আজি মই যেন এটা মৰাসুঁতি
যেন বানে ধুই নিয়া এটা চাপৰি
তুমি এৰি যোৱা দিনৰ পৰা
মাথোঁ একাকাৰ হৈ পৰিছে
সময় আৰু নিৰ্জনতা
বিনীদ্ৰ হৈ পৰিছে
নিসংগতাৰ প্ৰতিটো নিশা
আজি নিসংগতাই মোৰ সংগী
তাৰ সৈতেই খেলিছোঁ,নাচিছোঁ
নিসংগতাই শিকালে মোক
শূণ্যতাৰ মাজত কটাবলৈ
নিৰৱতাই আৱৰি ৰখা প্ৰতিটো পল
এতিয়া মাথো প্ৰতিফলিত হয়
সপোনৰ বিভীষিকা
নিৰ্গত হয়
কেঁচা কলিজাৰ দাহ্যাংশৰ গোন্ধ
ফুলৰ সুবাসো ধীৰে ধীৰে ম্লান
হৈ পৰিল
মাথো বৈ ৰ’ল এখন ৰক্তাক্ত নৈ নিৰৱধি
খেদিব নিবিচাৰো মৰুৰ মৰীচিকা
তথাপিও কিয় জানো
বাৰে বাৰে অনুসৰণ কৰো
মৰীচিকাৰ পদস্তম্ভ
প্ৰেম যে মোৰ বাবে এখন
বিষাদৰ নৈ
য’ত সাঁতুৰিবলৈ নাই মোৰ ধৈৰ্য
যাক বাধা দিবলৈ নাই মোৰ শক্তি
অতীতেই ধুই নিলে
মোৰ সমস্ত দেহ
একো বাকী নাই তোমাক দিবলৈ
বাকী ৰ’ল মাথু স্মৃতিৰ এজাক ৰ’দ
সূৰুযৰ হেঙুলী আভাত উদ্ভাসিত হোৱা
স্মৃতিৰ কোণতেই বিচাৰি চোৱা
মই এৰি অহা দগ্ধপ্ৰায় কলিজা
আহৰি যদি আছে ঘুৰি চোৱাৰ
পাৰিলে এবাৰ জনাবা
ল’ব পাৰিবানে আদৰি
অতীতক পুনৰাই নিজৰ কৰি
যাক তুমি হেৰুৱাইছিলা
কেৱল মোৰ বাবেই
এটা কলংকিত অধ্যায়ৰ
অসীম গহ্বৰত
বেদনাসিক্ত এজাক বৰষুণত
– নিলোৎপল নেওঁগ,