মৰম এটা অদৰকাৰী শব্দ..
কিয়, কাৰণ মানুহ আজি হৈ পৰিছে মাথো যন্ত্ৰ..
টকা পইছনো কি হয়.. কিয় এই কাগজৰ মূল্য মানুহতকৈ বেছি আজি..
মহাত্মা গান্ধীয়ে হাঁহি থকা এই সেইজীয়া কাগজ..
জোনেই পাই হেৰুৱাই মানৱতা.. আৰু হয় ৰজা..
যাৰ নাই তেওঁ হৈ পৰে মাথো এটি নিমাত জন্তু
তেওঁ যেন মূল্যবিহীন.. মাথো তেজ মঙহৰ এটা বেগ
২১বিংশ শতিকাৰ ভিৰৰ মাজত, ইমান ব্যস্ত জীৱনৰ মাজত..
ইমান দৌৰা-দৌৰিৰ মাজত.. মাথো এপল ৰৱলৈ কাৰো সময় নাই..
যদি ৰৈ অনুমান কৰে চাৰিওদিশে.. হয়তো মন কৰিব যে
অকণমান সুখতে সোমাই আছে গোটেই জীৱনৰ আমেজ..
মানৱতাৰ মাজতে আছে জীৱনৰ আচল অৰ্থ..
নিজৰ জীৱনৰ প্ৰত্যেকজন মানুহে যদি অলপ সহানুভূতি.. অলপ আবেক জগাই তুলে..
এই কাগজৰ মূল্য সৰু হৈ পৰে.. আমি জীয়াই থাকো এজনে সিজনৰ বাবে..
কিন্তু জীয়াই থকা সময়তে যদি আমি এজনে সিজনক অলপ মৰম দিব নোৱাৰোঁ..
জীৱন শেষ হ’লে সেইযে মহাত্মা গান্ধীয়ে হাঁহি থকা কাগজে..
আপোন জোনাকে কেতিয়াও সুখ দিব নোৱাৰে..
অলপ সময় ৰ আৰু.. নিজকে সুধোঁ.. হয় নে বাৰু
মৰম এটা অদৰকাৰী শব্দ
: কুঞ্জানয়ন দাস,
তেজপুৰ বিশ্ববিদ্যালয়