বৰ্তমান সময়ত ফেচবুক কেৱল মাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে সীমিত হৈ থকা নাই। নতুন প্ৰজন্মৰ মাজত ভাষা সাহিত্য চৰ্চাৰ মজিয়া হিচাপেও ফেচবুকে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। যি সময়ত ইলেকট্ৰনিক মাধ্যমৰ গ্ৰাসত পৰি গ্ৰ্ন্থ অধ্যয়নৰ লগতে সাহিত্য চৰ্চা যুৱচামৰ মাজৰ পৰা লাহে লাহে হেৰাই যোৱাৰ আশংকা কৰি বুদ্ধিজীৱিসকল উদ্বিগ্ন হৈছে সেই সময়ত ফেচবুকৰ জৰিয়তে হ’লেও নতুন চামৰ মাজত এনে এক সাহিত্য চৰ্চাৰ জোৱাৰ অহাটো নিশ্চয় অসমীয়া সাহিত্যৰ বাবেও সুখৰ বতৰা। ফেচবুকৰ এনে সু-ব্যৱহাৰৰ জৰিয়তে নতুন চাম যুৱক যুৱতীয়ে এই কথাও আওপকিয়াকৈ প্ৰমাণ কৰিব পাৰিছে যে তেওঁলোকৰ হাতত পৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত মামৰে ধৰা নাই, বৰঞ্চ নযুগৰ নচিন্তাৰে উদ্ভাষিত হৈ সময়ৰ সৈতে খোজ দি আগুৱাইহে গৈছে ।
ফেচবুকত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাৰ কথা ক’বলৈ গ’লে পোনচাটেই নাম ল’ব লাগিব ফেচবুকৰ ভেটিত গঢ়লৈ উঠা বিভিন্ন গোট বোৰৰ কথা । এইক্ষেত্ৰত ‘অসমীয়াত কথা বতৰা’ নামৰ গোটটিৰ কথা প্ৰথমেই উনুকিয়াব পাৰি । কেৱল ভাষা-সাহিত্যৰ চৰ্চাৰ মাজত সীমিত নাথাকিলেও এই গোটটোৰ জৰিয়তে বহুত কিজন লেখক লেখিকাই আত্মপ্ৰকাশ সুযোগ পাইছে । গল্প, কবিতা, প্ৰবন্ধ, চিন্তামূলক আলোচনাৰে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা গোটটোৱে অন্য এক আচঁনি সাহিত্য ডট অৰ্গৰ জৰিয়তেও অসমীয়া সাহিত্যক ইন্টাৰনেটৰ মাধ্যমেৰে বিশ্বমুখী কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে । ৰোমান লিপিৰ দ্বাৰা লিখিত লেখা নালাগে সৰু এটি মন্তব্যকো গোটত স্থান নিদি কেৱল অসমীয়া লিপিৰ চৰ্চাৰ বাবে ধৰা-বন্ধা নিয়ম গঢ়ি দিয়াৰ বাবে গোটৰ প্ৰশাসক নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য । অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, ব্যাকৰণ, বানান ইত্যাদিৰ ওপৰতো গোটটিৰ যথেষ্ট অভিজ্ঞ সদস্যই আঙুলিয়াই দি আহিছে ।
অসমীয়া সাহিত্যৰ লগতে কলা-সংস্কৃতিৰ চৰ্চাৰ হকে গঢ় দিয়া অন্য এটি গোট ‘আখৰুৱা’ । মাৰ্জিত ভাষাৰে, শুদ্ধ বানান, ব্যাকৰণৰ ব্যৱহাৰেৰে এই গোটটোৰ জৰিয়তেও বহুতো নপুৰণি সাহিত্যিকে সাহিত্য চৰ্চা কৰি আছে ।
‘চিঠি’ গোটটোৱে সাহিত্যৰ অন্য এক শৈলী পত্ৰ লেখনক জনপ্ৰিয় কৰি তোলাত আগভাগ লোৱা দেখা গৈছে । নন ব্যতিক্ৰমী চিন্তা ধাৰাৰে লিখা চিঠিৰ মাজৰ পৰা প্ৰতি মাহে তিনিখনকৈ চিঠি বাচনি কৰি উলিয়াই প্ৰশাসকে এক সুস্থপ্ৰতি যোগিতা মূলক ভাৱধাৰাৰে সদস্য সকলক চিঠি লিখিবলৈ উদগনি জনাই আহিছে ।
কাব্য চৰ্চাৰ ক্ষেত্ৰখনিলৈ চকু ফুৰালে ‘অনুৰাগ’, ‘মোৰ অনুভৱেৰে কিছু সময় তোমালৈ’, ‘মানুহ আমি মানুহৰ অনুভূতিত আমাৰ কবিতাবোৰ’ আদি গোটৰ কথা উল্লেখ কৰিব পাৰি । ঠিক একেদৰে ‘স্পন্দন শব্দৰ পৰা হৃদয়লৈ’ গোটটোৱেও বহুত কিজন নতুন কাব্য প্ৰতিভাক আৱিস্কাৰ কৰিছে । পিছে কবিতাৰ গোটসমূহত এটিয়াও কিছুসংখ্যকে দৃষ্টিকটুভাৱে ৰোমান লিপিত অসমীয়া কবিতা লিখা পৰিলক্ষিত হৈ আছে । এইক্ষেত্ৰত গোটৰ প্ৰশাসকে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নীতি নিৰ্ধাৰণ কৰা আৱশ্যক।
এয়া মাথোঁ কেইটিমান উদাহৰণহে । ইয়াৰ উপৰিও অলেখ ফেচবুক গোটে ন ন লেখক লেখিকাসকলক আগবঢ়াই আনি অসমীয়া সাহিত্য চৰ্চাৰ জগতখনিলৈ বৰঙনি যোগাই আহিছে । এইক্ষেত্ৰত গোটৰ প্ৰশাসকক যথোপযুক্ত সঁহাৰিৰে উদ্বুদ্ধ কৰাটো প্ৰতিজন সচেতন ব্যক্তিৰে নৈতিক দায়িত্ব হোৱা উচিত।
এইখিনিতে ফেচবুকৰ জৰিয়তে কৰা সাহিত্য চৰ্চাৰ গুণগত মানদণ্ডৰ ওপৰতো অলপ ধ্যান দিয়াটো জৰুৰী হৈ পৰে । ফেচবুকৰ মজিয়াখন হৈছে এখন মুকলি মঞ্চ । এজন লেখকে মনলৈ অহা সকলো কথাকে লেখা আকাৰে লিখি পঠিয়াব পাৰে আৰু সেয়া পঢ়ুৱৈৰ কাষো পায়গৈ । ইয়াত কোনো বাধ্যবাধকতা নাই। পঢ়ুৱৈয়ো মন্তব্যৰ জৰিয়তে লেখাৰ মানদণ্ড নিৰুপণ কৰাৰ সুবিধাকণ পায় । সেইটো নিশ্চয়কৈ ভাল কথা । পঢ়ুৱৈৰ মন্তব্যৰ জৰিয়তে এজন লেখকে নিজৰ লিখনিৰ দোষ-গুণবোৰ বিচাৰ কৰিবলৈ সুযোগ পায় যিটো ছপা মাধ্যমৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে সম্ভৱপৰ নহয় । কিন্তু যিহেতু ফেচবুকত কোনো সম্পাদকৰ ভূমিকা নাই সেই হিচাপে লেখকে পঢ়ুৱৈৰ ৰুচি-অভিৰুচিলৈ চকু নিদি একঘেয়ামী লেখাৰে বিৰক্তি কৰাৰো আশংকা নথকা নহয় । কেতিয়াবা কাৰোবাৰ সমালোচনা মূলক মন্তব্য দেখি প্ৰত্যুোত্তৰ দিয়াৰ আক্ৰমণাত্মক মনোভাৱেৰে অযথা বাক-বিতণ্ডা কৰাও ফেচবুক গোট সমূহত সহজেই পৰিলক্ষিত হয় । এইক্ষেত্ৰত গোটৰ প্ৰশাসকে যথোপযুক্ত ভূমিকা গ্ৰহণ কৰি সুস্থ সাহিত্য চৰ্চাৰ বাতাবৰণ গঢ়ি তুলিব পাৰে। সাহিত্য চৰ্চাৰ প্ৰত্যেকটো ফেচবুক গোটতে কেইগৰাকীমান অভিজ্ঞ, বয়োজ্যেষ্ঠ সাহিত্যিক সদস্য থকা উচিত । তেওঁলোকে গঠনমূলক সমালোচনাৰে ন লেখক-লেখিকাসকলক লেখাৰ মানদণ্ডৰ লগতে ভাষা-শৈলীৰ উন্নীতকৰণত সময় সাপেক্ষে মন্তব্য দি সহায় কৰিব পাৰে । তদুপৰি সেইকেইগৰাকী সন্মানীয় সদস্যৰ সমালোচনামূলক মন্তব্যক সকলোৱে সন্মান কৰিব আৰু অহেতুক বিতৰ্কৰ সূত্ৰপাত নকৰিব- এনে ধৰণৰ গোটৰ নীতি নিৰ্ধাৰণ কৰিলে সুশৃংখলিত সাহিত্য চৰ্চাৰ মজিয়াখনে সকলো লেখক লেখিকাৰ লগতে পঢ়ুৱৈকো আকৰ্ষণ কৰিব। এক সুপৰিকল্পিত আঁচনি মাজেৰে আগবাঢ়ি গ’লে ফেচবুক গোটবোৰো একো একোখন ন ন লেখক-লেখিকাৰ সাহিত্যকৰ্ষণৰ সাধনাৰ থলী হিচাপে চিহ্নিত হ’ব । আমি আশা কৰো ফেচবুকৰ সাহিত্যচৰ্চাৰ জৰিয়তেও অসমত আকৌ আৰম্ভ হওক অন্য এক জোনাকী, ৰামধেনু, আৱাহণযুগৰ।
– প্ৰাঞ্জল দাস,
সহকাৰী অধ্যাপক,
স্ক’লাৰ্চ ইনষ্টিটিউট অৱ টেকনলজি এণ্ড মেনেজমেন্ট,
গুৱাহাটী