আৰম্ভণি….
আশীৰ দশকৰ পৰা নব্বৈৰ ভাগলৈ নামণি অসমৰ যুৱক যুৱতী সমূহৰ মাজত জনপ্ৰিয় হোৱা এক অন্যতম খেল হ’ল “বাঘ ঐ .. বৰাহ ঐ…”। অতি কম খৰচী এই খেলবিধে খেলুৱৈ সকলৰ খেলুৱৈসুলভ প্ৰতিভাৰ বিকাশ ঘটোৱাৰ উপৰিও এক আনন্দময়ী শৰীৰ চৰ্চাৰ মাধ্যমো হৈ পৰিছিল। কণ কণ ল’ৰা-ছোৱালী সমূহৰ মাজত বৰকৈ জনপ্ৰিয় হোৱা এই খেলবিধে এক ব্যতিক্ৰমি স্বকীয়তাৰে সমূহৰ মাজত এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু দুখৰ কথা যে আধুনিকতাৰ প্ৰলেপত ৰঙীণ হোৱা আজিৰ অসমৰ খেলুৱৈয়ে এনে খেলক তাহানিতে অতিতত ৰূপান্তৰিত কৰিছে।
আৱশ্যকীয় ….
১. কৰবী ফুলৰ গুটি (যিহেতু এনে গুটি ডাঙৰ আছিল)
২. খেলা ঠাই খিনি অকণমান জঙ্ঘল থকা হ’লে বেছি ভাল
৩. খেলুৱৈ
নিয়ম ….
১. প্ৰথমতে এজনে ফুলৰ গুটি বোৰ লৈ থিয় হ’ব
২. কিছু পিছত গুটি বোৰ জংঘল ঠাই খিনিত যেনি তেনিয়ে ছটিয়াই দিব
৩. তাৰ পিছত আটায়বোৰে মিলি গুটি বোৰ বিচাৰিব
৪. গুটি বিছাৰি থকা সময়ত প্ৰতি জন খেলুৱৈয়ে “বাঘ ঐ.. বৰাহ ঐ” বুলি মুখেৰে উচ্চাৰণ কৰিব লাগে ( ইয়াৰ দ্বাৰা ইয়াকে সূচোৱা হৈছে যে জংঘলত বাঘো থাকিব পাৰে আৰু বৰাহো থাকিব পাৰে ; সেয়েহে গুটিবোৰ বিছাৰোতে সাৱধান হোৱা উচিত )।
৫. গোটেই কেইজনৰ ভিতৰত যিজন খেলুৱৈয়ে আটাইতকৈ বেছি গুটি সংগ্ৰহ কৰিব পাৰিব তেৱেই পৰৱৰ্তী সময়ত গুটি বোৰ জংঘলত ছটিয়াব পাৰিব।
এনেকৈয়ে খেলবিধক পৰিচালনা কৰা হয়।
এনেকুৱা খেলৰ ব্যৱসায়িক দিশটো উন্নত নহ’লেও এনেবোৰ খেলতেই অসমৰ পুৰণি দিনৰ উজ্জলতা অন্তৰ্নিহিত হৈ আছে। আজিৰ অসম যিমানেই আগুৱাই নাযাওক কিয় ; অসমৰ পৰিচয় চিৰদিন এনেকুৱা খেল সমূহতে পোৱা যাব। গতিকে আজিৰ যুৱ চামেও এনে খেলবোৰৰ অস্তিত্ব জীয়াই তোলাত অগ্ৰসৰ হোৱা নিত্যান্তই প্ৰয়োজন ; নহ’লে অসমক অসমৰ প্ৰকৃত চিনাকি দিব কোনে..?
( উক্ত খেল বিধৰ বাবে সবিশেষ জনোৱাৰ বাবে ৰঙিয়াৰ দিপীকা ভট্টচাৰ্য্য মহোদয়ালৈ “সন্ধান- এক নতুন দিগন্তৰ” তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো )