বৰপেটা কীৰ্তন ঘৰ স্থাপন কৰে 1585 চনত । ইয়াৰ আগতে বৰপেটাৰ নাম আছিল তাতি কুছি । মহাপুৰুষ মাধৱদেৱে গনক কুছিৰ পৰা শংকৰদেৱ বেহাৰলৈ যোৱাৰ পাছত সুন্দৰীদিয়ালৈ যায় তাৰ পাছত তাতি কুছিলৈ আহি ৰাম লাডুৱা বুঢ়াৰ চোমনি খনতেই বৰপেটাৰ কীৰ্তন ঘৰৰ আৰম্ভণি কৰে । 1587 চনত ৰাঙলিয়াল ঘৰ নিৰ্মাণ কৰাই ভাওনা ঝুমুৰা চালি নৃত্য আদিৰ বিকাশ ঘটাই । 1590 চনত অসুৰাৰি ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মনে মাধৱ দেৱৰ লগত তৰ্কত পৰাজিত হৈ বিজয়নগৰ বৰ্তমান সৰভোগত শাসনকৰ্তা চিলাৰাই পুত্ৰ ৰঘুদেৱক ক’লে যে ” বাউসীত এজন মহাজন আছে । নাম মাধৱ । সোন ৰূপেৰে ঘৰ কৰি যুৱতী স্ত্ৰী নচুৱাই সভাতে সাবটি লয় । ব্ৰাহ্মনক নামানে , ভাগৱত নামানে ….. তোমাৰ দেশত এনে অধৰ্মী অনাচাৰী হ’লে ৰজাৰ চত্ৰভংগ হয় , প্ৰজা ক্ষয় হয় , দুৰ্ভিক্ষ হয় ।”
তাৰ পিছত ৰজাই সুৰানন্দ ভাণ্ডাৰী বৰুৱা আৰু ৰূপাবৰ লস্কৰক মাধৱক ধৰিবলৈ পাচিলে । সুৰানন্দই হাজোলৈ যোৱা অজোহাত দেখুৱাই তন্ন তন্ন কৈ সকলো চালে আনকি পুৰুষে নাটৰ বাবে বক্ষ পৰিধাৰন কৰা কাঠৰ বক্ষও টিপি মেলি চাই মাধৱক বন্দী কৰে । যেতিয়াই হাতত গামোছাৰে বান্ধিবলৈ আগবাঢ়ি আহিল তেতিয়া ভকত সকলে কাকুতি মিনতি কৰিলে । সুৰানন্দই হাতকেৰিয়া নলগাবলৈ ৰূপ হাজাৰ টকা বিছাৰিলে । অৱশেষত বিছাৰি খোছাৰি তিনিশ টকা সংগ্ৰহ কৰি সুৰানন্দক যাচি হাতকেৰিয়া লগোৱাৰ পৰা বচাই লৈ ৰজাৰ ওচৰত নিলে । ৰজাই বিচাৰ কৰি মাধৱক নিৰ্দোষী বুলি মানি সসন্মানে এৰি দিলে । সেয়া আছিল 1591 চন । ঘুৰি অহাৰ পিচত মহাপুৰুষ মাধৱদেৱে মনৰ দুখত ন দিন বৰপেটা কীৰ্তন ঘৰত থাকি ভনীয়েকৰ অনুৰোধত সুন্দৰী দিয়া লৈ গুছি আহে তাত কিছু দিন থাকি আকৌ ৰজাক এটা পৱিত্ৰ স্থান বিছাৰি অনুৰোধ কৰিলে । ব্ৰাহ্মন সকলে তেওক গকুলত যাবলৈ কোৱাত তেওঁ পিছত আলোচনা কৰি হাজোলৈ যায় , তাত কিছুদিন থাকি বেহাৰলৈ যায়গৈ ।
তাৰ আগতেও গুৰুজনাই গনককুছিত থাকোতে গুৰুপত্নী কালিন্দী আই পাটবাউসীত থাকোতে মাধৱদেৱে খবৰ খাতি লৈ থকা বাবে বহু ৰটনা ৰটাত মাধৱদেৱে সুন্দৰীদিয়ালৈ গমন কৰিছিল । ইয়াৰ পাছৰে পৰা এনে ৰটনা আঁতৰাবলৈ মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰে , ই কোনো লিংগ বৈষম্য নহয় , কাৰন গুৰুজনাই কৈছে ” পুৰুষ প্ৰকৃতি হৈব একমতি , তেবেহে ৰহিব হৰিত ভকতি।” দ্ৰষ্টব্য এই যে কীৰ্তন ঘৰৰ আয়তন বৃন্দাবনী বস্ত্ৰৰ সমান , দীঘলে এশ বিশ হাত পুতলে ষাঠি হাত ।