১) Unlucky thirteen ! আমি সকলোৱে ১৩ সংখ্যা টোক অশুভ বুলি গণ্য কৰো । ইটালীত কিন্তু ১৭ সংখ্যাটোকহে অশুভ বুলি ভবা হয় । কিয় ?
২) কোনবিধ বাদ্যযন্ত্ৰৰ নাম ইয়াৰ উদ্ভাবক এন্টনী যোছেফৰ নামেৰে ৰখা গৈছে ?
৩) কোনজন আফগান আক্ৰমনকাৰীয়ে ১৭৩৯ খৃষ্টাব্দত বিশ্ববিখ্যাত ময়ুৰ সিংহাসন খন দিল্লীৰ পৰা বলপূৰ্বক লৈ গৈছে ?
৪) ক্ৰিকেটৰ বিভিন্ন ধৰনৰ ফিল্ডিং পজিচনৰ কথা আমি জানো । এতিয়া প্ৰশ্নটো হৈছে খেলপথাৰৰ কোনখিনি ঠাইত আমি long stop নামৰ পজিচনটো পাওঁ?
৫)স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ সৈতে যথেষ্ট ঘনিষ্ঠ ভাবে কাম কৰা কোনজন সমাজ কৰ্মীক আমি ‘দীনবন্ধু’ বুলি জানো ?
৬) যদি ফেচাৰ এটা দলক আমি parliament বুলি জানো তেন্তে ভাটৌ চৰাইৰ দল এটাক আমি কি বুলি কম ?
৭) অসমৰ ক’ত এই শিলালিপি দেখিবলৈ পোৱা যায়?
৮) চীনা ভাষাত এখেতৰ নামটোৰ অৰ্থ হৈছে “don’t speak” ৷ কোন বাৰু এখেত?
৯) কোন বাৰু এওঁ?
১০) এওঁলোক চিনাক্ত কৰক ৷
উত্তৰ:
১)- ৰোমান সংখ্যাৰ ১৭ ( XVII)সংখ্যাটো যেতিয়া সালসলনি কৰা হয় তেতিয়া ইয়াৰ অৰ্থ হয় I am Dead.
২) SAXOPHONE ( ANTONIE JOSEPH SAX)
৩) নাদিৰ শ্বাহ
৪) উইকেট কীপাৰৰ ঠিক পিছফালে
৫) চি . এফ. এন্ড্ৰিওজ
৬) কম্পেনী ( Company)
৭) কানাই বৰশী বোৱা শিলালিপি
৮) মও ইয়ান (Mo yan)
৯) ৰজনীকান্ত
১০) মহেন্দ্ৰ বৰঠাকুৰ, আনন্দ গোস্বামী, নিলু চক্ৰৱৰ্ত্তী
– কুইজ মাষ্টাৰ: দীপজ্যোতি ডেকা
যোগাযোগ:৭৮৯৬৩৩৯১৫৩
ই-বাৰ্তা: [email protected]
http://onlyforinquizzitive.