অভিনয়
হেৰি দাদা, ইফালে অকণমান মন কৰিবচোন
দাদাক মাতিছোঁ বুলিয়েই আপুনিও কিন্তু বাইদেউ
মন নকৰাকৈ নাথাকিব ।
শুনিছোঁ আপোনালোক হেনো
সাম্যবাদৰ পূজাৰী,
গায় হেনো শ্ৰেণীবিহীন সমাজ প্ৰাপ্তিৰ জয়গান ।
টিভিৰ পৰ্দাত নেদেখা নহয়,
মেলে মিটিঙে– ৰাজতন্ত্ৰ, পুঁজিপতিৰ বিৰুদ্ধে দিয়া
আপোনালোকৰ হুংকাৰ ।
সাধাৰণ মানুহ ভাই আমি
আমিনো কত বুজি পাওঁ
কাৰ্লমাৰ্ক্স, লেনিনৰ গধুৰ গধুৰ “-ইজিম”বোৰ ।
ষ্টেট ইজ এ ৰিপ্ৰেচিভ মেচিন জাতীয় তত্ত্ব বোৰ…!!!
বাপৰে বাপ… বুজি নাপাওঁ যে নাপাৱেই
মূৰৰ উপৰেৰেই গুচি যায় ।
চৰকাৰৰ বুৰ্জোৱা প্ৰীতি নীতিৰ বিৰুদ্ধে
আপোনালোকৰ যে বিৰাট বিৰাট শ্লোগান
আৰু ৰাজপথত কৰা অনশন ধৰ্মঘট
সেইবোৰো দিনৰ পোহৰত দেখিছোঁ দাদা
কিন্তু নিশাৰ আন্ধাৰত আকৌ সেইসকলৰ লগতেই
মদে মঙহে কৰা প্ৰীতি ভোজৰ আয়োজন—
তাৰো উমান কিন্তু তলে তলে পাইছোঁ ।
আৰে! আৰে! কলৈ গল দাদা?
বেয়াই পালে চাগে ।
কিন্তু বাইদেউ,
দাদাক মাতিছোঁ বাবেই আপুনিও মন নকৰাকৈ নাথাকিব ।
© লিপিকা দাস
বিজয়নগৰ
৮৪০৩০০৭১১৫