(৷কিছুমান কামচোন অজানিতে হৈ যায় একো নভবাকৈ ৷এনেদৰে অজানিতে কিমান ভুল কৰি পেলাওঁ ৷এই ভুলবিলাকে হয়তো বহুতক আঘাতো কৰে বহুতবাৰ ৷এতিয়া মই এইয়াই আশা কৰিব পাৰো যে মই কৰা ভুলবিলাক কেনেবাকৈ UNDO কৰো ,যদি মোৰ এটা ইচ্ছা পূৰণ হ’য় !!)
মই তেতিয়া অষ্টমমানত পঢ়ি আছিলো ৷২০০৩ চনৰ কথা এইটো ৷হঠাতে এদিন মৌচাকৰ বেটুপাতত এজনী আকৰ্ষনীয় ছোৱালীৰ ফটো দেখিলো ৷কিয় জানো মই পাগলৰ দৰে তাইৰ প্ৰেমত পৰিলো ৷ভাবিবলৈ ললো এদিন তাইক লগ কৰিম, কেনেবাকৈ মনৰ কথা কম ৷সদায় স্কুললৈ লগত লৈ যোৱা হলো মৌচাকখন আৰু জিৰনিত উৰাই ঘুৰাই চাবলৈ ললো ৷লগৰ বন্ধুবিলাকে সুধিলে কওঁ যে এইবাৰ মৌচাকত ধুনীয়া উপন্যাস এখন আৰম্ভ হৈছে কৰবী ডেকা হাজৰিকাৰ সেইখন পঢ়ি খুব ভাল লাগে ৷এনেকৈয়ে অলপদিন উচপিচনিৰ পাছত লাহে লাহে পাহৰি পেলালোঁ মই প্ৰতীক্ষাক ৷
আজি আকৌ কিয় জানো এঘাৰ বছৰৰ পাছত খুব মনত পৰিছে সেই অচিনাকি প্ৰতীক্ষা দাসলৈ ,সৰু সৰু আঙুলিকেইটৰে সেই মৰমলগা ছোৱালীজনীলৈ ৷মাজৰাতি অকলশৰে অফিচৰ কোঠালিত পুনৰ মই ব্যস্ত হৈ পৰিলো প্ৰতীক্ষাক বিচাৰি ৷ গুগলৰ পৃষ্ঠা ,ফেচবুকৰ পাতত মোৰ সন্ধান চলিল প্ৰতীক্ষা দাসৰ ৷আৰু গুগলে মোক সন্ধান দিলেও বহুত প্ৰতীক্ষা দাসৰ ৷ইয়াৰ পিছত দ্বিতীয় পৰ্ব আৰম্ভ হ’ল মোৰ ৷অসমৰ প্ৰতীক্ষা দাসক বিচৰা ৷এনেকৈ তালিকাখন সৰু কৰাৰ পাছত চাৰি-পাঁচ গৰাকীমান প্ৰতীক্ষা ওলাল ৷এইবাৰ আহিল মোৰ যোগাযোগ কৰাৰ পাল ৷প্ৰত্যেকজনীকে Message পঠালো মৌচাকৰ বেটুপাতৰজনীক বিচাৰি ৷ইতিমধ্যে ৰাতি তিনি বাজি পাৰ হৈ গৈছিল ৷সকলো শুই গৈছিল ছাগৈ ৷
মোৰ ফেচবুকৰপৰা শব্দ ওলাল তেনেতে কিটিং ৷কাৰোবাৰ Message আহিছে ৷মই আগ্ৰহেৰে চাবলৈ ধৰিলো ৷মোৰ বুকুখন জোৰেৰে ঢিপ ঢিপাবলৈ ধৰিলে ৷চকুকেইটা বহল হৈ গ’ল মোৰ ৷অলপ তন্দ্ৰা লাগিছিল ৷ভাগি গ’ল পুৰা ৷মই প্ৰস্তুত হ’লো ৷ভাহিঁ আহিল প্ৰতীক্ষা দাসৰ উত্তৰ……….
:নাই ৷কিয় বা সুধিলে ?
মই বাস্তৱলৈ আহিলো আকৌ ঢুপুচকৈ ৷কিয় সুধিলো ইয়াৰ উত্তৰ নাই মোৰ ওচৰত ৷কেতিয়াবা কিছুমান ঘটনাই কিমান বছৰৰ মুৰত কিদৰে মনটোক অস্থিৰ কৰি তোলে এই কথা মোৰ ক’বৰ মন নগ’ল ৷
মই নিজেও নাজানো আজি আকৌ কিয় মই ওলালো প্ৰতীক্ষা দাসৰ সন্ধানত ৷কোন হ’য় কি ক’ৰে তাই একো চিনাকি নাই মোৰ ৷কিছুমান কামচোন অজানিতে হৈ যায় একো নভবাকৈ ৷এনেদৰে অজানিতে কিমান ভুলো কৰি পেলাওঁ ৷এই ভুলবিলাকে হয়তো বহুতক আঘাতো কৰে বহুতবাৰ ৷এতিয়া মই এইয়াই আশা কৰিব পাৰো যে মই কৰা ভুলবিলাক কেনেবাকৈ UNDO কৰো ,যদি মোৰ এটা ইচ্ছা পূৰণ হ’য় !!
এহ ৰ’বহে ৷চিৰিয়াচ কিয় হৈছে ? আৰু চাৰিজনী প্ৰতীক্ষা দাসৰ উত্তৰ এতিয়াও অহা নাই ৷
মাজে মাজে লোকৰ পিঠিত খজুৱাই চোৱাটো মোৰ পূৰনা অভ্যাস ৷মৌচাকৰ প্ৰতীক্ষাজনীক নাপালো যদিও বিচাৰি পোৱা প্ৰতীক্ষাজনীকে টুকুৰিয়াই চাবৰ মন গ’ল ৷অৱশ্য সঠিকভাৱে টুকুৰিয়াব নাপালোৱেই ৷
এহ কি কৈ আছো মই ,ৰ’ব আপোনাক ভালকৈ কওঁ ৷কালি সেই প্ৰতীক্ষা দাসৰ পৰা উত্তৰ অহাৰ পিছৰ কথা ৷প্ৰথমতে মই কোৱাৰ কথা ভবা নাছিলো কিয় মই সুধিলো সেই নিৰ্দিষ্ট প্ৰতীক্ষাক মৌচাকৰ বেটুপাতৰ ক’থা ৷কিন্তু শেষত ঠিক কৰিলো কোৱা উচিত ৷
মইও উত্তৰ দিলো প্ৰকৃততে মই মৌচাকৰ প্ৰতীক্ষাক বিচাৰি আছিলো ,তোমাক অজানিতে টুকুৰিয়ালো ৷মোৰ কথা গুৰত্বসহকাৰে নল’বা ৷তাইৰ উত্তৰ আহিল একো কথা নাই ,তাই MIND নকৰে ৷মইও সাহস পাই মোৰ কালিৰ লেখাটো পঢ়িব দিলো ৷কলো এইটো পঢ়া সবিশেষ গ’ম পাবা ৷
বহুত সময় একো উত্তৰ নাহিল ৷মইও ভাবিবৰ বাদ দিলো ৷অৱশেষত উত্তৰ আহিল যে তাইৰ পঢ়ি ভাল লাগিল আৰু মইও যাতে প্ৰতীক্ষাক বিচাৰি পাওঁ এইয়াই তাই আশা কৰে ৷
এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ভুলতে লগ পোৱা প্ৰতীক্ষা দাসৰ লগত মোৰ বন্ধুত্ব জমি উঠিছিল ৷মইও বন্ধুত্বৰ আমেজ লবলৈ আৰম্ভ কৰিছিলোহে মাত্ৰ ৷এইবাৰ মই উত্তৰ দিলো ৷বুজাই ক’লো যে এতিয়া আৰু প্ৰতীক্ষা দাসৰ নামটোহে মোৰ মনত আছেগৈ ৷কালি হঠাতে হোৱা ম’নৰ অস্থিৰতাৰ চিকাৰ যে তাই হলগৈ এইকথাও ক’লো ৷মই এইয়াও বুজাই ক’লো যে তাইৰ উত্তৰ অহাৰ পাছতেই মই লেখাটোৰ কথা ভাবিলো ৷
বহুত সময় পাৰ হৈ গ’ল ৷মইও ব্যস্ত হৈ পৰিলো মোৰ দৈনন্দিন কামত ৷দুপৰীয়াৰ ভাতসাজ খাই আকৌ বিছনাত হেলান দিলো ৷তন্দ্ৰগ্ৰস্ত অৱস্থাৰে এইবাৰ ফেচবুকত চকুফুৰালো মই ৷
…………….ইচ এইয়া কি?এইবাৰ আহিল মোৰ অবাক হোৱাৰ পাল ৷মই পুনৰ সম্পূৰ্ণ INBOX ত চকু ফুৰালো ৷ক’ত খেলিমেলি হৈ গ’ল ?অলপ সময়লৈ মই অবাক হৈ চাই ৰলো ৷
এহ আপোনালোক অবাক কিয় হৈছে ?একো হোৱা নাই কৈ আছো ৰ’বহে ৷
ফেচবুকত লগ পোৱা প্ৰথমগৰাকী প্ৰতীক্ষাই মোৰ মৰমৰ উত্তাপ অনুভৱ কৰিলে হয়তো ৷এই উত্তাপত ছালখন ক’লা কৰাৰ আৰু প্ৰতীক্ষাই ইচ্ছা নকৰিলে ৷
( বি দ্ৰ : INBOX ত অদৃশ্য হোৱা প্ৰতীক্ষাৰ PROFILE ফটোখনে মোক বুজাই দিলে মোৰ দ্বাৰা হয়তো আৰু এটা ভুল হৈ গ’ল ৷)
– ৰঞ্জন জ্যোতি হাজৰিকা,
লখিমপুৰ