এইযে কিবা এটাই খেদি ফুৰে মোক প্ৰতিপল..
আগভেটি ধৰে মোৰ সপোনক …মোৰ হাঁহিবোৰক;
যাৰ পৰা পলাব খুজিও পলাব নোৱাৰো মই..
যাক জীৱন নামৰ কিতাপৰ
এক অপ্ৰয়োজনীয় পৃষ্ঠা বুলি
ফালি পেলাব নোৱাৰো মই ..
যি মোক হাঁহিৰ শেষত কন্দুৱায়;
যি মোৰ প্ৰাপ্তিৰ শেষত সংযোগ কৰে
অপ্ৰাপ্তিৰ দীঘল তালিকা ..
গধূলিৰ আকাশত আছে যি-
যি আছে ঘৰ হেৰুৱা পখীৰ গীতত ..
যি জোনাকৰ শেষত অহা আন্ধাৰৰ কথা কয়;
যি নতুনো এদিন পুৰণি হ’ব লগাৰ কথা কয়
যি সোঁৱৰায় মৃত্যুৰ কথা;
যি উৰুখা পঁজাত আছে
আছে সুদৃশ্য দালানতো ..
যাক এৰাই চলো বুলি এৰাব নোৱাৰো মই
যাক এৰাই চলিব নোৱাৰে হয়তো কোনোৱেই –
তাৰ নামেই হয়তো বিষাদ !
– লিপি ফুকন