বিষণ্ণতাত বন্দী মোৰ স্বাধীনতা
পানীয়ৰ সোঁতত উটি যোৱা মানৱীয়তা,
ওপঙা সাহিত্যত কিয় স্তব্ধ কৰা
বৰ্ণিল সমাজিকৰ নিচাগ্ৰস্ত মৰীচিকা!
ৰঙচুৱা মৰুভুমিত শুকান পাদুকা মোৰ
ৰঙা চিয়াহীৰ সাগৰ বিছাৰি,
সন্মোহিত জীৱনৰ সোৱাদত মত্ত
অৰ্থলোভত বিপন্ন মোৰ সমগ্ৰ সত্তা।
জীয়াই আছো আৰু জীয়াই থাকিম
বোৱতী সুতিৰ ৰহস্যৰ দৰে,
দুৰাত্মাৰ অটহাস্য সহ্য কৰি কৰি
সাহসেৰে জীৱনৰ জয়গান গাই।
-জ্যোতি প্ৰকাশ নাথ
গুৱাহাটী (২৩/১২/১২ ইং)