দূৰৈৰ আকাশত
টিক্-টিকিয়া ৰঙা বেলিটোৱে
গছপাতৰ মাজে ভূমুকিলে
অন্য এটা বেলিৰ
আৰক্ত দুগাললৈ মনত পৰে ৷
যদিওবা ব্যস্ত থাকে
শেতেলীৰ সম্ভানাময়ী মজিয়াত ৷
চুলিতাৰি পৰি থাকে,
মেঘেৰ দুচকুত-তচনচ ৷
– মানৱ জ্যোতি কলিতা,
নলবাৰী মহাবিদ্যালয়, নলবাৰী
ম’বাইল: ৯৫০৮৬-৩৮৩৮৩