“তোৰে মোৰে দুৰ্নীতিৰে যাত্ৰা”
গাওঁ পঞ্চায়ত সভাপতিজনৰ মাহিলী দৰমহা পোন্ধৰ হাজাৰ টকা ৷ তেওঁৰ ৫ বছৰীয়া অৰ্থাৎ ৬০ মহীয়া কাৰ্যকালত উপাৰ্জন হ’ব ন লাখ টকা ৷ কিন্তু মই নিজেই দেখিছোঁ এগৰাকী গাওঁ পঞ্চায়তৰ প্ৰাৰ্থীয়ে নিৰ্বাচনৰ নামত খৰচ কৰিছে প্ৰায় সাত লাখ টকা ৷ উক্ত প্ৰাৰ্থী গৰাকী মধ্যবিত্ত পৰিয়ালৰ ৷ তাতে আকৌ সভাপতি পদত নিৰ্বাচন খেলিছে সাত গৰাকী প্ৰাৰ্থীয়ে ৷ গতিকে জয়ৰ নিশ্চয়তা নাই ৷ আছে সম্ভাৱনাহে ৷ তাৰ পাচতো তেওঁৰ সম্পত্তি, ভৱিষ্যৎ বন্ধকত থৈ হ’লেও জয়ৰ এই হেঁপেহুৱা হোৱা সপোনক সাকাৰূপ দিয়াৰ চেষ্টা কৰিছে, তাৰ অন্তৰালত নিশ্চয় গ্ৰাম্য উন্নয়নৰ স্বাৰ্থ জড়িত হৈ থকা নাই ৷ এই সাত লাখ টকীয়া নিৰ্বাচনী প্ৰচাৰৰ আঁৰৰ কথা এটাই- খঁক্ আৰু খঁক্ ৷ বৰ্তমানৰ প্ৰক্ষাপটত পঞ্চায়তৰাজ যেন দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণৰ এটা প্ৰক্ৰিয়াহে ৷ এনেকৈয়ে ‘গণতন্ত্ৰ’ক লুটিপুতি খোৱাৰ চক্ৰীয় প্ৰক্ৰিয়া এটা ভাৰতবৰ্ষত চলি আছে ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে এই প্ৰক্ৰিয়া অতি নগ্নভাৱে আমাৰ চকুৰ আগতে সংঘটিত হৈ আছে ৷ এইখিনি কথা লিখিবলৈ লোৱাৰ সময়ত মোৰ মনত এটি কথাই অগা-দোৱা কৰি আছে-
“আপোন ঘৰত লাগিলে জুই
জীয়া মানুহে
পাৰে জানো থাকিব ঘৰৰ ভিতৰত শুই…”
ক্ষমতাৰ বিকেন্দ্ৰীকৰণেই পঞ্চায়তৰাজৰ মূল উদ্দেশ্য ৷ কিন্তু যি দেখিলোঁ-শুনিলোঁ-বুজিলোঁ, তাৰ পৰা পঞ্চায়তৰাজ ক্ষমতাৰ কেন্দ্ৰীকৰণৰ এক আহিলা যেনহে বোধ হৈছে ৷ কি আঞ্চলিক, কি ৰাষ্ট্ৰীয়, সকলোবোৰেই বৈধ-অবৈধ পথেৰেই, ‘পানী’-টকা-অস্ত্ৰ দ্বাৰা পঞ্চায়ত দখলৰ যি সৰ্বোতপ্ৰকাৰৰ চেষ্টা চলাইছিল, সেই দেখুৱাই ৰাজনীতিক দলসমূহে কেনেকৈ পঞ্চায়তৰাজক ৰাজ্য আৰু কেন্দ্ৰত নিজৰ শক্তি বৰ্ধনত ঔষধ হিচাপে ব্যৱহাৰ কৰিছে ৷ মই ভাবো, পঞ্চায়তৰাজত কোনো দলীয় ৰাজনীতি থাকিব নালাগে ৷ দলীয় ৰাজনীতি থকা মানেই পঞ্চায়তৰাজক শিকলিবদ্ধ কৰাহে হয় ৷ তদুপৰি, বেলট পেপাৰৰ পৰা যিদিনাখন প্ৰতীকচিহ্ন উঠি যাব; থাকিব কেৱল প্ৰাৰ্থীৰ নাম, সিদিনাই প্ৰায় সত্তৰ শতাংশ পঞ্চায়তৰাজ সফল হ’ব বুলি আমি ভাবো ৷
অৱশ্যে ,বহু ভোটাৰ ৰাইজেও প্ৰাৰ্থীক অসৎ পথ ল’বলৈ বাধ্য কৰায় ৷ ‘আগতে টকা, পাছতহে ভোট’ – ভোটাৰ ৰাইজৰ এনে ভেঁটী খোৱাৰ মানসিকতাইও সৎ প্ৰাৰ্থীকো ভেঁটী খাবলৈ, দুৰ্নীতি কৰিবলৈ ঠেলি দিয়ে ৷ মুঠতে, ভাবনা অনুযায়ীহে পাওনা ৷
অনুন্নত ৰাস্তা, তলং ভতং ‘এই খহি পৰো-খহি পৰো’ ধৰণৰ দলংৰ কাৰণে বহু প্ৰাচুৰ্য্যৰে ভৰা তথা কুটীৰ শিল্পৰে চহকী গাওঁ (উদাৰহণ স্বৰূপে সৰ্থেবাৰীৰ কাঁহ শিল্প) বিশ্বায়নৰ সুফল লাভ কৰাত আৰু বজাৰ দখল কৰাত ব্যৰ্থ হৈছে ৷ তদুপৰি ধানখেতিখিনি কৰাৰ পিছত বছৰটোৰ বাকী মাহবোৰত আমাৰ খেতি-পথাৰবোৰ অব্যৱহৃত হৈ পৰি থাকে ৷ মুঠতে বাৰ মাহে খেতি-পথাৰত খেতি কৰি, পশুপালন, দুগ্ধ উৎপাদন কৰি, বয়ন শিল্প, কুটীৰ শিল্প আদিৰ জৰিয়তে কেনেকৈ চহকী তথা স্বাৱলম্বী হ’ব পাৰি তাৰ পথ যদি আমাৰ নিৰ্বাচিত প্ৰাৰ্থীসকলে দেখুৱাব পাৰে, তেতিয়াই আমাৰ পঞ্চায়তৰাজ সফল হ’ব ৷ তদুপৰি প্ৰত্যেক শিশুৱেই যাতে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হ’ব পাৰে, তাৰো নজৰ ৰাখিব লাগিব ৷ ৰাইজো হ’ব লাগিব সচেতন ৷ অন্যথা মহাত্মা গান্ধী কেৱল ‘নোট’বোৰৰ একোটা ছবি হৈয়ে থাকিব ৷
(বি:দ্ৰ:- উপৰোক্ত প্ৰাৰ্থীগৰাকী নিৰ্বাচনত পৰাজয়বৰণ কৰিছে ৷ কিয়নো বিজয়ী প্ৰাৰ্থীজন অৰ্থাৎ তেওঁৰ প্ৰতিদ্বন্দীজনৰ হেনো কম্বল-পানীটুপি-টকাৰ ব্যৱহাৰ তেওঁতকৈ বেছি আছিল ৷ এনেকৈয়ে কান্ধত কান্ধ মিলাই, হাতত হাত ধৰি ‘অতুলনীয় ভাৰত(Incredible India)’ৰ সুনীলিম আকাশত নতুন সুৰুজ আঁকিবলৈ বুলি আমি একেখন উৰাজাহাজতে উৰি যাত্ৰা কৰিছো ৷)
– প্ৰণৱ ঠাকুৰীয়া,
সম্পাদক, ‘সন্ধান’