ক্লান্তৰ সাগৰত নাওঁ মেলি দিওঁ
তুলুং ভুটুং কৰি
বাট বুলাই যাওঁ ……
নাঁৱৰীয়াৰ বঠাৰ কোবত শিথিলতা নামে
পানীৰ ঢাৰত তীব্ৰতা বাঢ়ে ..৷
চাৱমেৰিণৰ অভাৱত প্ৰচণ্ড শিলটোক সাবটি ধৰে
জীৱনে অন্য এখন পৃথিৱীলৈ বাট আঙুলিয়াই দিয়ে ৷৷
– নয়নী নাথ চৌধুৰী
কটন ৰাজ্যিক বিশ্ববিদ্যালয়