তোমাৰ অবিহনে বৰ উকা উকা যেন লাগিছে
আজি এই সন্ধিয়াটো…
তোমাৰ অবিহনে বৰ স্তব্ধ হৈ পৰিছে
আজি মোৰ মৰমৰ মহানগৰীখন…
তোমাৰ অবিহনে বৰ নিৰৱ হৈ পৰি ৰৈছে
মহানগৰীৰ ৰাজপথবোৰ…
তোমাৰ নিসংগতাত আজি চকুলো টুকিছে
মোৰ মৰমৰ মহানগৰীখনে…
তোমাৰ ভৰিৰ কোমল পৰশ আজি মহানগৰীখনে অনুভৱ কৰিব নাপায়
দুখ প্ৰকাশ কৰিছে ৷
আৰু চিতাত বিলিন হৈ আছে যে,
আগন্তুক দিনকেইটা কিদৰে পাৰ হ’ব…
তুমিহীনতাত বৰ নিৰ্জন হৈ পৰিছে
আজি এই মহানগৰীখন…
তুমি সদায় খিলখিলাই থকা তোমাৰ হাঁহিৰ মধুৰ গুঞ্জনক
বৰকৈ মনত পেলাইছে মোৰ মৰমৰ মহানগৰীখনে…
তোমাৰ অবিহনে যে আজি কিমান নিৰৱ হৈ বৈছে
মহাবাহু ব্ৰহ্মপুত্ৰ..
মহানগৰীখনে তুমিহীনতাত আজি বৰ অচিনাকী অনুভৱ কৰিছে
ইয়াত অতীতৰ পৰা বসবাস কৰি অহা লোকবোৰক
তুমি জানানে, আজি তুমি ইয়াত নাই বাবে তৰাহীন হৈ পৰি ৰৈছে
মহানগৰীৰ এই সন্ধিয়াৰ আকাশখন?
আজি তুমি মোৰ প্ৰিয়নগৰীখন এৰি থৈ যোৱাৰ কেইটিমান
মুহুৰ্তৰ পিছতেই কিমানযে মনে নিবিচৰা পৰিৱৰ্তন..
মহানগৰীখনে সহিব লগা হৈছে…
তুমিহীনতাত আজি মহানগৰীখনৰ চৰাই-চিৰিকতি আৰু গছ-গছনিবোৰে
বৰ নিসংগতা অনুভৱ কৰিছে…
মই সিহঁতৰ দুখবোৰক কিদৰে শান্তনা দিও কোৱা?
মই সিহঁতৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিও পৰা নাই,
কাৰণ তোমাৰ অনুপস্থিতি মইও সহিব পৰা নাই…৷৷
– অসীম জ্যোতি কলিতা,
জাগীৰোড,
মবাইল নং: ৮৮৭৬৪৮৬০৮৬