(পুৰণি সংখ্যা)
সন্ধান: ছাৰ, অক্সফ’ৰ্ড বা অন্য ইউৰোপীয় বিশ্ববিদ্যালয় সমূহৰ কৰ্ম-পদ্ধতি আৰু আমাৰ বিশ্ববিদ্যালয় সমূহৰ কৰ্ম-পদ্ধতিৰ বহু দিশত পাৰ্থক্য দেখা যায়৷ এই বিষয়ে অলপ বহলাই ক’ব নেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: তাত নিয়ম-কানুনবোৰ আচলতে বহুত কমাই দিয়া হয়৷ ফলত পঢ়া-শুনা বা গৱেষণাত বেছি সময় ব্যয় কৰিব পৰা হয়৷ বহুত সময়ত এনেকুৱা হয় যে তেওঁলোকে ঘৰৰ সকলো সা-সুবিধা দিয়ে৷ উদাহৰণ স্বৰূপে, মই যেতিয়া তাত গৱেষক ছাত্ৰ হিচাপে আছিলো, তেতিয়া তিনি-চাৰি জনৰ মাজত একো একোটা ৱাশ্বিং মেছিন থাকে৷ ওচৰত য’তে ত’তে স্নেক্সৰ বাবে মেছিন থাকে৷ গতিকে ৰাতি পঢ়াৰ মাজত চাহ একাপ খাও বুলিলেও কোনো অসুবিধা নাই৷ লাইব্ৰেৰি ২৪ ঘন্টাই খোলা থাকে আৰু আমাক প্ৰত্যেককে একোটা চাবি দি দিয়ে, যিকোনো মানুহে চাবিটো লৈ লাইব্ৰেৰিলৈ যাব পাৰে৷ সেইখিনি সময়ত কিতাপো লৈ আনিব পাৰে, কেৱল কিতাপখন অনা বুলি লিখি থৈ আহিলেই হ’ল৷ তাত দেখিছিলো যে কেতিয়াও কিতাপ হেৰুওৱাৰ কোনো উদাহৰণ নাই আৰু যেতিয়াই তাত কিবা বিশেষ বক্তৃতাৰ আয়োজন হয়, ছাত্ৰ-ছাত্ৰীসকলে কেৱল জাননীখন পঢ়িয়েই বক্তৃতালৈ যায়৷ গতিকে তাত পঢ়া-শুনাৰ এটা পৰিবেশ থাকে, সকলো সময়তে নতুন কথা জনাৰ প্ৰতি আগ্ৰহ হয়৷ সেইবাবে বোধকৰো তেওঁলোক আমাৰ ইয়াৰ বিশ্ববিদ্যালয়সমূহতকৈ অলপ আগবঢ়া ৷
সন্ধান: ছাৰ, পাঠ্যক্ৰম সম্পৰ্কে কি কয়?
অমৰজ্যোতি চৌধুৰী ছাৰ: মইতো এতিয়া বহু দিনৰ আগৰ কথা কৈছো৷ তালৈ যোৱাৰ আগত মই কিছুদিন দিল্লী বিশ্ববিদ্যালয়ত পঢ়ি যোৱা, তাৰ পিছত আই আই টি মাদ্ৰাছত কিছুদিনৰ বাবে গৱেষণা কৰিছিলো৷ গতিকে যদি সেইখিনি অভিজ্ঞতাক চাওঁ, তাৰ পাঠ্যক্ৰমত বহুতো নতুন কথা সুমুৱাই দিয়া হৈছিল৷ নতুন কথা মানে সেইখিনি সময়ত লেজাৰ আহিছিল, আমাৰ গৱেষণাৰ সময়ত ব্যক্তিগত কম্পিউটাৰ (PC : Personal Computer) অহা নাছিল, পাঞ্চ-কাৰ্ড সুমুৱা ডাঙৰ কম্পিউটাৰ আছিল৷ কিন্তু তেতিয়াই আমি এনেকুৱা ধৰণৰ বক্তৃতা শুনিছিলো যে টেবুলৰ ওপৰত থব পৰা কম্পিউটাৰ আহিব৷ গতিকে, আগন্তুক দিনত কি হ’ব সেই ছবিখন তেতিয়াই বিশ্ববিদ্যালয়ৰ মজিয়া আমি দেখিবলৈ পাইছিলো৷ এইটো এটা ডাঙৰ কথা৷
সন্ধান: ছাৰ, এই পাৰ্থক্যখিনিৰ বাবে কোন দায়ী বুলি ভাৱে? আমাৰ সমাজ, পাঠ্যক্ৰম নে আন কিবা …?
অমৰজ্যোতি চৌধুৰী ছাৰ: দায়ী বুলি নহয়৷ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ কথা ভাবিলে, সেই বিশ্ববিদ্যালয় কিমান শ বছৰ আগতে প্ৰতিষ্ঠা হোৱা। লাহে লাহে পঢ়া-শুনা কৰা ভাল পৰম্পৰা গঢ় লৈছে৷ আমাৰ ইয়াতো তেনেকুৱা গঢ় ল’বলৈ হয়তো সময় ল’ব৷ কিন্তু আমাৰ এটাই দুখ লাগে যে ভাৰতবৰ্ষৰ বহুকেইখন বিশ্ববিদ্যালয় গঢ় লৈ উঠাৰ পিছত লাহে লাহে তাৰ অৱৰোহণহে হৈছে, আৰোহণ হোৱা নাই৷ অন্তত: যদি নিজৰ থকা ঠাইতে থাকে বা ওপৰলৈ যায়, তেতিয়া সেইটো নিশ্চয় ভাল খবৰ৷
সন্ধান: কৰ্মব্যস্ততাৰ ক্ষেত্ৰতো পাৰ্থক্য দেখা যায়৷ এই সম্পৰ্কে কি কয়?
অমৰজ্যোতি চৌধুৰী ছাৰ: কৰ্মব্যস্ততা আছে, কিন্তু তাৰ লগে লগে নতুন চিন্তা কৰাৰ কাৰণে বহুত সময় থাকে৷ মোৰ মতে, নতুন চিন্তাহে আটাইতকৈ ডাঙৰ কথা৷ বিশ্ববিদ্যালয় এখনত যে যিকোনো সময়ত পঢ়ি থাকিব লাগিব সেইটো নহয়, নতুন কথা কি আনিব পাৰিছে৷ মোৰ এটা কথা চকুত ধৰা পৰিছে যে, যোৱা তিনিটা দশকত ভাৰতবৰ্ষত কোনো ক্ষেত্ৰতে একেবাৰে নতুন কথাৰ গৱেষণা হোৱা নাই৷ কাৰোবাৰ কৰি লোৱাৰ পিছত গৱেষণা কৰিছে সেইটো কোৱা নাই৷ অথচ পৃথিৱীৰ এক-পঞ্চমাংশতকৈ বেছি মানুহ ভাৰতবৰ্ষৰ৷ আৰু আৰম্ভনিতে আমাৰ বেদ-উপনিষদৰ দৰে নতুন চিন্তা কৰাৰ পৰম্পৰাও আছিল৷ গতিকে সেইবিলাক সকলো থকা স্বত্তেও কিয় এতিয়া আমি এইটো স্তৰলৈ আহিছোঁ, সেইটোৱে মোক বিহ্বল কৰে৷
সন্ধান: ছাৰ, আৰু এটা কথা দেখিবলৈ পাইছোঁ যে, ধৰক অসমৰ কথাই কব খুজিছোঁ, এজন ভাৰতীয় নাগৰিকে ইউৰোপীয় বা পশ্চিমীয় বিশ্ববিদ্যালয় এখনত গৈ তেওঁলোকে ভাল কাম কৰা দেখা যায়, কিন্তু আকৌ ইয়ালৈ আহি নিষ্ক্ৰিয় হয়৷ তাৰ কাৰণ কি বুলি ভাৱে?
অমৰজ্যোতি চৌধুৰী ছাৰ: বহুত সময়ত পৰিৱেশেও কিছু পৰিমাণে তেনেকুৱা কৰিবলৈ বাধ্য কৰায়৷ বহুসময়ত ইয়াত নতুন কাম কৰিবলৈ ইমান মেৰ পেছ আছে, যাক ৰঙা ফিটাৰ মেৰপাক বুলিব পাৰি৷ বহুতে কয় যে এইটো বৃটিছসকলে ইয়াত আৰম্ভ কৰিছিল, কিন্তু মই তেওঁলোকৰ তাত গৈ এইটো নেদেখিলো৷ তাত যেতিয়ালৈকে মোৰ গৱেষণা প্ৰায় শেষ হ’বৰ হয়, তেতিয়ালৈকে এদিনো মই তাৰ উপাচাৰ্য্য গৰাকী নেদেখিলোঁ৷ তেতিয়া মই ভাবিলো যে তেখেতক এবাৰ চাই যাওঁ৷ সেইবাবে মই তেখেতক জনালোঁ যে, মই তেখেতক লগ কৰিব খুজিছোঁ। এটা সময়ত তেখেতে মোক লগ কৰিবলৈ অনুমতি দিলে৷ মই তেখেতৰ কোঠাত সোমালোঁ৷ দেখিলোঁ, তেখেতৰ টেবুলত কোনো ফাইল নাই, মই অলপ আচৰিত হ’লোঁ৷
তেখেতে মোক সুধিলে – কিয় মোক লগ কৰিবলৈ আহিছা?
মই ক’লোঁ-“আমাৰ বিশ্ববিদ্যালয়বিলাকত উপাচাৰ্য্যগৰাকীক বহু সময়ত দেখো; মই ইয়াত (অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত) তিনিবছৰ থাকিলো, কিন্তু এদিনো আপোনাক দেখা নাই৷ মানুহে মোক সুধিব তাত৷ সেইকাৰণে আপোনাক চাই যাবলৈ আহিছোঁ৷”
তেওঁ ক’লে – “উপাচাৰ্য্যতো সিমান ডাঙৰ কথা নহয়৷ অধ্যাপকসকলৰ জৰিয়তেহে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়খন বেছি জনাজাত৷ ফাইলৰ কাম-কাজো আমাৰ প্ৰায় নাথাকেই, সকলো কথা মুখেৰেই হয়৷ ফোনতেই হৈ যায়৷ কেৱল সিদ্ধান্তবোৰ যেতিয়া লওঁ, তেতিয়া লিপিবদ্ধ কৰি থওঁ৷”
সন্ধান: ছাৰ, এইখিনিতে আমি আপোনাৰ কৰ্মজীৱনলৈ আহো৷ আপুনি ১৯৯৪-১৯৯৭ চনৰ কালছোৱাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অণুবিজ্ঞান বিভাগৰ (Department of Electronics) প্ৰতিষ্ঠাপক অধ্যাপক; ১৯৯৭-২০০৬ চনলৈ তেজপুৰ বিশ্ববিদ্যালয়ত; ২০০৬-২০০৮ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্য্য আৰু ২০০৮ চনৰ পৰা বৰ্তমানলৈ তেজপুৰ বিশ্ববিদ্যালয়ত আছে৷ এই দুইখন বিশ্ববিদ্যালয় সম্পৰ্কে কি কয়?
অমৰজ্যোতি চৌধুৰী ছাৰ: এনেয়ে যদি কোনখন বিশ্ববিদ্যালয়ে অসমৰ মানুহক শক্তি দিছে বুলি সোধা যায়, তেতিয়া হ’লে সেইটো নি:সন্দেহে গুৱাহাটী বিশ্ববিদ্যালয়৷ অসমৰ মানুহক শক্তি দিছে বুলি এই কাৰণেই কওঁ যে, ইয়াৰ যিখিনি দুখীয়া ছাত্ৰ-ছাত্ৰী, সেইখিনিকো গঢ় দি এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰিছে , তেওঁলোকক অৰ্থনৈতিক ভাৱে সবল কৰিছে, সাংস্কৃতিক আৰু বৌদ্ধিকভাৱেও সবল কৰিছে৷ গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱদান মই ভাবো সবাতোকৈ বেছি৷ তাৰ কিছু পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়৷ গতিকে এইদুখন বিশ্ববিদ্যালয়ৰ অসমৰ জনগণৰ প্ৰতি বৰঙণি অত্যন্ত বেছি৷ এতিয়া আমাৰ তেজপুৰ বিশ্ববিদ্যালয় নতুনকৈ আহিছে৷ নতুনকৈ আহিলেও নতুন পৰম্পৰাৰ সৃষ্টি কৰিছে, কৰ্মসংস্কৃতিৰ সৃষ্টি কৰিছে৷ এনেকুৱা ধৰণৰ সা-সুবিধা দিছে য’ত এতিয়া আমি ইয়াৰে (তেজপুৰ বিশ্ববিদ্যালয়) ষ্টুডিঅ’তে সাক্ষাৎকাৰ ল’ব পৰা হৈছোঁ৷ গতিকে আশা ৰাখিছোঁ যে ইয়াত আৰু নতুন পৰম্পৰাৰ সৃষ্টি হ’ব য’ত আমাৰ জনজীৱনক সমৃদ্ধিশালী কৰাত বহুত বাট থাকিব৷ বিশেষকৈ অসমৰ মানুহৰ লগত আমাৰ বিশ্ববিদ্যালয়ৰ যিটো সম্পৰ্ক, যেতিয়া এই সম্পৰ্কৰ দ্বাৰা তেওঁলোকৰ জীৱনক সুখ-সমৃদ্ধ কৰিব পৰা অৱস্থাত উপনীত হ’ব, তেতিয়া মই ভাবো তেজপুৰ বিশ্ববিদ্যালয়েও ইয়াৰ স্বীকৃতি পাব৷ অৱশ্যে ক্ৰমান্বয়ে সেইটো দিশত যোৱা বুলি মোৰ অনুভৱ হৈছে৷ কিন্তু এতিয়াও বহুত কৰিবলগীয়া আছে৷
সন্ধান: ছাৰ, আপোনাৰ কৰ্মজীৱনৰ এটা স্মৰণীয় অভিজ্ঞতাৰ কথা ক’ব নেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: মই তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত আছিলোঁ৷ তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত টকা-পইছাৰ বহুতো নাটনি হৈছিল৷ বিশেষকৈ ছাত্ৰাবাসবোৰৰ বহুত বেয়া অৱস্থা হৈছিল আৰু উপাচাৰ্য্য হিচাপে মই একো কৰিব পৰা নাছিলোঁ৷ মইটো ভাবো যে ছাত্ৰ-ছাত্ৰীসকলে মোক যেন দয়া-মৰম কৰিহে ৰাখিছিল৷ কাৰণ এজন উপাচাৰ্য্যই যদি একো কৰিব নোৱাৰে, তেওঁক আচলতে বিদায় দিয়াহে উচিত৷ সেইটো ডাঙৰ কথা নহয়৷ কথা হ’ল তেতিয়া মই অসমৰ জনসাধাৰণলৈ আবেদন জনাইছিলোঁ যে যদি পাৰে, আপোনালোকে এইখন বিশ্ববিদ্যালয়ক অলপ সাহায্য কৰক৷ বহুতো মানুহে সহায় কৰিছিল৷ …. মই গুৱাহাটীৰ উজানবজাৰত থাকোঁ৷ উজানবজাৰত এগৰাকী মহিলা আছে, তেওঁ পাচলি বিক্ৰী কৰে৷ আমি আটায়ে তেওঁক পেহী বুলি মাতো৷ বয়সত মোতকৈ ছাগে সৰু, কিন্তু সকলোৱে মাতে যেতিয়া মইও মাতো৷ মোক কিন্তু তেওঁ সৰু ল’ৰাৰ নিচিনাকৈ বাপা বুলি মাতে৷ তেওঁৰ পৰা মই লাও, ভেন্দি এইবোৰ কিনো৷ এদিন তেওঁৰ ওচৰলৈ যাওতে ক’লে বাপা, তোৰ কাৰণে কিবা অলপ থৈছোঁ৷ মই ভাবিলোঁ ভেন্দি বা লাও কিবা এনেকুৱা হ’ব৷ কিন্তু যেতিয়া যাব ওলালো, তেওঁক ক’লো কি থৈছা দিয়া৷ তেতিয়া তেওঁ তলৰ পৰা ৰঙা কাপোৰেৰে মেৰোৱা কিবা এটা উলিয়াই হাতত দিলে৷ মই ভাবি আছিলোঁ ভেন্দি বা লাও আছে, মই সুধিলোঁ কিমান৷ কিন্তু চুই চাই দেখিছো এইটোটো ভেন্দি নহয়৷ মই সুধিলোঁ কি দিছা এইবোৰ৷ ক’লে তই পইছা খুজিছিলি নহয়, অলপ পইছা দিছোঁ৷ এই মহিলা গৰাকীৰ কোনো ল’ৰা-ছোৱালী বিশ্ববিদ্যালয়ত পঢ়া নাই৷ তেওঁ বিশ্ববিদ্যালয় দেখিছে নে নাই মই নাজানোঁ৷ কিন্তু এইযে এটা আহ্বানক এনেকুৱা আন্তৰিকতাৰে দিছে, মই ভাবো এইটো খুব ডাঙৰ কথা৷ এনেবোৰ কথাই মোক অভিভূত কৰে৷
সন্ধান: ছাৰ, আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য পদত অধিস্থিত হৈ থকা সময়ত “মোৰ সপোনৰ বিশ্ববিদ্যালয়খন” বুলি এটা প্ৰবন্ধ লিখিছিল, যিটোৱে সাধাৰণ অসমীয়াৰ মনত সাঁচ বহুৱাইছিল। চাৰ সেই সপোনৰ বিশ্ববিদ্যালয়খন আমাৰ বাবে কিমান দূৰত?
অমৰজ্যোতি চৌধুৰী ছাৰ: সপোনৰ বিশ্ববিদ্যালয়খনৰ কিছু অংশ সকলো বিশ্ববিদ্যালয়তে আছে৷ মই এটা তেজপুৰ বিশ্ববিদ্যালয়ৰ ঘটনা কওঁ৷ আগতেও বহুত মিটিংত কৈছোঁ৷ ইয়াত বিভাগৰ যিটো কোঠাত মই বহোঁ, এবাৰ মোৰ কোঠাৰ সম্মুখতে ছাত্ৰ-ছাত্ৰীসকলে বহুত হুলস্থূল কৰিছিল৷ স্বাভাৱিকতে মোৰ খং উঠিছে৷ মই ওলাই আহি তেওঁলোকক গালি পাৰিছোঁ যে কিয় তোমালোকে ইমান হুলস্থূল কৰিছা; ইয়াৰ পিছত মোৰ ক্লাছ আছে, মইটো পঢ়িব লাগে৷ এনেকৈ গালি পাৰি ওভতি যাওঁতে হঠাৎ মোৰ মনত পৰিল যে তেওঁলোকেনো কিয় হুলস্থূল কৰিছে৷ মই উভতি আহি সুধিলো যে তোমালোকে কিয় গণ্ডগোল কৰিছা৷ প্ৰথমতে কোনেও একো কোৱা নাছিল৷ তাৰ পিছত ছোৱালী এজনী খুব মিজিং-মাজাংকৈ আহি ক’লে যে আমি তৰ্ক কৰিছিলোঁ৷ মই আগতে তৰ্ক প্ৰতিযোগিতাবোৰত খুব তৰ্ক কৰিছিলোঁ৷ সেইকাৰণে মোৰ মন গ’ল জানিবলৈ যে তোমালোকে কি তৰ্ক কৰিছা আৰু তেওঁলোকে মিছাও ক’ব পাৰে, গতিকে সুধিলোঁ৷ তেওঁলোকে ক’লে যে এতিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সকলো মানুহক খোৱা দিব পৰাকে পৰ্য্যাপ্ত হৈছে নে নাই; কিছুমানে কৈছে যে হৈছে, অমুক অমুক ৰিপ’ৰ্টত আমি পাইছোঁ৷ আৰু কিছুমানে কৈছে যে নহয়, সেইখিনি গোটেইখিনিক দিব পৰা হোৱা নাই৷ গতিকে আমি বিভিন্ন উদাহৰণ দি এইটো তৰ্ক কৰিছোঁ৷ তেতিয়া মোৰ এনেকুৱা লাগিল যেন তেওঁলোকক ক’ব খুজিছোঁ যে তোমালোকে আৰু অলপ হুলস্থূল কৰা৷ কাৰণ এইটো এটা ভাল বাট৷ এতিয়া মোৰ বহুত বয়স হ’ল, মই অকপটে স্বীকাৰ কৰোঁ যে আমাৰ সময়ত এনেকুৱা চিন্তা কৰা ল’ৰা-ছোৱালী মই দেখা নাছিলোঁ৷ গতিকে বহুত আশা আছে৷ কিন্তু এইটোও হয় যে আমি যিধৰণে এটা শৈক্ষিক পৰিৱেশৰ কথা ভাবোঁ, খুব ডাঙৰ ডাঙৰ বিল্ডিং নহয়, ডাঙৰ ডাঙৰ ঘৰ নহয়, থাকিবলৈ এয়াৰ কন্ডিচন নহ’লেও হ’ব, কিন্তু য’ত বক্তৃতা শুনিবলৈ মানুহ ওপচি আহিছে, নিজে নিজে আহিছে৷ নতুন কথা, নতুন চিন্তা ছাত্ৰ-ছাত্ৰীৰ পৰা আহিছে, শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা আহিছে৷ তেওঁলোকক লৈ সমাজে গৌৰৱ কৰিছে৷ এনেকুৱা যেতিয়া হ’ব, তেতিয়া মই ভাবো সেইখন ভাল বিশ্ববিদ্যালয়৷ সমাজে যেতিয়া ক’ব, অ’ এইকেইজন শিক্ষক অমুক অমুকত আছে নহয়, তেখেতে দিহা দিব পাৰিব৷ এনেকুৱা যেতিয়া হ’ব এখন বিশ্ববিদ্যালয়ত, মই ভাবো তেতিয়াহে বিশ্ববিদ্যালয়খনে পূৰ্ণতা পাই৷
সন্ধান: তেজপুৰ বিশ্ববিদ্যালয়, অসমীয়া অধ্যয়ন কেন্দ্ৰই ইতিমধ্যে কীৰ্ত্তন ঘোষা আৰু নামঘোষাৰ ইন্টাৰনেট সংস্কৰণ ৰাইজৰ মাজলৈ উলিয়াই দিছে। কেন্দ্ৰৰ অধ্যক্ষ হিচাবে অসমীয়া অধ্যয়ন কেন্দ্ৰৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে দুআষাৰ ক’ব নেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: এতিয়া অসমীয়াৰ কাৰণে এম. এ. খোলাটো খুব এটা প্ৰয়োজনীয় বস্তু বুলি নাভাবো৷ এতিয়া আটাইতকৈ প্ৰয়োজন হৈছে অসমীয়া ভাষাটোক শক্তিশালী কৰিব পৰা৷ ইয়াৰ বাবে যিকোনো ব্যৱস্থা ল’ব লাগে৷ যেনে তাৰ নতুন লিপি উলিয়াব পাৰে যদি সেইটো এটা ডাঙৰ কথা৷ আমাৰ যিখিনি সাহিত্য-সংস্কৃতি আছে, যদি তাৰ এটা তুলনামূলক অধ্যয়ন হয় আন ভাষাৰ সৈতে, আমাৰ ভাষাৰ শক্তি কি, আমাৰ ব্যাকৰণৰ শক্তি কি, এইবোৰ যদি আমি উলিয়াই দিব পৰা যায়, তেতিয়া মই ভাবো যে সেই জাতিটো বা ভাষাটো শক্তিশালী হয়৷ গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান কাম কৰিবলৈ গৱেষক লোৱা হৈছে৷ এতিয়া আমাৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিতৰত এই অসমীয়া অধ্যয়ন কেন্দ্ৰটোৰ এটা স্থায়ী ৰূপ দিবলৈ যত্ন কৰা হ’ব৷ সেইমতে বিশ্ববিদ্যালয় অনুদান আয়োগলৈ আবেদন জনোৱা হৈছে৷ গতিকে আমি আশা ৰাখিছোঁ সেয়া হ’ব৷ আৰু তাৰ জৰিয়তে অসমীয়াৰ গৱেষণাৰ বাট মুকলি হ’ব৷ ইতিমধ্যে আমি জানোঁ যে বেজবৰুৱাদেৱৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী আহি আছে৷ গতিকে সেইখনৰ বাবে আমাৰ বিশ্ববিদ্যালয়ৰ পৰা মৌলিকভাৱে কিবা বৰঙণি যোগাব পৰা যায়, তাৰ বাবে কিছুমান শিক্ষক আৰু গৱেষকক বিশেষ দায়িত্ব দিয়া হৈছে যাতে তেখেতৰ জীৱনৰ ওপৰত, তেখেতৰ সাহিত্য-কৰ্মৰ ওপৰত নতুন চিন্তা দিব পৰা কিছুমান প্ৰবন্ধ সৃষ্টি হয়৷ সেইটোৰ এটা আমি পৰিকল্পনা হাতত লৈছোঁ৷ এনেকুৱা ধৰণৰ বিভিন্ন পৰিকল্পনা আছে৷
সন্ধান: “mass singer-জনগণৰ গায়ক-গণশিল্পী”ৰ ধাৰণাটো জনতাৰ মনত খোপনি পুতিছিল জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, হেমাংগ বিশ্বাসকে আদি কৰি সেইসময়ৰ গণনাট্য সংঘৰ শিল্পীসকলৰ পৰা। জ্যোতিপ্ৰসাদে গাইছিল-“আহ আহ ওলাই আহ ….”, বিষ্ণুৰাভাই গাইছিল “তেজৰ বোলেৰে লিখি যাম ইতিহাস/মচি যাম দীন সমাজৰ হীন পৰিহাস” ভূপেনদাই গাইছিল “১৯৮৩ সেই নিৰ্বাচনী বছৰ, মোৰ ভাইটি নোহোৱা হ’ল তই জাননে খবৰ…, লুইতপৰীয়া ডেকা বন্ধু/তোমাৰ তুলনা নাই/জীয়াই থকাৰ যুঁজত নামিছা/মৃত্যু শপত খাই”। আজিৰ অসমৰ যি পৰিস্থিতি তাত ক’ৰবাত কোনোবাখিনিত সেই হেৰাই যোৱা ধাৰাটোৰ প্ৰয়োজনীয়তা আপুনি অনুভৱ কৰিছে নেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: নিশ্চয়, সেইটোৰ প্ৰয়োজন অত্যন্ত আছে আৰু সেই ধাৰাটো কিছু পৰিমাণে ম্লান হোৱাৰ কাৰণেই আমাৰ এইটো পৰিস্থিতি হৈছে বুলি মই বিবেচনা কৰোঁ৷ এই তিনিজনৰ কথা ভাবিলে, তেওঁলোকৰ প্ৰত্যকটো গানত নহ’লেও বেছিভাগ গানতে সমন্বয় আৰু আদৰ্শৰ কথা আছিল৷ বিভিন্ন জনগোষ্ঠীৰ মাজৰ সু-সম্পৰ্কৰ কথা আছিল৷ মানুহে মানুহক সহায় কৰাৰ কথা কৈছিল৷ এই পৰম্পৰাটো কেনেকৈ আহিছিল? অসমীয়া সমাজত এই ভাবধাৰাৰ ৰোপণ হৈছিল শংকৰদেৱৰ দিনত, আজান ফকীৰৰ দিনত৷ সেইটো ক্ৰমান্বয়ে সমৃদ্ধিশালী হৈ আহিছিল৷ এই গণশিল্পীৰ যিটো ধাৰা আছিল, মানুহৰ লগত মিলি কাম কৰা, এইটোৱে সমাজখন আৰু শক্তিশালী কৰিছিল৷ আজি ভূপেন হাজৰিকা নাই৷ মৃত্যুৰ আগলৈকে তেওঁ কিছু বছৰ ধৰি শয্যাশায়ী হৈ আছিল৷ গতিকে এইখিনি সময়ত তেওঁলোকৰ অভাৱ এটা অনুভৱ কৰা হৈছে৷ এটা অনুভৱেই ভাল লাগে যে তেওঁৰ জন্মদিনটো পালন কৰিবৰ বাবে অসমীয়া মানুহৰ যিমান আগ্ৰহ, বা তেখেত ঢুকাবৰ সময়ত যিটো এটা সমন্বয়ৰভাৱ জাগ্ৰত হৈছিল, (বহুতেই এইটো উপলুঙা কৰে)৷ মই ভাবো সেইটো এটা সুস্থ জাতিৰ লক্ষণ যি শিল্পীক সন্মান জনাব জানে আৰু সেইটোৰ কাৰণেই অসমীয়া বা অসমবাসী একগোট হৈ আছে৷
সন্ধান: পদাৰ্থ-বিজ্ঞানী আৰু প্ৰশাসকৰ উপৰিও আপুনি এজন অভিনেতাও। ছাৰ আপোনাৰ অভিনয় জীৱন ক’ত কেতিয়া কেনেদৰে আৰম্ভ কৰিছিল অকনমান ক’বনেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: সৰুতে মই সত্ৰীয়া আৰু মণিপুৰী নাচিছিলোঁ৷ ক-খ মানত এইবোৰৰ বাবে বহুত পুৰস্কাৰ পাও৷ কিন্তু পঢ়া-শুনাত মই বহুত বেয়া, কোনোমতে পাছ কৰোঁ৷ এবাৰ মোৰ মনত আছে অংকত বছৰেকীয়া পৰীক্ষাত বোধকৰো ১০ পাইছিলোঁ৷ তেতিয়া গ্ৰেচত, মানে দয়া কৰি পাছ কৰাই দিছিল৷ মইটো ভাবি আছিলো যে এই ১০ নম্বৰ পাই খুব ভাল কাম কৰিছোঁ৷ মোৰ চিন্তা তেতিয়া তেনেকুৱাই আছিল৷ আৰু সেইটোকে কেন্দ্ৰ কৰি মোৰ খুড়া এজনে ফুৰ্টি কৰি এখন দোকানলৈ লৈ গৈছিল চাহ খুৱাবলৈ৷ মইও খুব আনন্দেৰে চাহ খাইছোঁ ভাল কাম এটা কৰা বুলি, পাছ কৰা বুলি (পিচতহে আচল কথাটো গম পাইছিলোঁ)৷ সেইখিনি সময়ত মই নাটকো কৰিছিলোঁ৷ বীৰৰ নাটক – লাচিত বৰফুকন, ছত্ৰপতি শিৱাজী এনেকুৱা ধৰণৰ নাটক কৰোঁ৷ তেতিয়া নিপ বৰুৱা ডাঙৰীয়াই মোক চিনেমা কৰিবলৈ ল’লে৷ তেতিয়া ‘মাক আৰু মৰম’ বুলি এখন চিনেমা হৈছিল, মই তাত অভিনয় কৰিছিলোঁ৷ তাৰ পিছত ‘আমাৰ ঘৰ’ বুলি এখন হৈছিল, তাতো মই কৰিছিলোঁ৷ তাত ফণী শৰ্মা ডাঙৰীয়া, বিজয় শংকৰ, মোৰ দেউতাও আছিল৷ গতিকে সেইখিনি সুবিধা মোৰ হৈছিল৷ যদিও মই ভাবি আছিলোঁ যে এটা সময়ত গৈ অভিনেতাই হম, কৰবাৰ পৰা কেনেবাকৈ সেইটোৰ পৰা ফালৰি কাটি আহি এতিয়া কি হ’লো নাজানো৷
সন্ধান: ছাৰ, আপুনি বহুত কেইখন নাটকো কৰিছে৷ সেই বিষয়ে অলপ বহলাই ক’ব নেকি?
অমৰজ্যোতি চৌধুৰী ছাৰ: আমি গুৱাহাটীত য’ত আছিলোঁ তাৰ কাষতে ভাস্কৰ নাট্য মন্দিৰ৷ আৰু ভাস্কৰ নাট্য মন্দিৰ হৈছে নাটকৰ সচাঁই মন্দিৰ৷ তেতিয়া অতুল হাজৰিকাদেৱৰ নাটকবোৰ তাত বিশেষকৈ মঞ্চস্থ হয়৷ তাত প্ৰৱীন ফুকন আহে, তেখেতৰ নাটকবোৰ মঞ্চস্থ হয়৷ যুগল দাস ডাঙৰীয়া আহে, মোৰ দেউতা লক্ষ্যধৰ চৌধুৰী তেখেতসকল আহে৷ গতিকে তাত নাটক কেনেকৈ কৰে তাৰ এটা প্ৰশিক্ষণ আমাৰ স্বত:স্ফুট ভাৱে হৈছিল৷ কেনেকৈ দৃশ্যপট আঁকিব লাগে, কেনেকৈ আৱহ সংগীত দিব লাগে, এনেকুৱা ধৰণৰ সকলো পাঠ আমি তেতিয়াই পাইছিলোঁ৷ এনে ব্যক্তিগতভাৱে ভাবো যে নাটকৰ পৰা যিমান শিকিব পাৰি, বিশ্ববিদ্যালয় বা বিদ্যালয়ত সিমান শিকিব নোৱাৰি৷ বহুত কথা একেলগে ইয়াত জনাৰ সুবিধা হয়৷ সেইকাৰণে মই ভাবো যে নাটক আচলতে বেছি ভাল শিক্ষা৷ সেইটো মানুহ গঢ়াৰ কমাৰশাল৷ আৰু এইযে এটা চৰিত্ৰৰ মাজত সোমাই যাব পাৰি, অলপ সময়ৰ বাবে হ’লেও এজন বেলেগ মানুহ হৈ গৈছোঁ, সেই মানুহটোৰ লগত মোৰ এটা সৌহাদ্য স্থাপন হৈছে, তেওঁক মৰম কৰিব মন গৈছে, এনেকুৱা ধৰণৰ কথাৰে আচলতে নাটকে এটা বেলেগ বাট দেখুৱাই দিয়ে৷ প্ৰথমতে বেলেগে লিখা নাটক কৰিছিলোঁ৷ তাৰ পিছত অলপ বয়স হোৱাৰ পাছত মই নিজে লিখা নাটক কৰিছোঁ৷ মোৰ বন্ধু এজন আছে, কমল শৰ্মা বুলি৷ আগতে তেওঁ নাটক লিখে, মই কৰোঁ৷ গতিকে এনে ধৰণে চলি গৈছিল৷ মই যেতিয়া ইয়াত (তেজপুৰ বিশ্ববিদ্যালয়ত) যোগদান কৰিছিলোঁ, তাৰ পিছতো কেইবাখনো নাটক লিখিছোঁ৷ তাৰ ভিতৰত ‘ভয়’, টঙিঘৰ আৰু ‘তৰা’৷ এই তিনিখন একেলগ কৰি এটা মোৰ নাটকৰ সংকলন ওলাইছিল, ‘ভয়ৰ টঙিঘৰ তৰা’৷ এই তিনিখনতে বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা অসমৰ সাম্প্ৰতিক সমস্যাৰ কথা আলোচনা হৈছে৷ ‘ভয়’ মানে আচলতে মানুহ এজনৰ ব্যক্তিগত ভয় কেনেকৈ হয়, ‘টঙিঘৰ’ত সমূহীয়া ভয় কেনেকৈ হয়, তাৰ পিছত ‘তৰা’ত তাৰ পৰা ওলোৱা বাটটো কি৷ গতিকে নাটক লিখি বা কৰি এটা বেলেগ আনন্দ পোৱা যায়৷
(সাক্ষাৎকাৰটোৰ শেষ খণ্ডটো ডিচেম্বৰ সংখ্যাত প্ৰকাশ কৰা হ’ব)
সন্ধানৰ হৈ সাক্ষাৎগ্ৰহন – নৱনাথ চহৰীয়া
ব্যৱস্থাপনা – নয়ন জ্যোতি কলিতা, পংকজ জ্যোতি মহন্ত, মঞ্জিল পি. শইকীয়া
চলমান চিত্ৰগ্ৰহণ – যুৱা প্ৰতীম গগৈ, দিব্য জ্যোতি শৰ্মা, দাপ কুপাৰ তাৰিয়াং, শ্ৰীকান্ত চৌধুৰী
চলমান চিত্ৰগ্ৰহণ লেবৰটৰী – তেজপুৰ বিশ্ববিদ্যালয় গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ চলমান চিত্ৰগ্ৰহণ লেবৰটৰী।