সপোনবোৰ সাৱটিব খোজোতেই
বাস্তৱৰ মজিয়াত মেলিছিল
এক চিৰাল ফাট
পেলাই থৈ সপোনবোৰ
উভটি আহিলো বাস্তৱলৈ
হেজাৰ চেষ্টা কৰিও
যোৰাব নোৱাৰিলো সেই ফাট
সেই ফাটেৰেই এদিন সৰকিবলৈ ধৰিলে
এটা এটাকৈ মোৰ
সম্পূৰ্ণ সত্তা
আৰু শেষত সৰি পৰিলো মই…
– ভাস্বতী দাস
তেজপুৰ বিশ্ববিদ্যালয়