প্ৰতি,
মানৱসেৱাত ব্ৰতী প্ৰত্যেকজন ব্যক্তিলৈ….
সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি মানৱজাতি কৰ’ণা মহামাৰীৰে ত্ৰাসিত । সচৰাচৰ চলি থকা ছন্দোময় জীৱনবোৰত জানো কিনো কেৰোণ লাগিল; সকলোফালে দেখোন এক যন্ত্ৰণাময় ধাৰা বৈ গ’ল। মানুহৰ মুখৰ হাঁহিবিলাক নাইকিয়া হৈ পৰিল; চকু-মুখ চিন্তা-ক্লেশেৰে বিয়পি পৰিল; আত্মীয়তাৰ অনুভৱেৰে আনন্দ-চপলময় হৈ থকা পথসমূহো জনশূণ্য হৈ পৰিল, নীৰৱ হৈ পৰিল…। ক্ৰমে সেই শূণ্যতাৰ বিভিষীকাৰ যেন মানুহবিলাকৰ মাজলৈও বিয়পি পৰিল…। কিমানজনৰ যে বুকুৰ কেঁচা মঙহ এটুকুৰা সৰি পৰিল..; কিমানজনৰ যে হৃদয় যন্ত্ৰণাৰে ক্ষত-বিক্ষত হ’ল..; কিমানজনৰ যে হৃদয়ৰ ৰক্ত প্ৰৱাহ দুই চকুৰে প্ৰৱাহিত হ’ল…; কোনে পাৰিব সেয়া ভাষাৰে প্ৰকাশ কৰিবলৈ, দেখুৱাবলৈ…!
দেখিছিলো, সেই কৰ্তব্যৰত আৰক্ষী জোৱানজনৰ নিথৰ দেহ; যি তীব্ৰ ধুমুহা-বৰষুণৰ পিছদিনা সেই সেউজী দলিচাত পৰি আছিল..; দেখিছিলো, পেছাদাৰী পিতৃৰ সেই কাতৰ যন্ত্ৰণাময় মুখ যি গেটৰ সন্মুখৰ পৰাই সন্তানৰ পৰা, পৰিয়ালৰ পৰা বিদায় মাগিছিল..; প্ৰত্যক্ষ কৰিছিলো, পেটৰ ক্ষুধা নিৰ্বাৰণৰ অৰ্থে আনৰ হাতত খোৱাবস্তু তুলি দিয়া ব্যক্তিজনৰ হাতত পৰা বেজীৰ সেই তীক্ষ্ণ খোচকেইটা, ৰুদ্ধ হৈ যাবলগীয়া প্ৰতিটো শ্বাস-নিশ্বাস…! কোনেনো জানিছিল, দিন-ৰাতি একাকাৰ কৰি আনৰ খাদ্য, আশ্ৰয়, নিৰাপত্তাৰ কথা ভাবি নিস্বাৰ্থভাৱে মানৱসেৱাত ব্ৰতী হোৱা সেই মানৱসেৱী ব্যক্তিসকলো যে কৰ’ণাৰ কোপ দৃষ্টিৰ পৰা সাৰি নাযাব বুলি…। তথাপি.., তথাপিও দেখোন তেওঁলোক নিৰবিচ্ছিন্নভাৱে নিজৰ কৰ্তব্যসমূহত বৰ্তি আছে, পালন কৰি আছে নিজৰ দায়িত্বসমূহ।। তেওঁলোকৰো এটা পৰিয়াল আছে, আছে সন্তান- অভিভাৱক। যিখিনি সময়ছোৱাত সমাজৰ বাকীসবে ঘৰৰ ভিতৰত আবদ্ধ, সুৰক্ষিত; তেনে সময়ত তেওঁলোকৰ কষ্ট-শ্ৰমসমূহ সমাজৰ কুশলাৰ্থে বহি:প্ৰকাশ হৈছে। সম্ভাৱনীয় বিপদাপন্নেৰেও আসন্ন জীৱন তেওঁলোকৰ…. ।
শ্ৰদ্ধা, প্ৰণাম.. সেই মানৱসেৱী ব্যক্তিসকললৈ; যি আনৰ জীৱনৰ সুৰক্ষাৰ অৰ্থে স্ব-জীৱন বিপদাপন্ন কৰি তুলিছে। প্ৰতিটো মূহূৰ্তত আপোনজনৰ সৈতে আকাংক্ষিত বিচ্ছেদৰ যন্ত্ৰণাৰে জৰ্জৰিত হৈ থাকিও কি সাহসেৰে, ধৰ্য্যৰে বাৰু আপোনালোক মানৱজাতিৰ ৰক্ষাৰ্থে সেৱাত ব্ৰতী হৈ আছে!! সচায়ে আপোনালোক স্বনামধন্য, পূজনীয়…। আপোনালোকৰ প্ৰতি এতিয়া সমগ্ৰ মানৱজাতি কৃতজ্ঞতাৰে গদগদ আৰু ইয়াৰ পৰা এই ক্ষুদ্ৰতম শুভাকাংক্ষীও ব্যতিক্ৰম নহয়।
এই সংকটৰ সময়ছোৱাত মানৱসেৱাত ব্ৰতী থকা প্ৰত্যেকজন ব্যক্তি, পেচাদাৰী ব্যক্তি তথা স্ব-ইচ্ছাৰে সেৱা আগবঢ়াই অহা প্ৰতিজন ব্যক্তিলৈ; ক্ষুদ্ৰ পৰিসীমাৰ মাজত আৱদ্ধ আমিবোৰে এই কৃতজ্ঞতা পত্ৰৰ যোগেদি জনাইছো আন্তৰিক কৃতজ্ঞতা…,ধন্যবাদ…। কামনা কৰিছো আপোনালোক সুস্থ থাকক, কুশলে থাকক আৰু যেন সুদৃঢ়- শক্তিশালী হৈ উঠক এই মানৱীয় আত্মীয়তাসমূহ..। আশা ৰাখিছো সেই অসীম শক্তিকণেৰে, ধৰ্য্যৰে যেন আপোনালোক এই মানৱ সেৱাত জয়ী হৈ উঠিব পাৰে আৰু বোৱাই নিব পাৰে সমগ্ৰ মানৱজাতিলৈ সেই প্ৰৱলতম শক্তিৰ স্ৰোত…..।।
ইতি –
এক শুভাকাংক্ষী, প্ৰণামিকা।
(প্ৰণামিকা গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ঠিকনা : নাহৰকটীয়া, ডিব্ৰুগড়, ফোন নং- ৯১০১৪৬৫৬৯০)