শুভকাৰ্য্য বা উৎসৱ আদিত পূৰ্বপুৰুষক সোৱৰণ কৰাৰ উদ্দেশ্যেই এই শ্ৰাদ্ধ কৰা হয়। অৰ্থাৎ বিয়া আদি উৎসৱৰ আগতে সম্পন্ন কৰা আদি পুৰুষৰ শ্ৰাদ্ধ। সাধাৰণতে ব্ৰাহ্মণ বৰ্ণৰ লোক সকলৰ উৎসৱ আদিত এইবিধ শ্ৰাদ্ধ যথেষ্ট পৰিমাণে কৰা হয়। বিবাহ, চুড়াকৰণ, উপনয়ণ, আন্নপ্ৰাসণ আদি সকলো জাত কৰ্মত নান্দীমুখ শ্ৰাদ্ধ কৰাটো অতি পুৰণি কালৰে পৰা পৰিলক্ষিত হৈছে।
প্ৰয়োজনীয় সামগ্ৰী….
এই শ্ৰাদ্ধত ফুল ,তুলসী, বেল-পাত, দুৰ্বা, কলদোনা, মাহ-প্ৰসাদ আদি অনা হয়। ইয়াত চাৰি খন থালিৰ প্ৰয়োজন। প্ৰতিখনতে ভক্তি সহকাৰে চাউল ভৰাই দিয়া হয়। তামোল-পাণ, নগদ টকা, কাপোৰ আদি দিয়া নিয়ম আছে। এনেদৰে এই শ্ৰাদ্ধৰ দ্বাৰা বিবাহৰ দৰে মাংগলিক অনুষ্ঠান সমূহ আৰম্ভ কৰা হয়।
বিবাহৰ ক্ষেত্ৰত ,আয়তী সকলে উৰুলি জোকাৰেৰে গীত জুৰে …
“ ষোড়শী মাতৃক পূজে হেমৱন্ত ৰাজে
নান্দীমুখ শ্ৰাদ্ধ কৰিলা সভাৰ মাজে ..”
“……….
সাত পুৰীয়া শাৰদেৰে
ঐ ৰাম চাৰি খন থালিয়ে
কলৰ দোন কাটি আনি
ঐ ৰাম খালি দিলা পৰিত্ৰহে……”
এনেকৈয়ে নান্দীমুখ শ্ৰাদ্ধৰ দ্বাৰাই পূৰ্ব পুৰুষক শ্ৰদ্ধা জনাই দাম্পত্য জীৱনক এতি নতুন ৰূপ দিয়াৰ উদ্দেশ্যে আশীৰ্বাদ লোৱা হয়। প্ৰবাদ আছে যে হৰ-গৌৰীৰ বিবাহতো নান্দীমুখ শ্ৰাদ্ধ সম্পন্ন কৰা হৈছিল।
সেয়েহে হেনো আজি কালি ৰ দম্পতিক হৰ গৌৰীৰ সৈতে তুলনা কৰি আয়তী সকলে গীত গায় ….
“…পুৰত আহিছে; শিঙাডাক মাৰিছে
ঐ ৰাম, কান্ধে ওলমিছে বুলিহে
ভিতৰত পাৰ্বতী; বাৰ যোৰ কৰিছে
ঐ ৰাম শিবইহে স্বামী বুলিহে ..”
এনেধৰণৰ প্ৰথা সমূহ ঠায়ে ঠায়ে ভিন্ন হ’লেও ইয়াৰ উদ্দেশ্য সদায় একেই থকা পৰিলক্ষিত হৈছে। বিবাহ , চুড়াকৰণ আদিৰ দৰে মাংগলিক অনুষ্ঠান বোৰত ঘৰৰ মানুহৰ মনোবাঞ্চা পুৰণ হোৱাৰ লক্ষৰেই এনে পৱিত্ৰ শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। ইয়াৰ দ্বাৰা আদি পুৰুষৰ প্ৰতি পৰম শ্ৰদ্ধা ও আদিপুৰুষৰ আশীৰ্বাদৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ সহকাৰে প্ৰকাশ ঘটি আহিছে।
( উক্ত প্ৰথাৰ বিষয়ে সবিশেষ জনোৱাৰ বাবে “শ্বহীদ সুনন্দ শালৈ উচ্চ মাধ্যমিক বিদ্যালয়, বিছেন্নালা” ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী বীণা পাণি ভট্ট মহোদয়া লৈ “সন্ধান– এক নতুন দিগন্তৰ” ও সংগ্ৰহকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। তেখেতে দিয়া বহুমুলীয়া সময় খিনৰ বাবে আমি তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ।)
সংগ্ৰহক ঠিকনা:
ৰঙিয়া