মানুহ আৰু জন্তু ৷ মানুহো জন্তুৱেই ৷ অথচ আন প্ৰাণীবোৰক তল পেলাই মানুহে আজুৰি আনিবলৈ সক্ষম হৈছে ‘সভ্য’ শব্দ ৷ জন্তুৰ পৰা মানুহলৈ কৰা এই যাত্ৰাই মানৱ সভ্যতাৰ ইতিহাস ৷ কিন্তু আমি ভাবি চাইছোনে কিয় আৰু কেনেকৈ কেৱল মানুহেই কৰিব পাৰিলে সভ্যতালৈ যাত্ৰা? ক্ৰমবিকাশ আৰু ক্ৰমবিৱৰ্তনৰ এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আহি জন্তুৰ পৰাই যি মানৱ জাতিৰ সৃষ্টি; তেন্তে কি এনে কাৰণ আছে যে আজি মানৱ জাতিয়ে কেৱল শ্ৰেষ্ঠত্বৰ আসন দখল কৰাই নহয় – সৰ্বত্ৰ নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে?
এইটোও ঠিক যে, চলন-ফুৰণৰ কাৰণে থকা আমাৰ দুই ভৰি আৰু হাত দুখনৰ সুবিধাজনক গঠনে আমাক দৈহিকভাৱে আন জীৱ-জন্তুতকৈ আগবঢ়া কৰি তুলিছে বুলি ভাবিলে ভুল কৰা হ’ব ৷ কিয়নো আমি দুঠেঙীয়া মানুহবোৰে অন্য জন্তুতকৈ বহু বেছি লাহে লাহে দৌৰিব পাৰো; আমাৰ বাহুবল-দাঁত-নখবোৰো তেনেই দুৰ্বল, আনকি লক্ষণীয়ভাৱে আমি পূৰ্বপুৰুষৰ দৰে গছ-গছনি বগাবলৈও আজি অক্ষম ৷ এনে দৈহিক গঠনেৰে মানুহ মাথো আন জীৱ-জন্তুৰ চিকাৰৰহে বলি হ’ব পাৰে ৷ কিন্তু মনত প্ৰশ্ন জাগে যে এই তুলনামূলকভাৱে দুৰ্বল দৈহিক গঠনেৰে আমি ধৰাৰ বুকুত বৰ্তি থকাই নহয়- ‘জীৱশ্ৰেষ্ঠ’ হোৱাৰ স্বাৰ্থত কেনেদৰে অন্য জীৱ-জন্তুক শোষণ কৰিছো? এই প্ৰশ্নৰ কোনেও সৰ্বশেষ শুদ্ধ উত্তৰ দিব নোৱাৰে, মাথো এক ধাৰণাগত মতামতহে আগবঢ়াব পাৰে ৷ কিন্তু ইয়াৰ বোধহয় আটাইতকৈ গ্ৰহণযোগ্য উত্তৰটো হ’বগৈ পাৰে প্ৰযুক্তি ৷ পৰিবৰ্তিত এই দুৰ্বল দৈহিক অবয়বেৰে এই ধৰাৰ বুকুত জীয়াই থকাটো বৃহৎ প্ৰত্যাহবান হৈ পৰিল ৷ প্ৰয়োজন হ’ল এক অৱলম্বনৰ ৷ এই প্ৰয়োজনতেই সৃষ্টি হ’ল যন্ত্ৰৰ ৷ আৰু তেতিয়াৰ পৰাই যন্ত্ৰৰ ওপৰত ভৰ দি মানুহে পৃথিৱীক দমন কৰি আহিছে ৷ মুঠতে প্ৰযুক্তিৰে আমাৰ এক এৰাব নোৱাৰা সম্পৰ্ক গঢ় লৈ উঠিছে ৷ ক’ব পাৰি- পৰিবৰ্তিত এই মানৱ অবয়বে প্ৰাকৃতিকভাৱে প্ৰতিকূল নোহোৱা বাবেই প্ৰকৃতিক শোষণ কৰিবলৈ বাধ্য হ’ল ৷ সম্ভৱত: আমাৰ মাজত জীয়াই থকাৰ স্পৃহা ইমানেই তীব্ৰ আছিল আৰু বন্য জীৱনলৈ ইমান বোৰ ভাবুকি আহিছিল যে ‘ফাইলোজেনেটিক’ বুৰঞ্জীৰ স্বভাৱজাত বংশানুক্ৰমিক জিনীম্চ বিন্যাসতকৈ আমি বৰ্হিজগতৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত বহু বেছি নিৰ্ভৰশীল হৈ পৰিলো ৷ অইন জন্তুৰ দৰে মানুহে কেৱল জৈৱিক তাড়না আৰু প্ৰবৃত্তিৰে বৰ্তি থাকিব নোৱাৰে আৰু সেয়েহে আমি আমাৰ যুক্তি আৰু চেতনাৰ সমন্বিত সিদ্ধান্ত তথা মানসিক বোধ আৰু জ্ঞানৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লগা হ’ল ৷ তদুপৰি ধৰাৰ বুকুত মানুহ হিচাপে জীয়াই থকাৰ স্বাৰ্থত আমি জীৱন ধাৰণৰ কাৰণে প্ৰয়োজনীয় কিছুমান জৈৱিক প্ৰবৃত্তিক নিয়ন্ত্ৰণ তথা দমন কৰিব লগা হ’ল ৷ যিহেতু আমি বন্য প্ৰাণিৰ দৰে স্বাভাৱিক মুক্ত জীৱন যাপন কৰিব নোৱাৰো সেয়েহে প্ৰায়ে আমি জৈৱিক তাড়নাৰ বিৰুদ্ধে কাম কৰিব লগা হয় ৷ এনেদৰে মানুহ হিচাপে জীয়াই থকাৰ স্বাৰ্থত আমাৰ প্ৰাকৃতিক তাড়না আৰু দমনক চিগমণ্ড ফ্ৰয়েডে ‘ego’ বুলি কৈছে ৷ এজন মানুহৰ জীৱনত প্ৰথম ‘ego’ৰ জন্ম হয় তেতিয়া, যেতিয়া শিশু অৱস্হাত প্ৰথম পায়খানালৈ যোৱাৰ অনুশীলন আৰম্ভ হয় ৷ যেনেদৰে পিতৃ-মাতৃ তথা সমাজে জাপি দিয়া নিৰ্দেশনুসাৰি প্ৰথমবাৰৰ বাবে পায়খানাৰ দৰে প্ৰাকৃতিক আহ্বানক দমন কৰি ৰাখিব লগা হয়, ঠিক সেইদৰে জন্তুৰ পৰা মানুহ হোৱাৰ পথত পৰিৱৰ্তিত দুৰ্বল শাৰীৰিক অবয়বেৰে এই পৃথিৱীত জীয়াই থাকিবলৈ মানুহেও নিজৰ স্বাভাৱিক জৈৱিক তাড়না-প্ৰবৃত্তিক দমন কৰিব লগা হৈছিল ৷ লক্ষণীয় ভাৱে এটি শিশু এজন সুন্দৰ সুঠাম যুৱকলৈ ৰূপান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোৱেই জন্তুৰ পৰা মানুহৰ বিৱৰ্তনৰ প্ৰক্ৰিয়াটোকেই দেখুৱাই অৰ্থাৎ ই যেন তাৰেই পুনৰাবৃত্তি ৷ জীৱন ধাৰণৰ নিমিত্তে কিছুমান জৈৱিক তাড়না আৰু প্ৰবৃত্তিক নিয়ন্ত্ৰণৰ বাবে বৰ্হিজগতৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাটো জৰুৰী আছিল আৰু ইয়ে ফ্ৰয়েভৰ ভাষাত ইগ’ৰ জন্ম দিছিল ৷ এই ইগ’ই মানৱ জাতিৰ প্ৰকৃতিক দমন তথা শোষণ কৰি প্ৰকৃতিৰ ওপৰতেই ভেজা দি বন্যজন্তুৰ পৰা মানুহলৈ ৰূপান্তৰ হোৱাৰ পথ সুগম কৰাই নহয়, মানুহক মানুহৰ দৰে জীয়াই থাকিবলৈ যথাৰ্থতা প্ৰদান কৰিছিল আৰু এনেদৰেই মানুহে মানৱ সভ্যতাৰ জন্ম দিবলৈ সক্ষম হৈছিল ৷
বুৰঞ্জী আৰু সমাজ অধ্যয়নে আমাক এই কথা স্পষ্টকৈ দেখুৱায় যে প্ৰতিটো উন্নয়নৰ বিনিময়ত আমি কিবা এটা হেৰুৱাব লগা হয় অথবা কিবা এটা দমন বা শোষণ কৰিব লগা হয় ৷ তদ্ৰুপ জন্তুৰ পৰা মানুহলৈ বিৱৰ্তন হোৱাৰ পথতো আমি প্ৰকৃতিক শোষণ তথা জীৱ-জন্তুক কৰিবলগা হৈছিল ৷ যেনেদৰে এজন ধনী মানুহ ধনী হয় দুখীয়াক দমন কৰি, যেনেদৰে পৃথিৱীৰ বাকী দেশবোৰক শোষণৰ জৰিয়তে আমেৰিকা আজিৰ আমেৰিকা হৈছে ঠিক তেনেকৈ মানুহো ‘মানুহ’ হৈছে প্ৰকৃতি আৰু জীৱ-জন্তুক দমন কৰি ৷ অৱশ্যে গুৰুত্বপূৰ্ণ কথাটো এই যে আমি কেৱল বৰ্হিজগতৰ প্ৰকৃতিকে যে দমন কৰিছো এনে নহয়, দমন কৰিছো আমাৰ মাজত সুপ্ত হৈ থকা বন্য জন্তুটোকো ৷ আমাৰ মনোজগতৰ ইদ(id)-এ আমাৰ মাজত ইগ’(ego)ৰ জন্ম দিছে আৰু এই ইগ’ই জন্ম দিয়া ধাৰণা আৰু কল্পনাই সভ্যতাৰ দেহ নিৰ্মাণ কৰিছে ৷ আৰু মানৱসভ্যতাৰ দেহ নিৰ্মাণত মুখ্য ভূমিকা লোৱা এই কল্পনা আৰু ধাৰণাসমূহ প্ৰজন্মলৈ জিনৰ জৰিয়তে নহয় সমাজৰ জৰিয়তেহে আহে ৷ মানৱ সভ্যতা বিকাশৰ পাছত মানুহে এনেদৰে সমাজ পাতি থাকিবলৈ লোৱাৰ ফলতেই মানুহে তেওঁলোকৰ মাজত সুপ্ত হৈ থকা জৈৱিক কামনা প্ৰবৃত্তিৰ নামান্তৰ সেই পশুটোক দমন কৰিবলৈ বাধ্য হ’ল আৰু তেতিয়াৰ পৰাই মানুহে কাহানিও অন্ত নপৰা মানসিক অন্তৰ্দ্বন্দৰ মাজত প্ৰৱেশ কৰিলে ৷ যিমানেই তথাকথিত সভ্য মানুহৰ সাজ পৰিধান কৰিবলৈ চেষ্টা কৰিছে সিমানেই এই অন্তৰ্দ্বন্দ বাঢ়ি গৈ আছে ৷ সেয়েহে ফ্ৰয়েডে অ-সভ্য জংঘলী লোকসকলক মানসিকভাৱে বেছি সুখী বুলি অভিহিত কৰিছে ৷ মানৱ সভ্যতা গঠনৰ বিনিময়তে আমি যি হেৰুৱাব লগা হ’ল সেয়া স্নায়ুসম্বন্ধীয় ৷ আমাৰ বাহ্যিকজগতৰ বাস্তৱতা, জৈৱিক তাড়না-প্ৰবৃত্তি-নৈতিকতা-সামাজিক নীতি-নিয়মৰ বিৰুদ্ধে আমাৰ অহৰহ-নিৰন্তৰ মানসিক অন্তৰ্দ্বন্দ চলি থাকে ৷ সমাজৰ মাজত থাকি আমি আমাৰ জৈৱিক তাড়নাক মুক্তভাৱে চৰিতাৰ্থ কৰিব নোৱাৰো; কেৱল আমি চাই থাকিব পাৰো অথবা দমন কৰিব পাৰো ৷ আমি জৈৱিক অথবা শাৰীৰিক সামৰ্থতাৰে জীয়াই থাকিবলৈ অক্ষম, অথচ মানসিক সামৰ্থ্যতাই আমাক জীৱনধাৰণৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্য্যই মানৱজাতিক ক্ৰমে এখন মহাকাব্যিক যুদ্ধৰ মাজলৈ লৈ যায় য’ত আমাৰ সংজ্ঞাত্মক সামৰ্থতা (cognitive abilities) জৈৱিক তাড়না প্ৰবৃত্তিৰ মাজত অহৰহ এখন যুদ্ধ চলে ৷ যদি কোনো বেলেগ গ্ৰহৰ প্ৰণী কেতিয়াবা পৃথিৱীলৈ আহে, তেতিয়া হয়তো যৌনতাৰ নিচিনা এক মৌলিক প্ৰয়োজন তথা তাড়নাক এনেদৰে দমন তথা শোষণ কৰা দেখি আচৰিত হৈ পৰিব ৷ অথচ যৌন বাসনা চৰিতাৰ্থৰ কাৰণে যে মানুহে কত ধৰণৰ বৈধ-অবৈধ পথ গ্ৰহণ কৰে ৷ এই মানসিক দ্বৰ্থতাই আমাক বিবুদ্ধিত পেলাই আৰু ইয়ে মানৱ মনক অধিক জটিল কৰি তুলিলে ৷
মুঠতে, মূল কথাখিনি হ’ল-
১) ধৰ্ম, সামাজিক নীতি-নিয়ম আদিয়ে নিষিদ্ধতাৰ আৱৰনেৰে আমাৰ প্ৰকৃতি প্ৰদত্ত, স্বভাৱজাত জৈৱিক তাড়না আৰু প্ৰকৃতিক এনেদৰে অৱদমিত কৰি ৰাখিছে যে তাৰ সুস্হ মুক্ত চৰ্চা আমাৰ বাবে অসম্ভৱ ৷ কিন্তু নিষিদ্ধতাৰ আবেদন সদায় তীব্ৰ ৷ সেয়েহে নিষিদ্ধকৰণৰ পাচতো মানুহে গুপুতে বা অৱচেতনভাৱে কল্পনা অথবা সপোনৰ আশ্ৰয় লৈ হ’লেও আনকি অবৈধভাৱে নিজৰ জৈৱিক তাড়না তথা প্ৰবৃত্তিৰ চৰিতাৰ্থ কৰে ৷ এপিনে সভ্যতাৰ সোপান বগোৱাৰ হাবিয়াস, আনপিনে মাজত শুই থকা সেই লুক-ঢাকহীন মুক্ত আচৰণ কৰিব বিচৰা সেই পশুটোৰ যুঁজখনে মানুহৰ মনটোক অনাদি কালৰ বাবে এক ভয়ানক মানসিক অন্তৰ্দ্বন্দৰ মাজলৈ ঠেলি দিলে ৷
২) মানুহ হোৱাৰ পথত পোন-প্ৰথমেই আমি প্ৰকৃতি, গছ-গছনি আৰু জন্তুক শোষণ কৰিলো ৷ গছ-গছনি, জন্তুক শোষণ কৰি আমি আজি মানুহ হ’লো আৰু এই শোষণেই আছিল শ্ৰেণী শোষণৰ আদিপাঠ আৰু এনেদৰেই আমাৰেই আপোন ভাই-ভনীসকলৰ মাজত দেখা দিলে অসমতা(inequality)ই ৷ তদুপৰি প্ৰকৃতিক শোষণ কৰিবলৈ গৈ আমি হেৰুৱালো প্ৰকৃতিৰ সৈতে আত্মিক নিবিড়তা যিয়ে আমাৰ মনক দিব পাৰিলেহেঁতেন অনাবিল প্ৰশান্তি৷