এমুঠি হাঁহি
হত্যা কৰা
সেই অহংকাৰ নামৰ বিষাক্ত সাপটোক ,
যিয়ে তোমাৰ দেহাতে বাসলৈ
তোমাকে ধ্বংসন কৰাৰ
পৰিকল্পনা ৰচে ৷
কোবাল সোঁতত ৰৈ যোৱা,
ধুই পখালি পেলোৱা
তোমাৰ হৃদয়ত চানি ধৰা
ঈৰ্ষা নামৰ মলিনতা ৷
মুকলি আকাশত এবাৰ হাত মেলি দিয়া,
এমুঠি হাঁহি খামুচ মাৰি ধৰা
হাঁহি মুঠি আনি ওঁঠত সানি লোৱা ৷
যদি দুখ নামৰ বেলিকা আছে
তেন্তে বিদায় দিয়া ৷
এতিয়া আগুৱাই যোৱা,
কাঞ্চনজংঘাৰ শিখৰত উৰিছে
তোমাৰ সফলতাৰ ধ্বজা;
যুঁজি যুঁজি গৈ থাকা
জ্ঞান নামৰ অস্ত্ৰ লগত লবা ৷
আত্মবিশ্বাস আৰু ধৈৰ্য্য নামৰ দুটা শিল
তোমাৰ পিঠিত বান্ধি লবা,
লাহে লাহে গৈ শিখৰত থিয় দিবা
আন্ধাৰত জোনাক হৈ,
এমুঠি হাঁহি ছটিয়াই দিবা
আন্ধাৰে ছাতি ধৰা
দুখে জুৰুলা কৰা
এই ধৰালৈ ৷ ৷
© নাজমল হুছেইন
লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়
তৃতীয় ষান্মাসিক (ভুগোল বিভাগ)
ঢেকিয়াজুলি,শোণিতপুৰ (অসম)
পিন ৭৮৪১১০
ফোন নং _ ৯৫৭৭০৮৬০৪০, ৮৩৯৯৯৩৬০৪০
e-mail. [email protected]
1 Comment
ধুনিযা কবিতা