বেলিটোৱে ভুমুকি মাৰিছে,
ক’লা মেঘৰ আৰে আৰে,
এখন যুজ বাৰে বাৰে…..
সঁচা মিছাৰ
ন্যায় অন্যায়ৰ
ধৰ্ম অধৰ্মৰ
জ্ঞান অজ্ঞানৰ…..
অশান্ত ক্ষণ,
অস্থিৰ মন ৷
শংকাত বিহ্বল
ভীতিগ্ৰস্ত হৃদয়…
বাজিছে আৰ্তনাদৰ সুৰ ৷
উদয় হৈছে প্ৰশ্নৰ
পাৰিমনে ?
যুজিবলৈ,
জীয়াই থাকিবলৈ,
কলীয়া ডাৱৰ আতৰাই
সত্যৰ পোহৰেৰে জ্যোতিস্মান কৰিবলৈ ৷
সাহস আজি শত্ৰু,
ভয় আজি মিত্ৰ ৷
– ৰূপ কুমাৰ ডেকা
তেজপুৰ বিশ্ববিদ্যালয়
1 Comment
বৰ ধুনীয়া লাগিছে কবিতা কেইটা পঢ়ি