জীৱন গঢ়াৰ সহায়ক এখনি গন্থ: পংকজজ্যোতি মহন্তৰ ‘প্ৰতিভাৰ উৎস’

0

জীৱন গঢ়াৰ সহায়ক এখনি গন্থ: পংকজজ্যোতি মহন্তৰ ‘প্ৰতিভাৰ উৎস’

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে কেইদিনমান আগেয়ে তেওঁৰ ‘কথা-বাৰ্তা’ শীৰ্ষক টেলিভিছনৰ অনুষ্ঠানটোত বৰ গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছিল। ‘লেখকে কিদৰে লিখে’ বিষয়ক মনোগ্ৰাহী আলোচনাটিত তেওঁ দৃঢ়তাৰে কৈছে- ‘অসমীয়া মানুহৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ আৰু হাবিয়াস চিৰদিন অটুট আছে। পাঠকে সদায়েই মনৰ খোৰাক পোৱা বিভিন্ন বিষয়ৰ ভিন্ন ধৰ্মী লেখা পঢ়িবলৈ বিচাৰে। কিন্তু সেই অনুপাতে অসমীয়া সাহিত্যিক সকলে পাঠকৰ চাহিদা পূৰাবলৈ সক্ষম হোৱা নাই।’ কথাখিনি একেবাৰে মিছা নহয়। কাকতে-পত্ৰই হওক বা কিতাপ-আলোচনীতেই হওক, ‘লেখা মেলা কৰা মানুহ’ বুলিলে সাধাৰণ অসমীয়া লোক এজনে যি ধৰণৰ সন্মান আৰু সমীহৰ দৃষ্টিৰে চায়, সেই একে ধৰণৰ সন্মান অন্য এখন ক্ষেত্ৰৰ বহু প্ৰতিষ্ঠালব্ধ ব্যক্তিয়েও লাভ কৰিবলৈ সক্ষম নহয়। কিন্ত্ত তাৰ বিপৰীতে অসমীয়া লেখক সকলে পাঠকৰ আৱশ্যকীয়তা অনুযায়ী কিতাপ পত্ৰ যোগান ধৰিব পৰা নাই। অসমীয়া পাঠকে বিগত বহু বছৰ ধৰি প্ৰবীণ লেখক-লেখিকাৰ কেইখনমান কিতাপৰ মাজতে নিজক আৱদ্ধ ৰাখিবলৈ বাধ্য হৈছে। নতুন নতুন বিচিত্ৰ বিষয়ৰ মননশীল লেখা তথা চিন্তাৰ খোৰাক জন্মাব পৰা কিতাপ দিবলৈ নবীন লেখকসকল দুখলগাকৈ ব্যৰ্থ হৈছে। সৰ্বসাধাৰণতকৈ কিছু অধিক শব্দ ভঁৰালেৰে বাক্য গাঁঠনিত নিপুণতা দেখুৱালেই কোনো এজন লোকে সাহিত্যিক স্বীকৃতি নাপায়। তেওঁৰ লেখাৰ জৰিয়তে যদি সমাজৰ ক্ষুদ্ৰ এক শ্ৰেণীৰো মানসিক চৰিত্ৰৰ সামান্যতম উত্তৰণ নঘটে, তেন্তে সেই লেখাৰ সাহিত্যক মূল্যও তেনেই কম। সৰহভাগ সময়তে দেখা পোৱা যায় অসমীয়া সাহিত্যিক সকলৰ বেছি ভাগেই দৈনন্দিন জীৱনৰ সুখ-দুখ, হাঁহি-কান্দোন আদি সৰু সুৰা বিষয়ৰ গল্প, উপন্যাসৰ মাজতেই নিজকে সীমাবদ্ধ ৰাখিব বিচাৰে। সীমাৰ পৰিধি ভাঙি প্ৰজ্ঞাৰ বিশাল সাগৰখনত সাঁতুৰিবলৈ তেওঁলোকৰ কোনো আগ্ৰহ আৰু চেষ্টা নাই। ইয়াৰ কাৰণ বোধকৰো প্ৰায়ভাগ নবীন লেখকৰে অধ্যয়নৰ প্ৰতি থকা এলাহ আৰু অনীহা। তেওঁলোকে কেৱল লিখিবহে বিচাৰে, কিন্ত্ত লিখাৰ আগেয়ে তেওঁ যে এগৰাকী ভাল পঢ়ুৱৈ হোৱাতোও অতিশয় বাঞ্চনীয় সেই কথা উপলব্ধি কৰিব নোৱাৰে। এই অভিযোগ মননশীল আৰু সৃষ্টিশীল দুয়োধৰণৰ লেখা-মেলা কৰা সকলৰ ক্ষেত্ৰতে প্ৰযোজ্য। অধ্যয়নৰ সীমা সীমিত বাবে তেওঁলোকৰ মনৰ সীমাও সীমিত যাৰ দুখলগা প্ৰতিফলন দেখা পোৱা যায় তেওঁলোকৰ অপৈনত লেখা-মেলা বোৰত।xondhan-book-reviwe-protibhar-utso

অসমীয়া সাহিত্যৰ এনে বৌদ্ধিক দৈন্যৰ মাজতো অৱশ্যে দুই এগৰাকী লেখকৰ দুই এখন কিতাপে মাজে সময়ে আমাক কিছু আশাৰ ৰেঙনি দেখুৱাইছে। সদ্যসমাপ্ত উত্তৰ-পূৱ গ্ৰন্থমেলাত প্ৰকাশিত তেনে এখন ভিন্নস্বাদৰ মননশীল গ্ৰন্থ হ’ল নবীন লেখক পংকজজ্যোতি মহন্তৰ ‘প্ৰতিভাৰ উৎস’। প্ৰজ্ঞা আৰু জীৱনবোধৰ অনুপ্ৰেৰণামূলক একৈছটা প্ৰবন্ধৰ একত্ৰ সংকলন ‘প্ৰতিভাৰ উৎস’ৰ প্ৰতিটো শাৰীতেই লেখকৰ অধ্যয়নপুষ্ট মনটোৰ উমান পোৱা যায়। স্বৰূপাৰ্থতে কিতাপখনিৰ পাতে পাতে বৰ্ণিত হৈছে দুৰ্গম যাত্ৰা, যুগান্তকাৰী অন্বেষণ তথা সাধাৰণ মানুহ অসাধাৰণ হৈ উঠাৰ আখ্যান। কিতাপখনৰ যোগেদি এফালে যদি লেখকে অসমীয়া উদ্ভাৱক তথা নীৰৱ সাধক উদ্ধৱ ভৰালীক তুলি ধৰিছে, আনফালে পাঠকৰ সৈতে চিনাকি কৰাই দিছে গণিতৰ ফিলড মেডেল বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ মাৰিয়াম মিৰ্জাখানিৰ সৈতে। এফালে যদি লেখকে ভৌগোলিক আৱিস্কাৰৰ বিস্ময়কৰ কাহিনীৰে সকলোৰে মন ৰোমাঞ্চিত কৰিছে, আনফালে দুহাত দুভৰি নোহোৱা নিক ভয়িচিৰ বৰ্ণিল জীৱনেৰে পাঠকৰ মনত প্ৰেৰণাৰ জোৱাৰ তুলিছে। প্ৰবন্ধ সংকলনখনিৰ প্ৰথম প্ৰবন্ধটোৰ শিৰোনামটোৱে বেচ ব্যতিক্ৰমী তথা চিত্তাকৰ্ষক। ‘দেৱদাস আৰু ৰিচাৰ্ড ফিলিপছ ফাইনমেন’ শীৰ্ষক প্ৰবন্ধটোত লেখকে দুটা সম্পূৰ্ণ ভিন্ন চৰিত্ৰৰ মাজত তুলনামূলক বিশ্লেষণ আগবঢ়াইছে। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ অমৰ চৰিত্ৰ দেৱদাসে জীৱনৰ অসফলতা আৰু প্ৰেমৰ ব্যৰ্থতাত হতাশ হৈ নিজকে তিলতিলকৈ ধ্বংস কৰাৰ বিপৰীতে মাৰ্কিন পদাৰ্থবিদ তথা সৰ্বকালৰ এক ‘জিনিয়াছ’ ৰিচাৰ্ড ফাইনমেনে সেই ব্যৰ্থতাৰ মাজতো সৃষ্টিশীলতাৰে নিজক আৰু সমাজক উজ্জীৱিত কৰি তুলিছে। ঠিক একেদৰে কেৱল যে জন্মজাত প্ৰতিভা লৈয়ে গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজন চিৰস্মৰণীয় ব্যক্তিসত্ত্বালৈ ৰূপান্তৰিত হোৱা নাছিল, তাৰ সৈতে সংপৃক্ত হৈ আছিল তেওঁৰ অমানুষিক পৰিশ্ৰম আৰু অনুশীলন, সেয়া বৰ্ণিত হৈছে ‘ৰামানুজনৰ কেটোৰাময় ক’লা কিলাকুটিটো’ শীৰ্ষক প্ৰবন্ধটোত। ফলিত দিন-ৰাতি গণিতৰ যোগ-বিয়োগ, সমীকৰণ সমাধান কৰোতে প্ৰতিবাৰে মচিবলৈ কাপোৰ বিচাৰি থকাটো ৰামানুজনৰ বাবে আছিল সময়ৰ অপচয়। সেয়ে সেইবোৰ মচিবলৈ তেওঁ ব্যৱহাৰ কৰিছিল নিজৰ কিলাকুটিটো। যাৰ ফলত কিলাকুটিটো এসময়ত খহটা আৰু ক’লা হৈ পৰিল। কিমান কৃচ্ছ্ৰসাধনাই তেওঁক ‘ৰামানুজন’ কৰি তুলিলে এইয়া তাৰ এক উদাহৰণ। ভৌগোলিক সত্যৰ অন্বেষণ, আৱিস্কাৰ আৰু দুঃসাহসিক অভিযানৰ মন উদ্বেলিত কৰা সজীৱ বৰ্ণনা আছে ‘এডমাণ্ড হিলাৰী: প্ৰথম ত্ৰি-মেৰু বিজয়ৰ খ্যাতিকো অতিক্ৰমী এজন সমাজসেৱী’ আৰু ‘এণ্টাৰ্কটিকাৰ সমীপত আৰ্নেষ্ট শ্বেকলটনৰ অন্তিম নিশাকেইটা’ শীৰ্ষক দুটা প্ৰবন্ধত। ‘অশ্ৰুসিক্ত এণ্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহুৰ্তটো’ প্ৰবন্ধটোত বৰ্ণিত হৈছে গণিতৰ এক জটিল উপপাদ্য সমাধা হোৱাৰ এক চিত্তাকৰ্ষক ৰোমাঞ্চকৰ কাহিনী। প্ৰায় তিনিশ বছৰৰো অধিক কাল গণিতজ্ঞ সকলৰ নিদ্ৰা হৰা ‘ফাৰ্মাৰ উপপাদ্য’ শীৰ্ষক সংখ্যাতত্ত্বৰ জটিল এক সমীকৰণ সমাধা কৰাৰ লগত জড়িত হৈ ৰৈছে মানুহৰ জ্ঞান অন্বেষণৰ, প্ৰজ্ঞাৰ সাধনাৰ এক বৰ্ণময় ইতিহাস। গণিতৰ এই সমীকৰণ সমূহ বিমূৰ্ত হ’লেও সত্যৰ সম্ভেদ নোপোৱালৈ মানুহ কেতিয়াও তৃপ্ত নহয়। আৰু ইয়াৰ মাজতে লুকাই আছে মানুহ হোৱাৰ গৌৰৱৰ কাহিনী।

একান্ত নীৰৱ প্ৰচেষ্টাৰে মানৱ সমাজখনক সুস্থিৰ আৰু উন্নত কৰাৰ বাসনাত ব্ৰতী দুজন বৰেণ্য অসমীয়া যাদৱ পায়েং আৰু উদ্ধৱ ভৰালীক লৈ লেখকে লিখিছে দুটা প্ৰবন্ধ ‘অকলেই এখন অৰণ্য সৃষ্টি কৰা মানুহজন’ আৰু ‘নিজৰ উদ্ভাৱনেৰে আৰ্তজনক সহায় কৰিব খোজা এজন মানুহ’। মাত্ৰ একৈছ বছৰ বয়সতে মৃত্যুক আমন্ত্ৰণ কৰি লোৱা গণিতজ্ঞ ইভাৰিষ্ট গেলওৱাৰ আজৱ জীৱনৰ বৰ্ণনা কৰা হৈছে ‘ইভাৰিষ্ট গেলওৱাই যদি জীয়াই থাকিবলৈ শিকিলেহেতেন’ শীৰ্ষক এটি প্ৰবন্ধত। একেদৰে আন দুগৰাকী গণিতজ্ঞ মাৰিয়াম মিৰ্জাখানি আৰু টেৰেন্স টাওৰ ওপৰতো লেখকে আন দুটা অনবদ্য প্ৰবন্ধ লিখিছে। ‘গণিতৰ মোৎজাৰ্ট টেৰেন্স টাও’ শীৰ্ষক প্ৰবন্ধত উল্লেখিত টাওৰ পৰামৰ্শকেইটাই গৱেষক সকলক তেওঁলোকৰ গৱেষণাৰ কামত সহায় কৰাৰ লগতে নিশ্চয়কৈ ন ন বাটৰ সন্ধান দিব। শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি নিজৰ কৰ্মক্ষেত্ৰখনিত পাৰদৰ্শিতা দেখুওৱা তথা আক্ষৰিক অৰ্থত পংগুৰ গিৰি লংঘনৰ বহু প্ৰেৰণাদায়ী কাহিনী বৰ্ণন হৈছে ‘জেছ কুইন: এভৰি হেৰুৱাইও উদ্যমী মডেল’, ‘লিজ্জি ভেলাছকীজ: আটাইতকৈ কুৎসিত বুলি ঘৃণিত হৈয়ো যি অনুপ্ৰেৰণাৰ অক্ষয় উৎস’ আৰু ‘হিউ হাৰৰে সাজি লোৱা নিজৰ ভৰি দুখন’ শীৰ্ষক তিনিটা প্ৰবন্ধত। ‘জুবিন গাৰ্গ: হতাশাৰ ঘোৰ তমসা ফালি আগবাঢ়ি অহা এছাটি ৰ’দ’ শীৰ্ষক প্ৰবন্ধটি আংশিকভাৱে লেখকৰ ব্যক্তিগত ৰচনা। জুবিনৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ বহুকেইটা গীতে এচাম অসমীয়াৰ মনত নতুন এক উৎসাহৰ জোৱাৰ তুলিছিল। লেখকৰ জীৱনতো যে জুবিনৰ সেই অৰ্থৱহ গীতসমূহৰ বহু প্ৰভাৱ পৰিছে উক্ত প্ৰবন্ধটোত সেয়া তেওঁ মুকলিকৈ স্বীকাৰ কৰিছে। প্ৰবন্ধ সংকলনখনৰ আটাইতকৈ মনোগ্ৰাহী প্ৰবন্ধটো হ’ল শেষৰ ‘এয়াই দেখোন সময় সৃষ্টিশীলতাৰ’। প্ৰবন্ধটো পঢ়ি উঠি প্ৰতিজনেই মনত এক অনাবিল উদ্যম আৰু অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হ’ব।

কিতাপৰ শ্ৰেণীবিভাজনৰ এষাৰ কথা আছে- কিছুমান কিতাপ এক বিশেষ ঋতুত ফুলা ‘ছিজন ফ্লাৱাৰ’ৰ সদৃশ। সেইবোৰে কিছুদিনলৈ লহপহীয়া হৈ জকমকাই ফুলি উঠে। কিন্তু তাৰ পিছতেই পুনৰ হেৰাই যায়। আন কিছুমান ফুল কিন্ত্ত গোটেই বছৰজুৰি অলপ অলপ কৈ ফুলি প্ৰতি সময়তেই সুগন্ধি বিলাই থাকে। সেই সুগন্ধিৰে মানুহৰ মন-প্ৰাণ এক অপৰূপ স্নিগ্ধতাৰে ভৰাই ৰাখে।। আমাৰ দৃঢ় বিশ্বাস পংকজজ্যোতি মহন্তৰ ‘প্ৰতিভাৰ উৎস’ প্ৰবন্ধ সংকলনখনেও সেই দ্বিতীয় পৰ্য্যায়ৰ কিতাপৰ শাৰীতেই ঠাই পাবলৈ সক্ষম হ’ব। বিভিন্ন ক্ষেত্ৰৰ বৰেণ্য বহুকেইগৰাকী মনিষীৰ বৰ্ণিল কাহিনীয়ে প্ৰতিগৰাকীক পাঠকক উদ্বুদ্ধ কৰি জীৱন গঢ়াৰ বাটত আগবঢ়াই লৈ যাব।

:প্ৰাঞ্জল দাস,
এৰাগাঁও, ডাক-বালিপৰা,
জিলা- শোণিতপুৰ, অসম
পিন-৭৮৪১০১

(ইতিপূৰ্বে নিয়মীয়া বাৰ্তা  ত প্ৰকাশিত)

Share.

About Author

যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেক্‌ন'লজী, কুণ্ডৰাবাৰী, ডেকাৰগাঁও, তেজপুৰ- 784501 মোবাইল নং: 97065-92961

Leave A Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.