হিমালয় – ভ্ৰমণ কাহিনী (ৰুবী বৰা)

0

বহুত দিন হিমালয়ত ট্ৰেকিং কৰিবলৈ নোপোৱাৰ দুখ এটাই মনটো গধুৰ কৰি ৰাখিছিল। এইবাৰ আৰু অপেক্ষা নহ’ল, আৰম্ভ হ’ল হিমাচল প্ৰদেশৰ শ্ৰীখণ্ড মহাদেৱ ট্ৰেকিং অভিযান। ‘Himalayan Drifter’ নামৰ গ্ৰুপটোৱে আয়োজন কৰা ট্ৰেকিং প্ৰগ্ৰেমটোত যোগদান কৰিবলৈ অনলাইনযোগে কৰিবলগীয়া সকলোবোৰ যাৱতীয় কাম কৰি ল’লো।xondhan-himalaya-rubi-borah 5

অৱশেষত উৎকণ্ঠাৰ অন্ত পেলাই সেইদিনটো পাইছিলহি। ২১ জুনৰ ৰাতি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো গুৱাহাটীলৈ বুলি। ২২ তাৰিখে পুৱা ৮ বজাৰ বিমানেৰে দিল্লী পালোগৈ প্ৰায় ১১ বজাত। দিনটো দিল্লীৰ বন্ধু এজনৰ গাড়ীত ফুৰি মেলি ৰাতি আগতীয়াকৈ টিকত কৰি থোৱা ৯:৩৬ বজাৰ বাছত চিমলালৈ বুলি যাত্ৰা আৰম্ভ হ’ল। দুজনীয়া ছিটৰ বাছখনত খিৰিকীৰ কাষৰ ছিটটোত বহি সহযাত্ৰী জনলৈ বাট চালো। অলপ পিছত দেখিলো প্ৰায় ৩২-৩৫ বয়সীয়া ব্যক্তি এজনে আহি আসনখন পুৰালে। যাত্ৰা আৰম্ভ হ’ল নতুন ঠাইলৈ বুলি। পোহৰ হোৱাৰ লগে লগে খিৰীকীৰে দেখি বুজি পাইছিলো আমি দেৱভূমি,হিমাচলত প্ৰৱেশ কৰিছো। দিল্লীৰ অসহনীয় গৰমৰ পিছত পোৱা হিমাচলৰ ঠাণ্ডাত বহুত যাত্ৰীয়ে গাত গৰম কাপোৰ মেৰিয়াই লৈছিল। কিন্তু মই সেই ঠাণ্ডা উপভোগ কৰিবহে চেষ্টা কৰিছিলো। অকোৱা পকোৱা পাহাৰীয়া পথেৰে বাছখন চিমলা অভিমুখে আগবাঢ়িছিল। অৱশেষত বাছৰ ড্ৰাইভাৰৰ চিঞৰত চিমলা আই.এছ. বি.টি. পোৱা বুলি গম পাই বাছৰ পৰা নামিলো। তাতে লগ পালো আমাৰ যাব লগীয়া গ্ৰুপৰ সদস্য দিল্লীৰ অদিতি আৰু মুম্বাইৰ অভিষেকক। লাহে লাহে সকলোবোৰ লগ হ’লো। ট্ৰেক লীডাৰ আশীষ চৌহানকে ধৰি পঞ্জাৱৰ আশীষ, চিমলাৰ ৰাজনীশ, আনন্দ আদি সকলো একলগ হোৱাৰ পিছত এখন ট্ৰেভেলাৰত যাত্ৰা আৰম্ভ হ’ল চিমলাৰ পৰা প্ৰায় ১৫০ কি.মি. দুৰত অৱস্থিত চিংগাড় গাওঁ অভিমুখে। খিৰীকীৰ কাষৰ চিট, পাহাৰীয়া ৰাস্তা, লগত গান…. মই নিজক হেৰুৱাই পেলাইছিলোঁ। অচিনাকী মানুহ, অচিনাকী ঠাই যিটো মই সপোনতো বিচাৰি থাকোঁ। ঠায়ে ঠায়ে প্ৰকৃতিৰ শোভাৰ জোৰত গাড়ী ৰখাই দিয়ে আৰু আমি বাছৰ পৰা নানি দৌৰি যাওঁ। সন্ধিয়া প্ৰায় ৭ টাত আমি জাওঁ গাওঁ পালোগৈ। তাত তেতিয়াওঁ বেলি ডুবা নাছিল। তাৰ পৰা এঘন্টা ট্ৰেকিং কৰি গৈ আমি চিংগাড় পালোঁ। তাৰে মানুহ এঘৰত আমাৰ থকাৰ ব্যৱস্থা কৰা হৈছিল। খাই বৈ শুই থাকিলো। পিছদিনা অৰ্থাত ২৪ জুন তাৰিখে পুৱা উঠি গাওঁখনৰ প্ৰত্যেকৰ বাৰীত থকা আপেলৰ বাগানবোৰত খুৱ চেলফি উঠিলোঁ। পাহাৰীয়া গাওঁবোৰ ইমান ধুনীয়া লগতে মানুহবোৰৰ মনবোৰো। ৭ টাত আৰম্ভ হ’ল পদযাত্ৰা। আগদিনাৰ পৰাই ট্ৰেকিং গাইডে পানী খোৱাত গুৰুত্ব দিছিল কিয়নো ট্ৰেকিং ৰোট টো যথেষ্ট কষ্টকৰ। মনত এটাই প্ৰাৰ্থনা আছিল কোনো কাৰণতে যাতে উভতি আহিবলগা নহয়। লাহে লাহে হ’লেও যাতে আগুৱাই যাব পাৰোঁ। প্ৰায় ৭৫°-৮০° হেলনীয়া শিলাময় পথেৰে লাহে লাহে আগুৱাই গৈছিলোঁ। এলপাইনৰ মাজে মাজে মুঠতে আগুৱাই গৈছিলোঁ। মাজে মাজে জিৰণী লওঁ আকৌ আগবাঢ়ো। ৭:৩০ ত আমি গৈ প্ৰথম কেম্প ঠাচৰু পালোগৈ।উখ পাইন গছবোৰৰ মাজত পানীকাপোৰৰ তম্বুবোৰেৰে কেম্পচাইট দেখি সকলো দুখ ভাগৰ নোহোৱা হৈ গৈছিল। আমাৰ কেম্পৰ দায়িত্বত থকা হিমাচলী মাহীৰ লগত বহুত কথা পাতিলো জুইৰ উম লৈ। তেওঁলোকৰ গাৱৰ কথা মোৰ গাৱৰ কথা। তেওঁ মোক বহুত মৰম কৰিছিল ৰাতি শুই থাকোতে গাত এখন বেছিকৈ কম্বল দিছিল। আমাৰ এইটো কেম্প আছিল প্ৰায় ৩৫০০ মি. উচ্চতাত। ২৫ তাৰিখে ৰাতিপুৱা পুনৰ যাত্ৰা আৰম্ভ হ’ল ভীম দ্বাৰ অভিমুখে। যথেষ্ট দীঘলিয়া পথ। প্ৰথম তিনিঘন্টাত ওপৰলৈ গৈ কালি টপ পালোগৈ। কিমান যে ভাল লাগিছিল নিজকে ইমান ওপৰত পাই। যেনিয়েই চাওঁ পাহাৰবোৰ আমাতকৈ তলত আছিল। তাৰ পৰাই শ্ৰীখণ্ড মহাদেৱৰ প্ৰায় ৭৫ ফুট উচ্চতাৰ শিৱলিংগ ভাগ দেখিবলৈ পাইছিলো। মনৰ উৎসাহ দুগুণে চৰিছিল। তাৰপৰা বাকী পথচোৱা আছিল এবাৰ তললৈ যোৱা এবাৰ ওপৰলৈ যোৱা। তললৈ যদি আধাঘন্টা ওপৰলৈ এঘন্টা। মাজে মাজে এনেকুৱা আছিল সম্পূৰ্ণ থিয় হৈ গ’লে মুৰত খুন্দা খাম,পোন হৈ গ’লে পিঠিৰ বেগত লাগি কোন পাতালপুৰি পামগৈ ঠিকনা নাই ফলত শিলত চেপেটাকৈ লাগি বেকা হৈ সন্তৰ্পনে আগুৱাই গৈছিলোঁ। শৈলাৰোহনৰ প্ৰশিক্ষন লৈ থোৱা বাবে মোৰ যথেষ্ট সুবিধা হৈছিল।আৰু আমাৰ ট্ৰেকিং গাইড জন যথেষ্ট অভিজ্ঞতা সম্পন্ন পৰ্বতাৰোহী হোৱা বাবে সুকলমে দুৰ্গম ৰোটবোৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো। সন্ধিয়া ৭ টাত কেম্প পালোগৈ।

xondhan-himalaya-rubi-borah 4কেম্পচাইত মানে…আস ভুস্বৰ্গহে যেন। নীলা হালধীয়া পানীকাপোৰৰ টম্বু আকৃতিৰ কেম্পবোৰ। দুটা দিশত কেৱল সেউজীয়া দলিছা সদৃশ পাহাৰবোৰ। আন দুটা দিশত টকলা ওখ পাহাৰবোৰ, শিৰত শুকুলা বৰফ। তিনি চাৰিটামান জলপ্ৰপাত উত্ৰাৱল হৈ কেম্পৰ কাষতে থকা এখন নদীত মিলিছেহি। সকলো ভাগৰি থকাত ৭:৩০ ৰ ভিতৰত খাই বৈ কেম্পত সোমাই গ’লো। বিচনাত পৰি শুনিছিলো কেৱল আটাইকেইটা জলপ্ৰপাতৰ পৰা হৰহৰাই বৈ থকা পানীৰ শব্দ। সেই ৰাতি মোৰ টোপনি কম আছিল বাবে সেই ৰোমাঞ্চকৰ শব্দত অলপ বেছি সময় পাৰ কৰাৰ সুবিধাকণ পালোঁ। ৰাতিপুৱা উঠি খাই বৈ ওলালো পৰৱৰ্তী কেম্প পাৰ্ৱতি বাঘলৈ বুলি ওলালোঁ। পাৰ্ৱতি বাঘ পালোগৈ ২ টা বজাত। পাৰ্ৱতি বাঘ হ’ল সেউজীয়া দলিছাৰ অন্ত আৰু শিলৰ আৰম্ভণী। আমাৰ কেম্পৰ পৰা অলপ ওপৰৰ পৰা শিল আৰু শিল,অলপ দুৰ যোৱাৰ পিছত শিলৰ মাজে মাজে বৰফ।কেম্পচাইতৰ দুকাষে ওখ শিলৰ পাহাৰ। একাষে অলপ আতৰত দ য’ত পানীৰ এটা ধাৰ আহি বৰফ হৈ গৈছে। আৰু পাহাৰটোৱেদি বৈ অহা কেইবাটাও জুৰি আহি বৰফ হৈ পৰিছে, মুঠতে যেনিয়েই চাওঁ প্ৰকৃতিয়ে নিজ হাতেৰে গঢ়া অপৰূপ শুভা। আৰু আমাৰ কেম্পৰ পৰা ওলাইয়ে দেখা যায় য’ৰ পৰা এটা এটাকৈ পাহাৰ ওলাই গৈ চকুৰে ঢুকি পোৱালৈকে কেৱল পাহাৰ আৰু পাহাৰ… আৰু ডাৱৰ বোৰে আহি তাত খেলা পাতিছেহি। 
আমি কেম্প পাইছোহে মাত্ৰ ডাৱৰে আহি তৎ মুহুৰ্ততে সকলোকে ঢাকি পেলালে। ডাৱৰে চুই যোৱা সেই অনুভৱ প্ৰকাশ কৰিবলৈ মই ভাষাৰ অভাৱ অনুভৱ কৰিছো। অলপ সময় পিছত বতৰ ফৰকাল হ’ল। ইতিমধ্যে আমাৰ লগ লাগিছিলহি চল’ ট্ৰেকাৰ মাধৱ শৰশ্বত। তেওঁ অকলে কঢ়িয়াই ফুৰিছিল প্ৰায় ২৫ কিলো ওজনৰ বেগ। য’ত প্ৰয়োজনীয় সকলো বস্তু তেওঁ লৈ ফুৰিছিল। আমি সকলো কেম্পৰ পৰা অলপ আতৰত বহিলোঁ ঘুৰণীয়াকে। আৰম্ভ হ’ল সংগীত আৰু আড্ডা। সপোন সপোন যেন লগা এটা পৰিৱেশ। পৰ্বত, সংগীত আৰু আড্ডা। কিমান সময় পাৰ হ’ল গমেই নাপালোঁ। হঠাৎ বৰষুণ অহাত সকলো গৈ কেম্পত সোমালোঁ। এইবাৰ আড্ডা বহিল কেম্পৰ ভিতৰত আৰু বাহিৰত ধাৰাষাৰ বৰষুণ। মনে মনে সময়ক ৰৈ যাবলৈ অনুৰোধ কৰিছিলোঁ… আন্ধাৰ নামি আহিছিল। খাই বৈ শুই থাকিলো কাৰণ পিছদিনা চামিতৰ বাবে আমি ৰাতিপুৱা ৪ টাতে যাত্ৰা কৰিব লাগিব। কিন্তু হিমালয়ে আমাক আৰু আগুৱাই যোৱাটো হয়তু বিচৰা নাছিল। ৰাতিৰ পৰাই বৰষুণৰ প্ৰকোপ বাঢ়িছিল আৰু লগ লাগিছিলহি বহুত জোৰেৰে বলা বতাহ। সকলোৰে মনবোৰ অলপ থমকি গৈছিল। পিছদিনা গোটেই দিনটো বতাহ বৰষুণ নকমিল। ফলত বতৰ ভাল হোৱালৈ অপেক্ষা কৰাৰ বাদে আন উপায় নাছিল। ঠাণ্ডা আছিল যথেষ্ট। তিনিদিন ধৰি পানী চুৱাৰ সাহস হোৱা নাছিল। সেইদিনাও গোটেই দিনটো কেম্পৰ ভিতৰতে সংগীতৰ আড্ডা বহিল(কাৰণ বাহিৰৰ বতাহ বৰষুণত ওলোৱাৰ দুঃসাহসকণ কাৰো হোৱা নাছিল) আৰু লগত আছিল সকলোৰে জীৱনৰ অভিজ্ঞতা আৰু অভিজ্ঞ পৰ্বতাৰোহী সকলৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰে ভৰা ৰসাল কাহিনী।xondhan-himalaya-rubi-borah 3

বতৰ একেই থাকিল। পিছদিনা পুৱা ১০ বজালৈকে বতৰ সলনি নোহোৱাত ঘুৰি অহাৰ সিদ্ধান্ত ল’লে আমাৰ গাইডে, কাৰণ পৰৱৰ্তি পথচোৱা যথেষ্ট কঠিন আছিল যিটো প্ৰতিকুল বতৰত অতিক্ৰম কৰাটো একেবাৰে কঠিন। পৰ্বতৰ পৰিস্থিতিক সন্মান কৰি ঘুৰি আহিবলৈ সাজু হ’লোঁ।ভাল লাগিল ৪৫০০ মিটাৰ উচ্চতাত ৰসাল আড্ডা আৰু সুৰৰ মুৰ্চ্ছনাত এইদৰে দুটা দিন উপভোগ কৰাৰ সুবিধা কণ পোৱাৰ বাবে। উভতি আহি সেইদিনা আমি থকা কথা আছিল ঠাচৰুত। ২ মান বজাত আহি কাঞ্চু পালো ঠাচৰুলৈ তেতিয়াও যথেষ্ট বাকী। তাতে জিৰণী ল’বলৈ বহি দেখিলো ঠাইখনৰ অৱস্থান অতি মনোমোহা। আগফালে ওখ পাহাৰবোৰ, সোঁফালে চাপৰ পাহাৰবোৰত ডাৱৰৰ লীলা খেলা আৰু আমি তাত বহি থাকোতেই ডাৱৰে আহি আমাক ঢাকি পেলাইছিলহি, অকনমান দুৰত আছিল আগলৈ অলপ আগবাঢ়ি থকা এখন ঘাঁহনি যিখন দেখাত ওলমি থকা এখন সেউজীয়া দলিচাৰ দৰে লাগিছিল। প্ৰকৃতিৰ এই শোভাত ভোল গৈ সকলোৱে সেইদিনা তাতে কেম্প কৰাৰ মন মেলাত গাইডেও সন্মতি দিলে। আমাক আৰু কোনে পাই। সকলোৱে নিজৰ নিজৰ ভাগে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাত লাগিল। মই ইতিমধ্যে উল্লেখ কৰা সেউজীয়া দলিছাখনত প্ৰায় এঘন্টা সময় বহি আছিলোঁ অকলে। তাৰ মাজতে ডাৱৰে এনেকে ঢাকি পেলাইছিল দলৰ কোনেও কাকো দেখা পোৱা নাছিলোঁ।সকলোৰে মন ভৰাত কেম্পত আৰম্ভ হ’ল অন্তাক্ষৰী, দম চৰাচ, ট্ৰুথ এণ্ড ডেয়াৰৰ দৰে মনোৰঞ্জনমুলক খেল।সেইদিনাৰ আহাৰতো আছিল যথেষ্ট সোৱাদ। সকলোৱে খাই বৈ সোনকালে শুই গ’লোঁ।xondhan-himalaya-rubi-borah
পিছদিনা অৰ্থাৎ ২৯ জুনৰ পুৱা ৭ টাত পুনৰ উভতনি যাত্ৰা আৰম্ভ হ’ল। থিয় শিলৰ পথচোৱাত উভতি আহোতে বিৰাত আমনি লাগিছিল। ভৰি কপি গৈছিল। তাতে বৰষুণত তিতি যথেষ্ট পিচলো হৈ আছিল। মই ভুলতে এবাৰ গছৰ শিপাত ভৰি দি পিচলি গৈ কিবাকে হে তলিত পৰাৰ পৰা বাছিলোঁ। অৱশেষত সন্ধিয়া ৭:৩০ ত চিংগাড় পালোঁ। সম্পূৰ্ণ ছদিনৰ পিছত গাটো ধুলো। চাহ খালোঁ, ভাত খালোঁ অলপ কথা পাতি শুব গ’লোঁ। মনটো দুখত ভৰি পৰিছিল, মান্তি হোৱা নাছিল পাহাৰবোৰ এৰি আহিবলৈ। কিন্তু পুনৰবাৰ যাবলৈকেটো আহিব লাগিব মই মনটোক বুজাইছিলোঁ। বাস্তৱক মানি পিছদিনা পুৱা ওলালো চিমলালৈ বুলি। গোটেই পথছোৱাত সকলোৰে মনবোৰ ভাৰাক্ৰান্ত হৈ পৰিছিল এৰা এৰি হোৱাৰ দুখত। অচিনাকী ব্যক্তিৰে গঢ়ি উঠা অতিকে আপোন পৰিয়ালটোৰ পৰা অশ্ৰুসিক্ত নয়নেৰে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈ ৰাতি চিমলাত বাছত উঠি পুৱা দিল্লী পালোঁ। দিল্লীৰ পৰা বিমানেৰে গুৱাহাটী পালো ২ বজাত। পল্টন বজাৰৰ অসম ৰাজ্যিক বাছ আস্থানতে গা ধুই অলপ জিৰণী লৈ ৰাতিৰ বাছত আহি লখিমপুৰৰ দেওতোলাস্থিত নিজৰ ঘৰখন পালোহি যদিও আনখন ঘৰ এৰি অহাৰ দুখে কেইবাদিনলৈও আমনি দি থাকিল। এক উৎকণ্ঠাৰ অন্ত পৰিল। এই গোটেই যাত্ৰাৰ সফলতাৰ আঁৰত থকা ব্যক্তি কেইজন অৰ্থাৎ মা,দেউতা, ভাইটি আৰু বাক পৰিয়ালৰ সদস্য হিচাপে পাই মই পুনৰবাৰ নিজকে সুখী অনুভৱ কৰিলো।

ৰুবী বৰা (লখিমপুৰ)

Share.

About Author

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.