সাধাৰণতে হিন্দু ধৰ্মাম্বলী লোকসমাজত কোনো আত্মীয়ৰ মৃত্যুৰ পিছত তেৰদিন পৰ্যন্ত মৃতকৰ আত্মাৰ চিৰশান্তি লাভ্যাৰ্থ্যে কৰ্ম কৰি যোৱা হয় ৷ উক্ত কৰ্মৰ মাজতে মৃতকক পিণ্ড দিয়া কাৰ্য্যও অতি নিয়াৰিকৈ পালন কৰা হয় ৷
প্ৰতি দিনে মৃতকৰ আত্মাক আহ্বান জনাই পিণ্ড দান কৰা হয় ৷ প্ৰথম দহ দিন পিণ্ডত তিল-চাউল দি আত্মাক সেই পিণ্ড গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয় ৷
এতিয়া জানিবলগীয়া কথা হ’ল পিণ্ডদান কৰোতে প্ৰধান পিণ্ডটোৰ উপৰিও অতিৰিক্ত দুটা পিণ্ড যথাক্ৰমে কাউৰি আৰু কুকুৰক দন দিয়া হয় ৷
এই বিষয়ে আমি শাস্ত্ৰজ্ঞ পুৰোহিত দেৱক সোধোতে গম পালো যে মৃতকৰ আত্মাই স্বৰ্গৰ পৰা পৃথিৱীলৈ কৰা আগমন যাতে বাধাগ্ৰস্ত নহয় তাৰে প্ৰাতি লক্ষ্য ৰাখি অতিৰিক্ত দুটা পিণ্ড দান কৰা হয় ৷
“ওঁ যমোহসি যমোদৃতোহসি বায়োঃ শোষি মহাত্মনঃ ৷
অগ্ৰ পিণ্ডং ময়া দত্তং কথত্যাং ধৰ্মৰাজতঃ ৷
ঐন্দ্ৰবৰুণাবয়ব্যা যামাশ্চ নৈঋতাশ্চ যে ৷”
এই মন্ত্ৰ উচ্ছাৰণ কৰিয়ে কাউৰীক পিণ্ডৰ প্ৰতি আহ্বান জনোৱা হয় আৰু লগতে আত্মাৰ সুৰক্ষাৰ প্ৰতি মিনতি কৰা হয় |
ঠিক একেদৰে কুকুৰক পিণ্ডদান কৰোতে
“ওঁ দ্বৌ শ্বানৌ শ্বেতসবলৌ বৈবস্ব্তকুলোদ্ভবৌ ৷
অভ্যাং পিণ্ডং প্ৰযচ্ছামি ৰক্ষেথাঃ প্ৰেতকৎ পথি ৷”
বেদৰ মতে কুকুৰটো বগাৰঙৰ হয় আৰু কুকুৰটোৱে আত্মাক এই ধৰালৈ বাট দেখুৱাই দিয়াত সহায় আগবঢ়াই .. ৷
এনেকৈয়ে মৃতকৰ আত্মাৰ প্ৰতি সন্মান জনাই পিণ্ডদান কৰা হয় ৷
( ইয়াতে নিয়মটোৰ এটি থুল মুল আভাস চমু আকাৰত দিয়া হ’ল ৷ গতিকে সৰু সুৰা বহু ধৰণৰ ভুল ইয়াত থাকি যোৱাতো অস্বাভাবিক নহয় ৷ তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী ৷)
(উক্ত প্ৰথাৰ বিষয়ে সবিশেষ জনোৱাৰ বাবে ৰঙিয়াৰ জ্যেষ্ঠ শাস্ত্ৰজ্ঞ মাননীয় ভবেন শৰ্মা মহোদয়লৈ “সন্ধান- এক নতুন দিগন্তৰ” ও সংগ্ৰহকৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলো ৷ তেখেতে দিয়া বহুমুলীয়া সময় খিনিৰ বাবে আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ ৷)
– অলকেশ শৰ্মা, ৰঙিয়া