৰ কথাতো ককাৰ কন্ঠস্থ ৷ কাশী, কন্যাকুমাৰী, কানাডা, কাশ্মীৰ, কানপুৰ, কলিকতাত ক’ত, কেইদিন, কেনেকৈনো কটাইছিলগৈ- ককাই কৈছিল ৷ কবিৰাজ ককাৰ কথন-ৰীতিও কিন্তু কৃত্ৰিমতাহীন ৷ কাঁহিকুছিৰ কীৰ্তনঘৰত কবিৰাজ ককাই কেতিয়াবা কৃষ্ণ-গীতা, কথা-ভাগৱত, কীৰ্তনাদিৰ কালজয়ী কাহিনীবোৰ কৈছিলগৈ ৷ ককাৰ কৃষ্ণভক্তিৰ কথানো কিমান ক’ম? কলি কালত কৃষ্ণনামৰো কিনো কুদৰত!

কাঁহিকুছিৰ কল্যাণ কামনা কৰিয়েই কবিৰাজ ককাই কৃতনিশ্চয়তাৰে কাম-কাজবোৰ কৰিছিল ৷ কেতিয়াবা কীৰ্তনঘৰক কেন্দ্ৰ কৰিয়েই কলেৰা, কৃমি, কাহ-কফ, কৌষ্ঠ-কাঠিন্য, কলাজ্বৰ, কুকুৰীকণা, কেঁচুমূৰীয়ানো কি, কেনেকুৱা – কৰণীয়ইবা কি কি, কবিৰাজ ককাই কাঁহিকুছিৰ কৃষক-কৰ্মীসৱক কৈছিল ৷ কৰ্কট কিম্বা কুষ্ঠৰোগৰ কিবাকিবি কৰ্মশালা-কেম্পেইনত ককাইনো কম কষ্ট কৰিছিলনে? কল্পনাতীত কৰ্তব্যনিষ্ঠা, কষ্টসহিষ্ণুতাৰে কোটিকলীয়া কু-সংস্কাৰ, কপট-কূৰ্চুট কাতি কৰি কাঁহিকুছিখনক কৰ্ম-সংস্কৃতিৰ কঠীয়াতলী কৰিবলৈকে কবিৰাজ ককাই কৰ্মপন্থা কৃতকাৰ্য কৰিছিল ৷ কিছুমান কংগ্ৰেছ বিৰোধী কুচক্ৰই কু-অভিসন্ধি, কূটনীতি কৰিবলৈকো কুচ-কাৱাজ কৰিছিল ৷ ককাৰ কাষতনো কেপকেপাব কোনে? কানিখোৱা কিম্বা কমিছনভোগী কালশতৰুৱে ককাহঁতক কেৰাণী, কুলীৰ কাম কৰিবলৈকে  কাবৌ কৰিছিলহি ৷ কিন্তু কুবুদ্ধিৰে কোনেনো কিটো কৰিব? কাণ কটা কংগ্ৰেছ বিৰোধীৰ কূট-কাৰছাজি, কেৰামতালিক কবিৰাজ ককাই কেৰেপ কৰিবনো কেলেই? ককাই কু-চক্ৰান্তকাৰীক কৰ্কশ-কটু কথাৰে ককৰ্থনাহে কৰিছিল ৷ কুলক্ষণীয়া কন্দল-কুমন্ত্ৰণাৰ কাষৰি কাটি কবিৰাজ ককাই কৰ্মনিষ্ঠাৰে কুলসীঘাটলৈ কঢ়িয়াইছিল কৌলীন্য- কৃষ্ণ কৰুণাময়ৰ কৃপাবৃষ্টি! কথাই কথাই কাঁহিকুছীয়াই কেতিয়াবা কয় “কমলা কবিৰাজৰ কৃপাতেই কুলসীপৰীয়াই কিছুখাল কটালে- কটাব ৷”

কেইবাদশকো কাল কবিৰাজ ককাহঁতে কুলসীঘাট-কাঁহিকুছিত কুশলে কটালে ৷ কিন্তু কালে কু-দৃষ্টি কৰিলে কোনেনো কি কৰিব? কালৰ কুলীশ-কঠোৰ কুটিলতাই কাঁহিকুছিকো কোঙা-কটঙা, কাহিল কৰিল ৷ কৰ্মবিমুখ কৰিলে কৃষক-কৰ্মচাৰী, কবিৰাজ-কাৰবাৰীকো ৷ ক্ৰূৰ কালাগ্নিত ককবকালে কুলসীঘাটৰ কণ্ঠিৰাম, কাশীনাথ, কানাই-কৃপাবৰহঁতে ৷ কুশাগ্ৰবুদ্ধিৰ কৰ্মবীৰ কবিৰাজ ককাও ক্লান্ত-ক্লিষ্ট! কালক্ৰমে কোনো কোনোৱে কৰ্মসংস্থাপনৰ কাৰণতেই ক’ৰবাৰ কোম্পানীত কেৰাণী, কুলীৰ কাম কৰিলেগৈ ৷ কোনোৱে কৰিলে কনিষ্টবল, কাৰপেণ্টাৰ কিম্বা কণ্ডাক্টৰৰ কাম ৷ কোনেনো কাঢ়িলে কটনা কটা কণ্ঠিৰামৰ কপাহী কাপোৰ! ক’ত কানাই, কালুৰামৰ কাচি-কোৰ-কুঠাৰ? কাঁহিকুছিৰ কাঠনিবাৰি, কঁহুৱা, কৰৱী, কৃষ্ণচূড়াইবা ক’ত! কেনিনো কৈশোৰৰ কুসুম কাননৰ কবিতা! কাল-কুহকিনীৰ কবলত কুঞ্ছিত, কৈশোৰৰ ক্ৰীড়াভূমি কুলসীঘাট ৷ কালৰূপী কৃতান্তই কাহানিবাই কাঢ়িলে কুলসীঘাটৰ কৰ্ম-কৃষ্টিৰ কীৰ্তিস্তম্ভ, কোহিনুৰ, কাঞ্চন- কণ্ঠহাৰ! কেউপিনে কেৱল কুলসীৰ কলিজা কঁপোৱা ক্ৰন্দন!!

কেৱল কুলসীঘাটহে কিয়? কামৰূপ, কাছাৰ, কোকৰাঝাৰ, কৰিমগঞ্জ- কেউদিশে কেঞাবনসদৃশ কু-সংস্কৃতি, কেলেঙ্কাৰী কিম্বা কোৱাভাতুৰীয়া কাৰ্য-কলাপে কপকপীয়াকৈ ক্ৰিয়া কৰিছে ৷ কৰ্তৃত্বহীনভাৱে কল-কাৰখানাবোৰে কলুষিত কৰিছে কুলসী, কলং, কৃষ্ণাই… ৷ কালৰাত্ৰিৰ কোলাত কামৰূপীয়া কলা-কৃষ্টি, কুটিৰ শিল্প! কোনে, কাক ক’ব কাৰ কৰুণ কাহিনী! কাল-কৃশানুৱে ক্ৰমশ: কাবু কৰিছে কাঁহিকুছিৰ ককাহঁতকো ৷ কৰ্মবিমুখিতাই কঙাল কৰিছে কৃষক-কাৰবাৰীসকলক ৷

কপাহী কাপোৰৰ কথাও কেৱল কিতাপ-কাকততহে ৷ কমলা-কুঁহিয়াৰ, কৰ্দ্দৈ-কুঁজি থেকেৰানো ক’ত কিমান? কলডিল-ক’লা কচু, কলমৌ-কাচকল, কেৰেলা কিম্বা কাঁহুদী-কলাখাৰৰ কাৰণে কোনে কেইজনে কষ্ট কৰে? কাহ-কফ, কলেৰাত কবিৰাজৰ কোৱাথেইবা কেলেই? ‘কলিতা কেবিন’ৰ কেক্-কচুৰি, কালাকন, কফি-ক’ল্ড ড্ৰিংকছহে কলিভোগ! কৃপণালি কিহৰ? কৃত্ৰিম কল্পনা-বিলাসে কুঠাৰাঘাত কৰিলে ককাৰ কৰ্মাদৰ্শত ৷ কলিকতীয়া কেপছুল কোম্পানীয়ে কাহানিবাই কবিৰাজ ককাৰ ক্লাছিকেল কাহিনীক কাৰাৰুদ্ধ কৰিলে ৷ কেউপিনে কেৱল কেৰোণ-কেণাহে ৷ কাল-ধুমুহাই কোবাইছেহি কোমলমতীয়া কিশোৰ-কিশোৰীহঁতকো ৷ কাকনো ক’বা কবিৰাজ ককাৰ কথা! কৰ্তব্যচ্যুত কিশোৰ-কিশোৰীহঁতেও কিতাপ-কাকতৰ কাষৰি কাটি কৰিছেগৈ কেৰাটে-কুংফুৰহে কচৰৎ ৷ কুকভা, কাবাদী কিম্বা কপাটিৰ কথা কোনে কয়? কেউদিশে কেৱল কাণ কলা কৰা কেছেট-কলগানৰ কোৰ্হাল-ক্ৰিকেট-কথাছবিৰ কাহিনী ৷ কুখাদ্য-কুপথ্যৰ কবলত কিশোৰ-কিশোৰীহঁতে কাণ্ডজ্ঞানহীনভাৱে কোবত কোবে কাল কটাইছে ৷

কটন কলেজৰ কমনৰূমত কিশোৰ-কঙ্কণৰে কথোপকথন ৷ কিবা কাৰণত কেমিষ্ট্ৰিৰ ক্লাছ কলেজ কৰ্তৃপক্ষই কেনচেল কৰিলত কিশোৰহঁতে কমনৰূমতে কোৰ্ছৰ কিবাকিবি কথা কৈ কিছুপৰ কটাইছেহি ৷ কাষৰ কোঠাত কুমুদ-কৰুণা, কাৰ্তিকহঁতে কিহবাৰ ক্লাছ কৰিছে ৷ কেনেবাকৈ কিশোৰহঁতে কাণ কৰিলে ৷ ক’ৰিডৰত কোনোবাইচোন কিশোৰহঁতৰ ককাকৰ কথা কোৱা-কুই কৰিছে ৷ কিৰিলিয়াইছে ৷ কিশোৰে কাৰোবাক ক’লেহি- ‘কথাটোনো কি? ক’বিনে? ক’চোন ক, ক ৷’ কথাটো কালি কোনোবাখন কাককত কুলসীঘাটৰ কথা ৷ …কিশোৰৰ ককাদেউতাৰ কমলাকান্ত কলিতাৰ কথা… ৷ কাঁহিকুছিৰ কবিৰাজ ককাৰেই কথা!!

– অবিনাশ কলিতা

 

Share.

About Author

1 Comment

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.