গোদাধৰ নে চম্পাৱতীৰ তীৰত বাৰিষাৰ কাবাদী
কিমান খেল অহল্যা ?
নৈপৰীয়া বতাহৰ ক্ষন্তেকীয়া যৌৱন
জুৰুলা কৰিব তোৰ গধুৰ বয়সক
পশ্চিমলে ভটিয়াবও নালাগে আৰু
তোৰ দৰা উজনিত
উজাই আহ,উজাই আহ
অভিশপ্ত অহল্যা,উজাই আহ ৷
বৰষুণৰ ৰাতি তই নামনিৰ নিমখীয়া কবিতা
বহুদিনৰ ।
আজি উজনিৰ পংকজকান্তি প্ৰেয়সী হ’বিগৈ যা
বানৰ চাউল চবোৱা তোৰ আধাভগা দুৰ্বল দাঁত
কমবয়সীয়া ৷
ভোগালীৰ প্ৰথম জলপান খাওঁতে দেহত মাৰিব পাৰে
চেৰেংকৈ বিজুলী,
তই সহজ হ’বি
মাঘৰ বিহুৰ উৰুকা ৰাতি যদি আহে ধুমুহা বতাহ
নতুন শেতেলিত টোপনি আহিবনে অহল্যা ?
তিনিপৰ ৰাতি আহিলেও টৌপনি
সপোনত পাৱ যদি দেখা –
তোৰ দুৰ্গম বাসভূমিৰ উমান ল’বলৈ সম্প্ৰতি নাই
দশৰথী;
যদি হাবিয়াহ জাগে নামনিৰ আহুকাললৈ
ভাইটিৰ উটি যোৱা কুঁহিপাত
বাইটিৰ অথলে যোৱা যৌৱন;
পিতাইৰ উজাগৰী ভাৱনা,লোঘণীয়া পেট;
আৰু আইৰ আচলৰ আচুতীয়া চকুপানীৰ আশ্ৰয়ত
পোৱা যেন লাগে যদি শান্তিৰ গোন্ধ ?
শিতানত গুজি ল’বি বগা সৰিয়হ একণ
নাহিবলে অমংগলীয়া সপোন
এনিশা উপবাসে উচুপিবি
উষা কোনোবা উচ্চ টিঙত আগতীয়াকৈ তিতিবি
বসন্তৰ বৰষুণত
সলাবলৈ জীৱনৰ সুৰ
নাচিবলৈ আভিজাত্যৰ একুৰিয়ামত
তই পাৰিবিনে অহল্যা ??