কিমান কেৰেট ডাইমণ্ড খটোৱা
নেকলেচ লাগে তোমাক…….?
৫০, ১১০ নে ১৪০…?
যদি কোনোবা এদিন বিল গেটচ্ ৰ দৰে হ’ব পাৰো
নিশ্চয় দিম….
নহ’লে এতুলা সোণ খটোৱা
গল্ডেন নেকলেচ্ এডালহে পাবা…
আকৌ এটা ডাঙৰ ইচ্ছা আছেই তোমাৰ..
ফেৰাৰীত গৈ 5 star হোটেলত
কেণ্ডেল লাইট ডিনাৰ কৰাৰ ইচ্ছা…
মুকেশ আম্বানীৰ দৰে যদি হওঁ
সেইটোও নিশ্চয় হ’ব…..
কিন্তু ইমানখিনি কিয় লাগে তোমাক…….?
তুমিতো এঞ্জেলিনা জলীৰ দৰে ধুনীয়া নহয়…
ছাকিৰাৰ দৰে ফেমাচ ছিংগাৰ নহয়….
তোমাক যে কেতিয়াবা কও….
তোমাৰ চকু যুৰি ধুনীয়া…
ওঁঠ যুৰি অতি কোমল…
গোটেইখন ঐশ্বৰ্য, কেটৰিণাৰ কম্বিনেচন তুমি…
সেই কাৰণেই অলপ লেভেল ন’….
কিন্তু তুমি জানানে নাই…
…..মইযে ছলমান খান নহয়…..।।
– ভিণ্টু দেউৰী
অসামৰিক অভিযান্ত্ৰিক বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়
1 Comment
Khub dhunia hoise…university r dainandin kahani