এইখিনিতে
হয় , ঠিক এইখিনিতে ৰাতি এটা শেষ হৈছিল ।
এন্ধাৰে গিলিছিল
জুইৱে পুৰিছিল
পানীত ককবকাই আছিল ৰাতিটো…
কোনো ক্ষণত পিয়াহত আতুৰ হৈ উচুপিছিল
ভাগৰত মৰঘাম মচি ফুপাইছিল ৰাতিটোৱে !
হেৰুৱাইছিল
প্ৰতাৰিত হৈছিল
এক কথাত সৰ্বশ্ৰান্ত হৈ
হাতীটোৰ গধুৰ খোজত
ৰাতিটো মৰিছিল !
পুৱালৈ একো নাছিল…
ক্ষত-বিক্ষত চিহ্ন কিছুমান পৰি আছিল
কোনোৱে কৈছিল-
হয় হয় ইয়াত ,
এইখিনিতে এটা ৰাতি আছিল !
– প্রদীপ দাস