ডেকা সমাজ, উচ্চ শিক্ষা আৰু অসমৰ উদ্যোগীকৰণ ……
বিগত দুটা দশক পৰিলক্ষিত কৰিলে আমি দেখা পাম যে অসমত শিক্ষাৰ মানদণ্ড আৰু অসমীয়া ডেকাচামৰ উচ্চ শিক্ষাৰ প্ৰতি থকা ধাউতি যথেষ্টভাবে সলনি হৈছে ৷ সকলো ক্ষেত্ৰতে এক আন্তৰ্জাতিক মানদণ্ডৰ প্ৰতি লক্ষ্য ৰখা দেখা গৈছে ৷ অসমীয়াসকল এতিয়া বহুমুখি হ’বলৈ শিকিছে ৷ আৰু ই এক অতিকৈ আনন্দৰ কথা ৷ বিশ্বৰ আগশাৰীৰ দেশবোৰত বহু অসমীয়াই নিজক এজন সুদক্ষ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ বিজ্ঞান -প্ৰযুক্তিবিদ্যা , কলা ইত্যাদিৰ লগতে খেল ধেমালি আদিতো বহু অসমীয়াৰ নাম বিশ্বৰ ইতিহাসত খোদিত হৈছে ৷
প্ৰতি বছৰে যুৱ সমাজৰ কিছু অংশ অসমীয়া ভাৰতৰ বাহিৰৰ আগশাৰীৰ দেশবোৰত অথবা অসমৰ বাহিৰৰ বহুতো ঠাইত উচ্চ শিক্ষা বা সংস্থাপনৰ উদ্দেশ্যে গমন কৰে ৷ নিজৰ কামত সফল হৈ বহুতে বাহিৰতে অস্থায়ী বা স্থায়ী ভাবে নিজৰ জীৱিকা নিৰ্বাচন কৰি লয় ৷ খুব কম সংখ্যকে নিজ মাটিলৈ আকৌ উভতি আহে ৷
কিন্তু বহুতে নিজ মাটিত উভতি আহি নানা কাৰণত মুখ ঠেকেছা খাই আকৌ বেলেগ দেশ , বেলেগ ৰাজ্য আদিক সাৱতি ল’ব লগা হয় ৷ ইয়াৰ এক অন্যতম ঘাই কাৰণ হ’ল অসমৰ লেহেমীয়া উদ্যোগীকৰণ প্ৰক্ৰিয়া আৰু ইয়াৰ মানদণ্ড ৷
বিগত দুটা দশক যদি আমি ভালদৰে পৰ্য্যালোচনা কৰো তেতিয়া আমি গম পাম যে অসমৰ ভালেমান অৰ্থনৈতিক ভাবে স্বাৱলম্বী; ব্যক্তিগত ও ৰাজহুৱা খণ্ডৰ উদ্যোগ বৰ্তমান বন্ধ হৈ গৈছে অথবা খুবেই পৰিত্যক্ত অৱস্থাত পৰিচালনা হৈ আছে ৷ উদাহৰণ স্বৰূপে তুলসীবাৰীৰ “এপল” পলিয়েষ্টাৰ মিল , আমিনগাঁওৰ বনস্পতি উদ্যোগ, শিলঘাটৰ মৰাপাট উদ্যোগ ইত্যাদি বহুতো আগশাৰীৰ উদ্যোগ এতিয়া মৃত ৷ এটা সময়ত অসম গৌৰৱ এইবোৰ উদ্যোগক জীৱন দান দিবলৈ সক্ষম হোৱা নাই চৰকাৰো ৷ গতিকে এনে স্থলত স্বাভাৱিকতে কোনো এজন উচ্চ শিক্ষিত যুৱকে অসমখনত নিজকে প্ৰতিষ্ঠা কৰাৰ আগত বহুবাৰ ভাবি চাবই ৷ আৰু যদি উঠি অহা ডেকাচামক উপযুক্ত সা-সুবিধা খিনি কৰি দিব পৰা নাযায় তেন্তে যুৱ শক্তি আন কোনোবা আমোলাৰহে সহায়ক হ’ব ৷ কিছু কিছু ক্ষেত্ৰত সংস্থাপনৰ সুবিধা এতিয়াও এক প্ৰশংসনীয় পৰ্য্যায়ত আছে যদিও বাকি আন বহু ক্ষেত্ৰতেই ই এক ভয়ানক ৰূপ লৈছেগৈ ৷
এই ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণৰ প্ৰতিজন দায়িত্বশীল ব্যক্তিয়ে আগভাগ লোৱাটো নিত্যান্তই প্ৰয়োজনীয় ৷ কিয়নো বাহিৰৰ প্ৰায়বোৰ দেশেই সময়ৰ লগতে নিজকো একে গতিত সলনি কৰিবলৈ সক্ষম হৈছে ৷ কাৰণ কোনো ক্ষেত্ৰতে তেওঁলোকে নিজৰ মানৱ সম্পদ হেৰুৱাব নিবিচাৰে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে বাহিৰৰ দেশ সমূহে নিজ দেশৰ জীৱনধাৰা এক আন্তৰ্জাতিক স্তৰলৈ লৈ যাব সক্ষম হৈছে ৷ একেবাৰে নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় পৰ্য্যন্ত সকলোতে এক বুজন পৰিমাণৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ চিন্তাধাৰাৰ প্ৰতিফলন ঘটা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত সেই দেশসমূহৰ শিক্ষাই বিশ্বযুৰি ছাত্ৰ-ছাত্ৰীবোৰকো বাৰুকৈয়ে আকৰ্ষিত কৰিব ধৰিছে ৷ আৰু লগতে তেনে দেশবোৰত এক দ্ৰুত গতিত উদ্যোগীকৰণ প্ৰক্ৰিয়াও অতি নিয়াৰিকৈ পৰিচালনা হৈ আছে ৷
অৱশ্যে এতিয়া ভাৰতৰো কিছু কিছু ঠাইত (দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু , পঞ্জাৱ ইত্যাদি ) অত্যাধুনিক প্ৰযুক্তিবিদ্যা সম্বলিত পদ্ধতিৰ দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰা দেখা গৈছে ৷ অসমতো তেনে প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে যদিও এতিয়াও বাকি বহু ঠাইৰ তুলনাত বহুখিনিয়ে কম ৷ যাৰ ফলত তেনে ঠাই সমূহকে এক বুজন পৰিমাণৰ উচ্চ শিক্ষিত অসমীয়া ডেকা-গাভৰুৱে নিজৰ জীৱন-নিৰ্বাহৰ বাহৰ পাটি লোৱা দেখা গৈছে ৷
পৰোক্ষভাৱে; কিন্তু ইয়াৰ পৰা অসমৰ ভাবিব নোৱাৰা ধৰণেৰে ক্ষতি হৈ আছে ৷ কাৰণ কোনো এক দেশ বা জাতিৰ প্ৰধান শক্তি হ’ল সেই দেশৰ ডেকাচাম ৷ আৰু নিজৰ মাটিয়ে যদি নিজৰ ডেকা চামকে হেৰাই তেন্তে তেনে মাটিৰ ভৱিষ্যত কোনো ফালৰ পৰাই সুৰক্ষিত বুলি মানি ল’ব নোৱাৰি… ৷
– অলকেশ শৰ্মা,
মুখ্য-সম্পাদক, ‘সন্ধান’ অসমীয়া ই-আলোচনী
2 Comments
সম্পাদকৰ চিন্তাধাৰা যথেষ্ট উচ্ছমানৰ। কিন্তু ভাষা প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট কচৰৎ কৰাৰ প্ৰয়োজন আছে। কিছুমান বাক্যত খুট আছে।
ধন্যবাদ