ধৰা হ’ল, কোনোবা এটা সমষ্টিৰ পৰা দুজন প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে – এজন সৎ, কৰ্মোদ্যোগী, গুণী-জ্ঞানী ব্যক্তি; আৰু আনজন মাফিয়াৰাজ, প্ৰৱঞ্চনা তথা দুৰ্নীতিৰ প্ৰতীক৷ এই সমষ্টিটোত কোন জয়ী হ’ব আপুনি ক’ব পাৰিবনে? বুকুত হাত থৈ আপুনি ক’ব পাৰিবনে সৎ-নিকা প্ৰাৰ্থীজনৰ জয়ী হ’ব বুলি৷ আজি দেশৰ এনেকুৱা পৰিৱেশত এই প্ৰশ্নটিৰ উত্তৰ মোৰ অথবা আপোনাৰ হাতত নাই৷ অথচ সততাৰ জয়ী নিশ্চিতৰূপেই হ’ব লাগিছিল ৷ কিয়নো সততাৰ প্ৰতীক মহাত্মা গান্ধীৰ জন্ম কোনো আমেৰিকা-চীন-ৰাছিয়া বা ইংলেণ্ডত নহয় – তেওঁৰ জন্ম আমাৰ এই ভাৰতবৰ্ষতহে ৷ মহাত্মা গান্ধীক এনেকৈ ভগৱান সজোৱা হ’ল যে তেওঁক বন্দনা কৰি চোৰে চোৰ কৰিব পাৰে, হত্যাকাৰীয়ে কৰিব পাৰে হত্যা ৷ এইজনা তেজ-মঙহৰ মানুহজনক ষড়যন্ত্ৰমূলকভাৱে কিছুমান গধুৰ গধুৰ বিশেষণ জাপি দি এনেকৈ ভগৱানৰ শাৰীলৈ উন্নীত কৰা হ’ল যে জ্ঞাতে-অজ্ঞাতে আমাৰ মন-বোকাত এটা কথা পোত খাই গ’ল যে ভগৱানৰ কৃপাধন্য অতি-মানৱীয় অবিশিষ্ট পুৰুষহে ‘মহাত্মা গান্ধী’ হ’ব পাৰে; আমি সাধাৰণ যদু-মধুৱে নোৱাৰো ৷ ভূপেন হাজৰিকা ঢুকুৱাৰ পাচত এটা কথা লক্ষ্য কৰিছিলো যে তেওঁক ‘অসম ৰত্ন’, ‘ভাৰত ৰত্ন’ বুলি কৈয়ে ক্ষান্ত থকা নাই – দিছে ‘ব্ৰহ্মাণ্ড ৰত্ন’ও! এনেকৈয়ে মাটিৰ মানুহ, গণ-শিল্পীজনো আমাৰ পৰা ‘ভগৱান’ হৈ বহু দূৰলৈ আতৰি যাব ৷ মুঠতে, বিশেষণৰ অতি ভৰত সামাজিকভাৱে সফল ব্যক্তিসকলৰ কণ্টকিত জীৱনৰ কঠোৰ সংগ্ৰাম সাধনা তথা ত্যাগৰ কাহিনী তল পৰি যায় আৰু আমি ভাবিবলৈ বাধ্য হও বা আমাক ভাবিবলৈ বাধ্য কৰোৱা হয় যে তেওঁ আমাৰ নিচিনা সুখত হঁহা – দুখত দুখী হোৱা সাধাৰণ মানুহ নাছিল – তেওঁ আছিল ঈশ্বৰ প্ৰেৰিত দূত৷
সুফল ব্যক্তিসকলক আমি উপৰিউক্ত দৃষ্টিভংগীৰে বিশ্লেষণ কৰা বাবেই আমাৰ মাজত আমি এজন শংকৰ, বিষ্ণু বা জ্যোতিৰ অভাৱ ৷ অথচ সমসাময়িক পৰিস্থিতিত অসমী আইৰ বাবে শংকৰ, বিষ্ণু অথবা জ্যোতিৰ দৰে পুত্ৰৰ নিতান্তই প্ৰয়োজন যিয়ে এক সাংস্কৃতিক বিপ্লৱেৰে আমাৰ ঘূণে খোৱা তথাকথিত সমন্বয়ৰ সেতুঁখন অধিক দৃঢ়, নিকপকপীয়াকৈ বান্ধিব পাৰিব ৷ অসমী আই পুনৰ শংকৰ-বিষ্ণু-জ্যোতি-লাচিত-ইন্দিৰা মিৰিহঁতক আমাৰ মাজেৰেই ঘূৰাই পাব যদিও আমি নিম্নোক্ত কথাষাৰি উপলব্ধি কৰি এক প্ৰগতিশীল সুসংহত সাংস্কৃতিক বিপ্লৱৰ জন্ম দিব পাৰো:
“শংকৰ-বিষ্ণু-জ্যোতি কোনো ভগৱানৰ সন্তান
অথবা ‘ব্যতিক্ৰমিভাৱে’ ভাগ্যৱান লোকও নাছিল,
তেওঁলোকো আমাৰ দৰে তেজ-মঙহেৰে গঢ়া
সাধাৰণ মানুহ আছিল – কঠোৰ সংগ্ৰামৰ–
শ্ৰম-কৰ্ম আৰু ত্যাগৰ মাজেৰে মহান হৈছিল ৷”
মুঠতে, নানা সমস্যাই চেপি খুন্দি জুৰুলা কৰা অসমী আইক উদ্ধাৰ কৰিব পৰাকৈ আমাৰ মাজৰ পৰাই একো একোজন লাচিত বৰফুকন, শংকৰদেৱ, বিষ্ণুপ্ৰসাদ, হেমাংগ বিশ্বাসৰ জন্ম হ’ব পাৰে ৷ প্ৰয়োজন মাথো অকৃত্ৰিম স্বদেশপ্ৰেম, আইৰ মাতৃৰ বাবে কিবা এটা কৰাৰ দীপ্ত তৃষা আৰু লগতে প্ৰয়োজন সৎ সাহস, মানসিক দৃঢ়তা, কঠোৰ শ্ৰম, সাধনা আৰু ত্যাগ ৷ অৱশ্যে এজন বিপ্লৱী নেতাৰ বাবে বিশুদ্ধ বুৰঞ্জীৰ-ভূগোলৰ জ্ঞান থকাতো নিতান্তই প্ৰয়োজনীয় ৷ শেষত এটা কথা কওঁ যে অসম আন্দোলনৰ মাজেৰে কিছুমান তথাকথিত নেতাই লাচিত বৰফুকনৰ স্তৰ পাও পাও হৈছিল, কিন্তু সেই স্তৰ নাপাওতেই তেওঁলোকে বেয়াকৈ খহি পৰিল – একমাত্ৰ ‘লোভ’ ত্যাগ কৰিব নোৱাৰাৰ বাবে ৷
-প্ৰণৱ ঠাকুৰীয়া
সম্পাদক, সন্ধান