নিৰৱতাৰে ভাৱোঁ মই সদায় তোমাক
তোমাৰ প্ৰতিটো কথা প্ৰায়েই মোৰ
মনলৈ আহে বেলি লহিওৱাৰ পৰত
তোমাৰ স্মৃতিবোৰ দলিয়াই দিব খুজিলেও
মোৰ হৃদয়খনে যে বাৰে বাৰে তোমাকেই বিচাৰে
বিষাদপূৰ্ণ মোৰ হৃদয়ৰ পৰা দুখবোৰ
নিগৰি নিগৰি বৈ আহে ক’ব নোৱাৰাকৈ
এসোতা চকুপানী হৈ ৷
কোনে বুজিব পিছে
তোমাক হেৰুওৱাৰ বেদনা কিমান !!
– কৰবী কাকতি
কটন কলেজ, গুৱাহাটী