আয়ে হাক দিছিল
পিতায়েও কৈছিল – নাযাবি
মই উতনুৱা
নশুনি গ’লো দুপৰীয়া এটাত
ইমান শান্ত ইমান মৌন
বতাহো বাৰু স্তব্ধ নেকি ইয়াত ৷
চকুৰ পতাই জাপ খাব পাহৰিলে
কেই দণ্ড গ’ল উমানকে নাপালো
তলুৱাৰ পৰা শিৰলৈকে কিহে জানো
চেলেকিলে মোক
অজ্ঞাত তৃপ্তিত চকু মুদ খাই আহিল …
কিহৰ হুলস্থূল মই দেখোন চোতালত
তেন্তে ঔতল!
আই, পিতাই সকলোৱে চাই আছে
মোলৈকে – এইবাৰ বা কি হয়
জাঁপ মাৰি থিয় হ’লো
ঔৰ তললৈ যাওঁ
হুলস্থূলটোৱে হেচা মাৰি ধৰিলে মোক
লৰচৰ কৰিব পৰা নাই
ঔৰ তলৰ ভূত এতিয়া সুদূৰ পৰাহত ৷