এনে বহু বাস্তৱ অভিজ্ঞতা আমাৰ দৰে বহুতৰে নিশ্চয় হৈছে যে, অসমলৈ ফুৰিবলৈ অহা অন্য ৰাজ্যৰ বা বিদেশৰ মানুহে ইয়াৰ ভাষা-সংস্কৃতিৰ অন্য একো নিশিকিলেও হয়তো দুটিমান অশ্লীল শব্দকে শিকি যায় আৰু অসমীয়া মানুহ ক’ৰবাত কেতিয়াবা লগ পালে তেনে শব্দ দুই-চাৰিটা আঁওৰাই বুজাব খোজে যে তেওঁ কিছু পৰিমাণে অসমীয়া ভাষা ক’ব জানে । নিশ্চিতভাৱে ক’ব পাৰি যে এয়া সম্ভৱপৰ হৈছে কেৱল আমাৰ খাৰ খোৱা জিভাৰে আখৈ ফুটাদি ফুটা অবিৰাম অশ্লীল শব্দৰ প্ৰাচুৰ্যময় প্ৰয়োগৰ বাবে । বিদেশী ভাষা বাদেই, ইংৰাজী আৰু হিন্দী ভাষাও ভালদৰে ফুটাব নোৱাৰা অসমীয়াই কিন্তু স্ব-সৃষ্ট এনে অসৎ আৰু অশ্লীল শব্দৰে ৰাজহুৱা স্থানতো কথা পাতিবলৈ কিঞ্চিত মানো কুন্ঠাবোধ নকৰে , যিয়েই বৰ্তমান সময়ত জাতিটোৰ সন্মান লাঘৱ কৰা পৰিলক্ষিত হৈছে ।
এনে নহয় যে, কেৱল অসমীয়াইহে অশ্লীল শব্দ ব্যৱহাৰ কৰে । Slang (স্লেং) বা অশ্লীল শব্দ পৃথিৱীৰ সকলো ভাষাতেই কম-বেছি পৰিমাণে পোৱা যায় । কাৰণ এনে শব্দবোৰ প্ৰতিটো জনগোষ্ঠীৰে আদিম সংস্কৃতি আৰু পৰম্পৰাৰ পৰাই ওপজে । যৌনাচাৰ যিহেতু প্ৰতিটো গোষ্ঠীৰে অপৰিহাৰ্য সংস্কৃতি, গতিকে প্ৰতিটো জনসমষ্টিতেই অশ্লীল শব্দৰ সমাহাৰ হোৱাটো অতি স্বাভাৱিক । সভ্য সমাজ পাতি বসবাস কৰিলেও প্ৰতিজন মানুহৰ মনত অলক্ষিতে সোমাই থকা আদিম যৌনতাৰ প্ৰতি থকা আকৰ্ষণৰেই বহি:প্ৰকাশ হৈছে এই অশ্লীল শব্দবোৰ ।
যদিও শিক্ষিত অভিভাৱকে নিজৰ সন্তানক কেতিয়াও এনে শব্দবোৰ শিকাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা নকৰে তথাপি কিন্তু ল’ৰা-ছোৱালীয়ে ঠিক কেতিয়াৰপৰা এইবোৰ শিকিবলৈ লয়, সেয়া বহু অভিভাৱকে কাহানিও গমেই নাপায় । অন্যহাতে, আমাৰ সমাজত অশিক্ষিত বহু পৰিয়ালত মাক-দেউতাকৰ সমানে সমানে বহু সন্তানে অশ্লীল ভাষাত কথা পতাও দেখা যায় । ছাত্ৰাৱাসত থাকিবলৈ লোৱা ল’ৰাবোৰে আপুনাআপুনি এনে শব্দবোৰ শিকি পেলোৱাটো অতি সাধাৰণ দৃশ্য । তথাকথিত ‘উচ্চ শিক্ষিত’ আখ্যা পোৱা ডাক্তৰি বা ইঞ্জিনীয়াৰিং পঢ়িবলৈ যোৱা প্ৰায় প্ৰতিজন ল’ৰাৰ মুখত যে এনে অশ্লীল শব্দই শোভা বৰ্ধন কৰে তাৰ চাক্ষুস প্ৰমাণ আমি পাইছো । অৱশ্যে এই কথা স্বীকাৰ কৰিব লাগিব যে, শিক্ষিত ডেকা এজনে হোষ্টেলীয়া জীৱনত লগৰীয়াৰ সতে অশ্লীল শব্দ মিশ্ৰিত ভাষাৰে কথা পতাটোৱেই নুবুজায় যে ল’ৰাজন ইতিমধ্যেই নৈতিকভাৱে ধ্বংসপ্ৰাপ্ত বুলি। ছাত্ৰজীৱনত অনেক জনেই বহু গঠনমূলক আলোচনা, ৰোমাঞ্চকৰ অভিজ্ঞতা, প্ৰেম, ধৰ্ম, ৰাজনৈতিক সমালোচনা ,শিল্প-সাহিত্য এই সকলোবোৰৰ বিষয়ে আড্ডা দিয়ে কিন্তু অশ্লীল শব্দ মিহলি কথা-বাৰ্তাৰেই । বৰ্তমান অসমৰ প্ৰতিষ্ঠিত বুদ্ধিজীৱি, উকীল, কবি-সাহিত্যিক, নাট্যকাৰ বা উচ্চ পদস্থ বিষয়া কোনো এজনেও হয়তো বুকু ডাঠি ক’ব নোৱাৰিব যে তেওঁ আজিলৈকে এটাও অশ্লীল শব্দ কৈ পোৱা নাই ।
অন্তৰংগতা বঢ়োৱাৰ স্বাৰ্থতে বহুজনেই আকৌ অশ্লীল শব্দৰে কথা পাতি ভাল পায় । এনে বহু আচহুৱা নতুন পৰিৱেশো পোৱা যায় য’ত এটা অশ্লীল শব্দ মুখৰপৰা ওলোৱা মানেই শ্ৰোতাজনে বুজি পায় যে কওঁতাজন তেওঁৰেই সতীৰ্থ । বহু প্ৰতিভাৱান ডেকা আমি দেখিছো, যি নিজৰ সমনীয়াৰ সতে যদিও অশ্লীল শব্দ ব্যৱহাৰ কৰিয়েই কথা পাতে, সমাজৰ মাজত বা জ্যেষ্ঠজনৰ আগত কিন্তু যথোচিত ভদ্ৰতা আৰু সৌজন্যতা বজাই সৌহাৰ্দপূৰ্ণ বাৰ্তালাপ কৰিব জানে । সেয়ে হয়তো শিক্ষিত ল’ৰা-ছোৱালীহঁতৰ অধিকাংশকেই একান্ত ব্যক্তিগত সময়ৰ কথা বাদ দি নিজৰ কৰ্মৰত জীৱনত বা সামাজিক জীৱনত এনে অশ্লীল শব্দ ব্যৱহাৰ কৰা এটা সময়ত সাধাৰণতে চকুত নপৰিছিল ।
কিন্তু আজিৰ তাৰিখত সৰ্বত্ৰে বিনাসংকোচে শুনিবলৈ পোৱা এনে অশ্লীল বাক্যবাণসমূহ কিন্তু সঁচাকৈয়ে এক উদ্বেগৰ বিষয় হৈ পৰিছে । কিয়নো ৰিক্সাৱালা, থেলাৱালাৰ সমানে সমানে আজিকালি অশ্লীল শব্দৰে উচ্চস্বৰত কথা পাতিবলৈ লৈছে বাটে-পথে অ’টোৱালা,ড্ৰাইভাৰ,হেণ্ডিমেন,কৰ্মৰত পুলিছ বা দোকানৰ মালিক-কৰ্মচাৰীয়ে । জ্যেষ্ঠ ব্যক্তি,মহিলা, শিশু বা কিশোৰ কাৰোৰে প্ৰতি কোনো ভ্ৰুক্ষেপ নকৰাকৈ আজিকালি মানুহে ব্যৱহাৰ কৰে অশ্লীল শব্দ ,যাৰ কোনো প্ৰতিবাদ কৰিবলৈকো আপোনাৰ বা মোৰ সাহসৰ অভাৱ । কাৰণ, তেওঁলোকৰ লগত এখুণ্ডা লগা মানে নিজৰেই বিপদ নিজে চপাই লোৱাৰ নিচিনা কথা ।
আৰু ইয়াতকৈ অধিক চিন্তাৰ বিষয় হৈছে এয়ে যে বৰ্তমানে সম্ভ্ৰান্ত ঘৰৰ ডেকা ল’ৰাই নিজৰ ‘স্টেটাচ’ বুজাবৰ বাবে অশ্লীল শব্দৰে কথা ক’বলৈ আৰম্ভ কৰিছে, যিটোৱে সোঁচৰা ব্যাধিৰদৰে শিক্ষিত-অশিক্ষিত,ধনী-দুখীয়া সকলো ডেকা ল’ৰাকে প্ৰভাৱান্বিত কৰিছে। ধৰ্ষণ, নাৰী-নিৰ্যাতন, যৌন-নিপীড়ণ,শিশু-শ্ৰম আদি ভিন্ন ধৰণৰ অপৰাধ সমাজত গা-কৰি উঠাতো এই অশ্লীল ভাৱ-ভাষাই যথেষ্ট বৰঙণি আগবঢ়ায়। এই ধাৰা বৰ্তি থাকিলে সমাজত অচিৰেই সুস্থ বাতাৱৰণ হেৰাই যাব । নৱ-প্ৰজন্মৰ মাজত লাহে লাহে হয়তো সৃষ্টিশীলতা বা ধনাত্মক চিন্তাধাৰা কমি যাবলৈ ল’ব ,যিটো এখন উন্নয়নকামী সংস্কাৰমুখী সমাজৰ বাবে কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । আমি সকলোৱে এই বিষয়ৰ প্ৰতি সজাগ হ’বৰ হ’ল ।
– অৰুণজ্যোতি দাস,
ডাক-ৰজাবাৰী, বোকাখাত, গোলাঘাট -৭৮৫৬১২
(দূৰভাষ-৯৪৩৫১৫২৭৬৮)