৩) গগনাঃ– গগনা এনে এবিধ বাদ্যযন্ত্ৰ যাক প্ৰধানকৈ বিহুগীতত ব্যৱহাৰ কৰা হয়৷ গগনাক মুখত লৈ বজোৱা যায় বাবে ইয়াক ‘Jaw Harp’ বুলিও জনা যায়৷ গগনা হৈছে মংগোলীয় সংস্কৃতিৰ এক অৱদান৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গগনাক বিভিন্ন নামেৰে জনা যায়৷ গগনাৰ সুৰ অতি মধুৰ আৰু শুৱলা হোৱাৰ বাবে অসমীয়া বিহুগীতত ই এক মর্যাদাপূর্ণ স্হান দখল কৰি আহিছে৷
বিহুগীতত ওপৰিও অসমৰ সকলো মংগোলীয় জনগোষ্ঠীৰ লোকগীত আৰু লোকনৃত্যত গগনাৰ বহুল প্ৰচলন আছে৷ আজিকালি বিভিন্ন বিহুৱতী প্ৰতিযোগীতাত নাচনীৰ বাবে মঞ্চত উঠি গগনা বজোৱাতো একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিছে৷ গগনাৰ আটাইতকৈ তাৎপর্যপূর্ণ দিশটো হৈছে যে ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে গগনাৰ পৰিবেশন নকৰাৰ সময়তো নাচনীয়ে ইয়াক চুলিত মাৰিবলৈ ‘ Hairpin’ হিচাবে ব্যৱহাৰ কৰে৷
৪)তালঃ– অসমীয়া লোক-সংগীতত তালৰ বহুল প্ৰচলন দেখিবলৈ পোৱা যায়৷ লোকসংগীতৰ বিভিন্ন অধ্যয়নৰ পৰা তাল যে বহু বছৰৰ পৰা প্ৰচলন হৈ আহিছে তাৰ এক স্পষ্ট উমান পোৱা গৈছে৷ তাল বিশেষকৈ বিভিন্ন ধর্মীয় অনুষ্ঠান সমূহৰ এক অবিচ্ছেদ্য অংগ৷ ই এবিধ অতি প্ৰাচীন বাদ্যযন্ত্ৰ যদিও তালৰ গুৰুত্ব আৰু মর্য্যদা অপৰিসীম৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কর্ম আৰু জীৱনৰ বিষয়ে লিখা বিভিন্ন পুথিত উল্লেখ থকা মতে গুৰুজনাই তাল বনোৱা লোকক মতাই নিজৰ পছন্দ অনুযায়ী বিভিন্ন ধৰণৰ তাল বনোৱাইছিল৷ কিন্তু দুর্ভাগ্যক্ৰমে সময়ৰ সোঁতত বিভিন্ন প্ৰকাৰৰ তাল অসমীয়া লোক-সংস্কৃতিৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ গল৷
অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত তালক বিভিন্ন নামেৰে জনা যায়৷ বড়োসকলৰ মাজত ‘জথা’, কার্বিসকলৰ মাজত ‘চেংচ’, আৰু মিচিংসকলৰ মাজত ‘লুপি’ নামেৰে তাল পৰিচিত৷ অসমৰ লোক-সংস্কৃতিত ব্যৱহাৰ হোৱা তালৰ ভিন্ন প্ৰকাৰৰ ভিতৰত ভৰ তাল, পাটী তাল, বিহু তাল, খুটি তাল আৰু মন্জিৰা অন্যতম৷ ইয়াৰ ওপৰিও বিভিন্ন তাল যেনে কৰি তাল, কৰ তাল, খাঞ্জাৰীৰো গুৰুত্ব অপৰিসীম৷
৫) টকাঃ– টকা অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ৷ টকাক বিশেষকৈ বাঁহেৰে তৈয়াৰ কৰা হয় আৰু ইয়াক অসমৰ লোক সংগীতৰ সংগীতজ্ঞসকলে বহুলভাবে ব্যৱহাৰ কৰে৷ টকা হৈছে বিহুগীতত ব্যৱহাৰ হোৱা আঠবিধ প্ৰধান বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম৷ বড়োসকলে ব্যৱহাৰ কৰা টকাক ‘ঠৰকা’ নামেৰে জনা যায়৷
টকাৰ নির্মাণ পদ্ধতি আৰু ব্যৱহাৰ পদ্ধতি সহজ হোৱাৰ বাবে বিহুগীতৰ ওপৰিও মুগা ৰখীয়া আৰু ধান ৰখীয়া সকলৰ মাজত টকাই বিশেষ স্থান দখল কৰি আহিছে৷ গাভৰু বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হোৱাৰ বাবে এই বিহুক ‘টকা বিহু’ বুলিও জনা যায়৷ সেইদৰে জেং বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হৈছে টকা, গগনা আৰু সুতুলি৷
অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা টকা প্ৰধানকৈ তিনি প্ৰকাৰৰঃ-
ক) পাটী টকা বা হাত টকাঃ– এই টকাবিধ ১.৫ ৰ পৰা ২ ফুট দীঘল৷ হাতত লৈ সহজে বজাব পাৰি বাবে ইয়াক হাত টকা বুলি কোৱা হয়৷
খ) বৰ টকা বা মাটি টকাঃ– এইবিধ টকাৰ আকাৰ ডাঙৰ হোৱাৰ বাবে ইয়াক মাটিত থৈ বজাব লাগে৷ সেয়েহে ইয়াক মাটি টকা বুলি কোৱা হয়৷
গ) জেং টকা বা ধুতুং:- জেং টকাৰ নির্মাণ পদ্ধতি কিছু জটিল আৰু ইয়াৰ পৰা যথেষ্ট সুন্দৰ মানদণ্ডৰ সুৰ সৃষ্টি কৰিব পাৰি৷ লহৰী সংগীতত জেং টকাত বিশেষ তাৎপর্য আছে৷
হেৰ’ সমনীয়া,
খেলো আমি লহৰীয়া
ফুটুকলা মৃদং, বজাইদে ধুতং
নাচ এৈ নাচ এৈ লগৰীয়া
৬) বাঁহীঃ– বাঁহীক অসমৰ এবিধ খিলঞ্জীয়া বাদ্যযন্ত্ৰ বুলি ক’ব নোৱাৰি যদিও বিহুগীত বা অসমীয়া লোকসংগীতত বাঁহীৰ বিশেষ তাৎপর্য আছে৷ ভগৱান শ্ৰীকৃষ্ণই বজোৱা এবিধ বাদ্যযন্ত্ৰ হিচাবে অসমৰ বৈষ্ণৱ সমাজত বাঁহীক পবিত্ৰ বুলি গণ্য কৰা হয়৷ প্ৰাচীন বৈষ্ণৱ সাহিত্যত বাঁহীৰ কথা সঘনে উল্লেখ আছে৷ বাঁহী সর্বপ্ৰথম চীন দেশত ব্যৱহাৰ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়, কিন্ত ভাৰতীয় লোকসংগীতত ইয়াৰ আগমন সম্পৰ্কে বুৰঞ্জীয়েও উত্তৰ দিব পৰা নাই৷
বাঁহী অসমীয়া বিহুগীতৰ এক প্ৰধান বাদ্যযন্ত্ৰ৷ অসমৰ বিভিন্ন জনগোষ্ঠী যেনে মিচিং, ৰাভা, বড়ো আদিয়েও তেওঁলোকৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে, হলেও তেওঁলোকৰ বাঁহীসমূহৰ নির্মাণ পদ্ধতি আৰু আকাৰৰ ক্ষেত্ৰত পার্থক্য লক্ষ্য কৰা যায়৷ দেওধানী নৃত্যৰ বাবে বাঁহী বিশেষ গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ৷ বিভিন্ন বৈষ্ণৱ সংগীত যেনে ভাওনা, ৰাসোৎসৱ, বৰগীত আদিতো বাঁহী ব্যৱহাৰ কৰা হয়৷
ইয়াৰ ওপৰিও সুতুলি আৰু বীণাও বিহুগীতৰ বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম যদিও এই দুবিধ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু প্ৰচলন দিনক দিনে কমি আহিবলৈ ধৰিছে৷ কেৱল পেছাদাৰী সংগীতজ্ঞসকলৰ মাজতহে এই দুবিধ বাদ্যযন্ত্ৰই স্থান পাবলৈ সক্ষম হৈছে৷
বিহু হৈছে গীত আৰু নৃত্যৰ এক উৎসৱ আৰু সেইধৰণেই বিহুগীতত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহৰো গুৰুত্ব অপৰিসীম৷ আধুনিক যুগৰ সৈতে খাপ খুৱাবলৈ বিহুক মঞ্চমুখী কৰি তোলা হৈছে: আগৰ দিনৰ দৰে ঘৰৰ চোতালত আৰু গছৰ তলত বিহু মৰাৰ দৃশ্য আজিকালি দুর্লভ হৈ পৰিছে৷ তৎসত্বেও বিহুগীতৰ বাদ্যযন্ত্ৰসমূহৰ গুৰুত্বক কোনেও নুই কৰিব নোৱাৰে৷ সকলো লোকগীত আৰু লোকসংগীততেই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই বাদ্যযন্ত্ৰসমূহে৷ লোকসংস্কৃতিক জীয়াই ৰাখিবলৈ হলে বাদ্যযন্ত্ৰসমূহৰ সঠিক ব্যৱহাৰ অৰু প্ৰচলনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷ তেতিয়াহে আমি সাংস্কৃতিকভাবে চহকী জাতি হিচাবে বিশ্ববাসীৰ আগত চিনাকি দিব পাৰিম৷
: অভিনন্দন গোস্বামী
স্নাতকোত্তৰ ছাত্ৰ , ৰাষ্ট্রীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশ
ফোনঃ-08402852801
1 Comment
Pingback: বিহুগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰৰ বিষয়ে এক চমু আলোকপাত (১) - সন্ধান