মৰমৰ হিয়ামণি,
তোমাৰ নামেৰেই উন্মাদ উমাল মোৰ হৃদয়ৰ মৰম ল’বা ৷ তোমাক দেখাৰে পৰা কি যে হ’ল- এই লঠঙা শীততো মোৰ হৃদয়ত পাহ মেলিছে কুমলীয়া কুঁহিপাত ৷ দেহমন পিৰপিৰাই, ৰাইজাই কৰি অহৰহ মোক চুই গৈছে এজাক ফিৰফিৰীয়া বতাহ ৷ ফিৰফিৰীয়া বতাহজাকৰ পৰশত এক বুজাব নোৱাৰা অজান কাৰণত আজি মই অস্থিৰ-অশান্ত ৷ তোমাৰ ভাৱনাই মোৰ দুচকুৰ নিদ্ৰা হৰণ কৰি বহলাইছে মোৰ কল্পনা আৰু সপোনৰ পৰিসৰ ৷ আহত গছ শিপোৱা দি মোৰ হৃদয়ত শিপাইছে প্ৰেমৰ এক অনাবিল অনুভৱ ৷ প্ৰতিপল, প্ৰতিক্ষণ আজি শিহৰিত মোৰ যৌৱন ৷ কবিয়ে লিখাৰ দৰে, গায়কে গোৱাৰ দৰে আকাশে বতাহে কেৱল তোমাকেই দেখিছো ৷ যৌৱন-যমুনাৰ পাৰৰ শুভ্ৰ কঁহুৱাবোৰেও যেন আজি হালি-জালি গাইছে তোমাৰ-মোৰ নামেৰেই ব’হাগী বিহু গীত ৷ তোমাৰ নামেৰেই তলপাৰ মোৰ হৃদয়ৰ দুয়োটি পাৰ ৷ তোমাতেই যেন বিচাৰি পাম মোৰ জীৱনৰ মৌ-জোলোঙা ৷
আজি মোৰ হৃদয় হাহাকাৰ বিচাৰি তোমাৰ হৃদয়ৰ উমাল উষ্মতা ৷ মোৰ হৃদয়ৰ এই প্ৰেমৰ বলীয়া বানেৰে যেন বুৰাই দিম তোমাক ৷ তোমাতেই হেৰাই যাব খুজিছোঁ, তোমাতেই নি:শেষ হ’ব খুজিছো যদিহে দিয়া সুযোগকণ ৷ তোমাৰ নামেৰেই ভৰুণ মোৰ হৃদয় ৷ তোমাৰ প্ৰেমহীনতাত মোৰ হৃদয়ত বাজিব জীৱন বীণাৰ কৰুণ সুৰ ৷
ভালপাও অ’ হিয়ামণি তোমাক ৷ অ’ ভালপাও তোমাক ৷ পাছে তোমাৰ বা কি ৰায়? তোমাৰ উত্তৰলৈ ব্যগ্ৰতাৰে বাট চায়…
ইতি
তোমাৰ
প্ৰেমবিক্ষাৰী