আজি যেন সকলো নতুন, চৌপাশে এক নতুন পৰিৱেশ,নীল আকাশৰ তলত সেউজীবোৰে মনে প্ৰাণে উৰিছে, ফুলৰ মৌ-চুহি নানাৰঙী পখিলাবোৰেও যেন খিলখিলাই উঠিছে, সৌৱা, পখিলাৰ পিছে-পিছে মোৰ কণমানীজনী দৌৰি ফুৰিছে ।।
সঁচাকৈয়ে সময়বোৰ ন সাজেৰে সাজি কাচি আহিছে,চকুপানীৰ সলনি আজি হাঁহিবোৰে মুখখনি জিলিকাইছে, ল’ৰালিৰ সপোনটিয়ে আজি কংক্ৰিটৰ দেৱাল খহাই পোখা মেলিছে, আজি আকৌ নীল আকাশৰ সীমা বিচাৰি মনটো উৰি ফুৰিছে ।।
কিন্তু এইয়া কি? চকুকেইটা মেলিবলৈ বৰ কষ্ট হৈছে,ভয় লাগিছে কিজানিবা নতুনৰ অবাস্তৱ পোহৰক চিৰপৰিচিত আন্ধাৰে গিলি থয়, কাৰণ, ভয়াবহ বৰ্ণণাতীত কোঠা আৰু দুটি দেহ ঢাকিবলৈ দুযোৰ মলিয়ন কাপোৰেই যে মোৰ আৰু মোৰ কণমানীজনীৰ বৰ্তমান পৰিচয় ।।
সপোনৰ পিছে-পিছে দৌৰি-ফুৰা স্বাধীনচিতিয়া মই জনীক এদিন নাৰী জীৱনৰ বান্ধোনে মেৰিয়াই ধৰিছিল, মৰমেৰে আৱৰি ৰখা বান্ধোনটি লাহে লাহে লোহাৰ শিকলীৰ আকৃতি লৈছিল, মোৰ ভৱিষ্যত পৰিচয় বহনকাৰী সপোনটিৰ ৰূপ সলাই মাতৃত্বৰ সাজ পৰিধান কৰিছিল, এটি কন্যা সন্তানক বুকুত লৈও নিজ সপোলটিক জীয়াই ৰাখিবলৈ কৰা আপ্ৰাণ চেষ্টাৰ এনেদৰেই এক অকল্পনীয় পৰিসমাপ্তি ঘটিছিল ।।
শ্ৰী নীহাৰিকা শৰ্ম্মা
নগাঁও ,চামগুৰি
8638571396