সুখৰ গুণগুণনিবোৰ
শুনি জানো পায়….
অনুভৱৰ সময়কণোযেন
সুকীয়া ,
ক্ষন্তেকীয়া……
এন্ধাৰক সাবতি স্থিত
এই মন….
যাৰ উজ্জলতা অতিকৈ তীব্ৰ ৷
অস্পষ্ট আন্ধাৰৰ ৰেঙনিৰ
মাজতো বিচাৰি ফুৰাৰ
সাহস….
সুখৰ পোহৰকণ,
যাৰ বৰণ কোনেও নাই দেখা ৷
এটি আভাস মাথো ৷
গোটেই জীৱনৰ ইন্ধন
উৎসৰ্গিত ৷
ই যেন অমুল্য …
এন্ধাৰত খেপিয়াই ফুৰাৰ
এক আভাস ৷
নিজকে সান্তনা দিয়াৰ
এক প্ৰয়াস ৷
হৃদয়ৰ দুখবোৰ
হাহিৰ মাজেৰে বিৰিঙিছে
গালে মুখে…
যেন এক সৌভাগ্যৰ
দূৰ আশা ৷
দূখৰ অৱগুন্ঠন আতৰাই
সুখৰ বেলিতো
সাৰ পাব
সময়ৰ বাগিছাত,
ৰেঙনিৰ আভাই
উজলাব জীৱনৰ চাকি…..
-ৰূপকুমাৰ ডেকা,
সংগনক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ,
তেজপুৰ বিশ্ববিদ্যালয়