সত্তৰ দশকৰ পৰা নব্বৈ দশকৰ মাজভাগলৈ কণ কণ শিশুবোৰৰ মাজত এক জনপ্ৰিয় খেলত পৰিণত হোৱা এই খেল; “এদিম ছেদিম বা” ৷ অৱশ্যে খেলবিধৰ জনপ্ৰিয়তাৰ আৰত খেলবিধৰ নিয়মেই ঘাই কাৰণ বুলি ধৰিব পাৰি ৷ হাঁহিৰ খোৰাকৰ লেখিয়া এই খেলবিধো খেলুৱৈৰ লগতে দৰ্শকৰ মাজতো হাঁহিৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছিল ৷
নিয়মাৱলী…
এই খেলবিধৰ নিয়ম অলপ ব্যতিক্ৰমী ধৰণৰ ৷ খেলবিধ এক আমোদজনক বিনিময় প্ৰথাৰ ভিত্তিত গঢ় লৈ উঠিছে ৷ প্ৰয়োজনীয় উপাদেয় খিনি..
১. এখনি নিৰ্দিষ্ট ক্ষেত্ৰফলৰ ঠাই …
২. দুটা দল ৷ তাৰে এটাত দুজন আৰু আনটোত অতি কমেও দুজন ৷ আনটো দলত যিমানে বেছি হয় সিমানে খেলবিধ আমোদজনক হৈ উঠে ৷
৩. খেলুৱৈ সমূহ প্ৰায় একে বয়সৰ হোৱা উচিত ৷
বৰ্ণনা ….
খেলিবলগীয়া ঠাই খিনিক দুটা ভাগত বিভক্ত কৰিবলৈ মাজেৰে এডাল ৰেখা অংকন কৰি লোৱা হয় ৷ তাৰ পিছত দুয়োটা দলকে চিনটোৰ দুয়োফালে ঠিয় হব দিয়া হয় ৷ খেলটো আৰম্ভ হোৱাৰ পৰা শেষ হোৱালৈ দুয়োটি দলৰ প্ৰতি জন খেলুৱৈয়ে এজনে আনজনৰ কঁকালত ধৰি থকাটো প্ৰয়োজনীয় ৷ দুয়োটি দলে এখন এখন ৰেল গাড়ী সদৃশ আকৃতিত ঠিয় হোৱা উচিত ৷ দল দুটা চিনটোৰ পৰা সমান দূৰত্বত থাকিব লাগিব ৷ তাৰ পিছত দুটা খেলুৱৈ থকা দলটোৱে লাহে লাহে আগবাঢ়ি যাব লগিব বিপৰীত দলটোৰ ফালে; কিন্তু এইখিনিতে এইটো উল্লেখ কৰি থোৱাটো অতি আৱশ্যকীয় যে দুয়োটা দলে বিনাকাৰণত চিনটো পাৰ হ’ব নোৱাৰে ৷
খেলবিধৰ মূল উদ্দেশ্য হ’ল এটি দলে আনটো দলৰ ওচৰত কোনো বস্তুৰ আমদানীৰ নিবেদন জনোৱা ৷ নিয়মানুসৰি কম খেলুৱৈ থকা দলটিয়ে আনটো দলৰ ওচৰত আমদানীৰ বাবে আবেদন জনাব লাগে | ঠিক আবেদন জনোৱাৰ পিছত আনটো দলে তেনে আবেদন গ্ৰাহ্য কৰি ৰপ্তানি পদ্ধতি সম্পন্ন কৰে ৷
এতিয়া মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ল এই বিনিময় প্ৰথা ৷ কাৰণ এই আমদানি বা ৰপ্তানী হয় কিছু সুৰসম্পন্ন গীতৰ মাজেৰে ৷ কণ কণ শিশুৰ কুমলীয়া কণ্ঠত এই গীতবোৰ আৰু অধিক ৰসাল আৰু শ্ৰুতিমধুৰ হৈ পৰিছিল ৷ এক কথাত কব গ’লে খেলবিধৰ বিষয়বস্তু যদিও এক সাধাৰণ “আদান-প্ৰদান” আছিল কিন্তু শিশু বোৰৰ কণ্ঠত ফুটি উঠা গীতবোৰে খেলটিক এক উচ্চপৰ্যায়ৰ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল ৷
এতিয়া ধৰাহ’ল; কম খেলুৱৈ থকা দল হ’ল “ক” আৰু আনটো “খ” ৷ গতিকে নিয়মানুসৰি প্ৰথমে ক দলে ৰেলগাড়ীৰ আকৃতিত আহিব খ দলৰ ফালে আৰু ক দলে সুৰীয়া ভাৱে ব্যক্ত কৰিব এনেদৰে …
ক দল :- “ ৰজাই হুকুম দিছে এদিম ছেদিম বা ” !!!
ঠিক ইয়াৰ পিছত খ দলে উত্তৰ দিব …
খ দল :- “ কি হুকুম দিছে এদিম ছেদিম বা ? ”
আৰু এনেদৰে আগবাঢ়ি গৈ থাকিব ……
ক দল :- “ মাইনা নামৰ এজনি ছোৱালী লাগে এদিম ছেদিম বা ” ( ইয়াত ছোৱালী জনীৰ নাম আনটো দলত উপস্থিত থকা যিকোনো হব পাৰে আৰু যিকোনো ধৰণৰ খেলুৱৈসুলভ দাবী উত্থাপিত হব পাৰে )
খ দল :- (মাইনাক লৈ আনি) “মাইনা তুমি যোৱাগৈ ঘৰ পাতি আহাগৈ”
ইয়াৰ পিছত ক দলত খেলুৱৈৰ সংখ্যা বাঢ়িল ৷ এতিয়া ক দলটোৱে আন এজন/এজনী ৰ বাবে খ দলৰ ওচৰত আবেদন জনাব ৷ আকৌ আগৰ দৰেই আৰম্ভ হ’ব আৰু এনেকৈয়ে ক দলৰ খেলুৱৈৰ সংখ্যা বাঢ়ি গৈ থাকিব আৰু তেতিয়ালৈকে খেলখন চলিব যেতিয়ালৈকে বিপৰীত দলত খেলুৱৈৰ সংখ্যা এজনো থাকি নাযায় ৷ তাৰ পিছত খেলখনত প্ৰথমটো ভাগ শেষ হোৱা বুলি কব পাৰি ৷ পিছৰ ভাগ আকৌ আৰম্ভ কৰিব ইচ্ছা কৰিলে ওপৰত উল্লেখ কৰা ধৰণেৰে খেলখন পৰিচালনা কৰিব লাগিব ৷
সামৰণি …
এনেধৰণৰ ব্যতিক্ৰমি খেল এতিয়াও বহু ভিতৰুৱা অঞ্চলত দেখা যায় যদিও আজিৰ ব্যস্ত জীৱনবোৰত ঘটা সময়ৰ অভাৱেই ইয়াক প্ৰায় অচিনাকি কৰি পেলাইছে ৷ সাধাৰণ জীৱনধাৰাৰ পৰা নোহোৱা হৈ গৈছে এইবিধ খেল; কিন্তু আমি যেন অন্ধ ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যাক যমকতাত ডুৱ গৈ দেখা নোপোৱা হৈছো নিজৰ মাটিৰে পৰা বিলুপ্ত হোৱা বহুতো ঐতিহ্যৰ নিৰ্মম মৃত্যু ৷
( উক্ত খেল বিধৰ বাবে সবিশেষ জনোৱাৰ বাবে ৰঙিয়াৰ দিপীকা ভট্টচাৰ্য্য মহোদয়ালৈ “সন্ধান- এক নতুন দিগন্তৰ” তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো )