ৰঙা আৰু ৰঙা, মাথো ৰঙা
দীঘলীয়া সেওঁতাত আঁকি দিছিলা
সেন্দুৰৰ ৰেখা,
আৰু কৈছিলা,
থাকিবা সদায় সেন্দুৰীয়া হৈ ৷
যতনেৰে সাঁচি ৰাখিছিলো
তোমাৰ হেঁপাহবোৰ
আৰু
হাঁহিৰে ভৰিছিল জীৱন ৷
আয়ে কৈছিল,
দীঘলকৈ লবি সেন্দুৰৰ ৰেখা
কুশলে থাকিব তোৰ মৰমবোৰ ৷
আইৰ মতেই কৰিছিলো,
প্ৰাণভৰি হাঁহিছিলো ৷
বগা হেনো ভাল নালাগে তোমাৰ
কৈছিলা তুমি,
মৰম হেনো থাকে ৰঙাৰ মাজত
তেনেহ’লে,
তুমি কিয় আঁতৰি গ’লা?
আজিতো তুমি বগায়েই পিন্ধিলা,
আৰু
মোকো দি থৈ গ’লা
তোমাৰ বগাখিনি ৷
এতিয়া আৰু সেন্দুৰৰ ফোঁট নালাগে মোক ৷
ফোন : ৯৯৫৭৮৫৭৩৭৫
4 Comments
this is really hear touching which has been written by my dearest mom…….. thanks xondhan to publish this poem in your wall@
ধন্যবাদ মঞ্জিল ৷
ধুনীয়া লাগিল
বৰ সুন্দৰ