প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী তাৰিখে “আন্তৰ্জাতিক মাতৃভাষা দিৱস” পালন কৰা হয়৷ প্ৰথম দৃষ্টিত চাবলৈ গ’লে “মাতৃভাষা”ৰ কাৰণে এটা দিৱসৰ উদ্যাপনৰ প্ৰয়োজনীয়তা প্ৰশ্নবোধক হৈ পৰে৷
ক) নিজৰ মাতৃভাষাৰ বহুল প্ৰচলনৰ কাৰণে এই দিৱস?
খ) নিজৰ মাতৃভাষাৰ সংৰক্ষণৰ কাৰণে এই দিৱস?
গ) নিজৰ মাতৃভাষাৰ স্বকীয়তাৰ স্বীকৃতিৰ কাৰণে এই দিৱস?
আন ভাষাৰ কথা নাজানো পিছে মোৰ মাতৃভাষা “অসমীয়া”ৰ ক্ষেত্ৰত উপৰোক্ত তিনিওটা কথাই প্ৰযোজ্য হয় বুলি মই ভাবো আৰু সেয়ে আমি এই দিৱস পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি মই ভাবো৷
অসমীয়া ভাষাৰ প্ৰচলন কি লোপ পাই আহিছে নেকি? হয়, আমি বিশ্বব্যাপী ইংৰাজী ভাষাৰ আধিপত্য দেখি এই ভাষাটোৰ অতিকে গুণমুগ্ধ হৈ পৰিলো ইংৰাজী বেছি ভালকৈ শিকাৰ স্বাৰ্থত অসমীয়া ভাষা শিকাৰ বাবে প্ৰয়োজনীয় সময়কণ চান কাঢ়িবলৈ ধৰিলো৷ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতো ইংৰাজী ভাষা বেছি ভালকৈ শিকিবৰ বাবে মাতৃভাষাক আওহেলা কৰিবলৈ উদগণি যোগোৱা হ’ল৷ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষা ভালদৰে বিজ্ঞানসন্মতভাবে শিকোৱাৰ ব্যৱস্থা নোলোৱাৰ বাবে অভিভাৱকসকলে নিজৰ ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হ’ল৷ অৱশ্যে ইয়াৰ ব্যতিক্ৰম আছে৷ নতুন প্ৰজন্মৰ বহুতে এইদৰেই নিজৰ মাতৃভাষাৰ পৰা কিছু দূৰলৈ গুচি আহিল৷ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা বহুতকে অসমীয়া লিখা দূৰৰে কথা পঢ়িবলৈ অক্ষম হোৱাও দেখা গৈছে৷ ইংৰাজী ভাষা শিকাটো অতীৱ প্ৰয়োজনীয় বুলি ভাবো যদিও ইংৰাজীত পাকৈত হ’বলৈ গৈ নিজৰ মাতৃভাষাক দূৰলৈ ঠেলি দিয়াতো মুঠেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷
অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষা ভালদৰে লিখিবলৈ আৰু ক’বলৈ শিকোৱাৰ ব্যৱস্থা কৰাব লাগে৷ অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে যাতে শুদ্ধ উচ্চাৰণেৰে ইংৰাজী ক’বলৈ সক্ষম হৈ উঠে তাৰবাবে বিদ্যালয়সমূহত বিশেষ “ইংৰাজী কথনৰ প্ৰশিক্ষণ”ৰ ব্যৱস্থা হাতত ল’লে মই ভাবো কেৱল ভাল ইংৰাজী ক’বলৈ শিকাৰ বাবেই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ঢাপলি মেলাটো কিছুপৰিমাণে কমিব৷ লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো যাতে মাতৃভাষাক গুৰুত্ব দিবলৈ শিকোৱা হয় তাৰ প্ৰতি চকু ৰখাৰ ব্যৱস্থা হোৱা উচিত৷
আমাৰ মাতৃভাষা অসমীয়া কি এসময়ত লুপ্ত হৈ যাব নেকি? আমাৰ আবেগে আমাক তেনে এটা অমঙ্গলীয়া কথা ভাবিবলৈ নিদিয়ে৷ কিন্তু যি হাৰত অসমীয়া ভাষা প্ৰদূষিত হ’ব ধৰিছে, মনে কয় এদিন হয়তো বিশুদ্ধ অসমীয়া ভাষা শুনিবলৈ পোৱাটো সৌভাগ্যৰ কথা হিচাপেহে বিবেচিত হ’বগৈ৷ আমাৰ মাতৃভাষালৈ নিত্য নতুন বাৰে-ভচহু তথা বিজতৰীয়া শব্দৰ আমদানি; বাতৰি কাকত, আলোচনী সমূহতেই বাৰেকুৰি বানান তথা ব্যাকৰণৰ ভুলৰ প্ৰাদূৰ্ভাৱ; হিন্দী আৰু ইংৰাজী বিজ্ঞাপনৰ বিকৃত আৰু ঘৃণনীয় অসমীয়া অনুবাদে এই কথাৰেই আগজাননী দিয়ে বুলি ভাবিবলৈ বাধ্য হৈছো৷ আমি সকলো পৰ্য্যায়তে সচেতন হ’লেহে এনে প্ৰদূষণ ৰোধ কৰিব পৰা হ’ব৷ তাৰবাবে কেৱল চৰকাৰৰ মুখলৈ চাই থাকিলে নহ’ব, প্ৰতিজন নাগৰিকেই সচেতন হ’ব লাগিব৷ বাতৰি কাকত, আলোচনী, বিজ্ঞাপন সংস্থা সমূহে আগভাগ ল’বই লাগিব কিয়নো তেওঁলোকৰ দ্বায়িত্বশীল কৰ্মই সমাজত সচেতনতা বৃদ্ধি কৰাত অণুঘটকৰ কাম কৰিব৷
আমাৰ মাতৃভাষাৰ বিশুদ্ধৰূপ বৰ্তাই ৰখাত “মাতৃভাষা দিৱস” উদ্যাপন কৰাতো লাভদায়ক হ’ব বুলি ভাবো৷
অসমীয়াক আকৌ কিহৰ স্বীকৃতি লাগে? আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম৷ আমাৰ মাতৃভাষাত ইমান কিতাপ পুথি প্ৰকাশ হৈছে, আমাৰ মাতৃভাষাৰ শব্দ ভঁৰাল ইমান টনকিয়াল যে আমি আচলতে লোকক শব্দ ধাৰলৈহে দিব পাৰো৷ তাতে লিখিবলৈ আমাৰ নিজৰ এটা লিপি আছে৷ হয় আমাৰ নিজাকৈ লিপি এটা আছে কিন্তু লিপিটোৰ স্বকীয়তাক ইণ্টাৰনেট বিশ্বত স্বীকৃতি দিব লগা মহলে (Unicode Consortium) স্বীকৃতিহে দিয়া নাই৷ আমি ইংৰাজী ভাষাৰ বিশ্বব্যাপকতাত মুগ্ধ হৈ থাকোতে নিজৰ ভাষাটোকো যে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলাব লাগে তাক পাহৰিয়েই থাকিলো৷ আজিৰ প্ৰযুক্তিৰ পৃথিবীত আমাৰ মাতৃভাষাক পৰিচিত কৰাবলৈ হ’লেযে আমাৰ লিপিটোক এক সুকীয়া স্বীকৃতিৰ প্ৰয়োজন তাক বৰ দেৰিকৈহে উপলব্ধি কৰা হ’ল৷ সময়ৰ শৰ সময়ত নমৰা বাবে এতিয়া আমাৰ লিপিটোক আন্তৰ্জাতিক দৰবাৰত এক মান্য স্বীকৃতি দিয়াবলৈ বেছি কষ্ট কৰিব লগীয়া হৈছে আৰু তাকো কৰিবলগীয়া হৈছে মুষ্টিমেয় কেইগৰাকীমান অসমীয়া ভাষাপ্ৰেমী লোকে৷
এই নীৰৱকৰ্মী, প্ৰচাৰবিমুখ ভাষাকৰ্মীসকলক সহায় কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগে আৰু মই সাংঘাতিক আশাবাদী যে এদিন আমাৰ লিপিটোৱে বিশ্বৰ দৰবাৰত স্বকীয় স্থান পোৱাই নহয়, সময়ত প্ৰতিটো ছফ্টৱেৰ, প্ৰতিটো ইলেক্ট্ৰনিক গেজেটতে অসমীয়া ভাষা এক অভিন্ন অঙ্গ হৈ উঠিব৷
মৃদুল কুমাৰ শৰ্মা
ইটানগৰ
মবাইল: ৯৪৩৫১০৫৮৮৮
www.mridulkumar.com