ভগৱানৰ (?) নাম লোৱাৰ নিচিনাকৈ কিছুমান বিশেষ শ্ৰেণীৰ মানুহে কথা পাতোঁতে প্ৰায় প্ৰতিটো বাক্যৰ মাজত বা শেষত নিজৰ জননেন্দ্ৰিয়ৰ অমাৰ্জিত নাম এটা উচ্চাৰণ কৰি আনন্দ পায় ৷ বহুতে কেশ বা চুলিৰ হিন্দী প্ৰতিশব্দটো অথবা প্ৰত্যক্ষভাৱে যৌনক্ৰিয়াসূচক অশালীন শব্দও উচ্চাৰণ কৰে ৷ স্ত্ৰী বা পুৰুষ জননেন্দ্ৰিয়ৰ নাম বা যৌনকাৰ্যৰ লগত জড়িত শব্দবোৰ ৰাজহুৱা ঠাইত সকলোৱে শুনাকৈ মুক্তভাৱে উচ্চাৰণ কৰা কাৰ্যক আমি ‘অশ্লীল’ বুলি কওঁ ৷ ভদ্ৰ, সভ্য, সুশিক্ষিত, ৰুচিৱান মানুহে অশ্লীল কথা নকয় ৷ যিসকলে কয় তেওঁলোকক আমি অসভ্য, অপৰিশীলিত, অশিক্ষিত, অমাৰ্জিত, ৰুচিহীন আদি শব্দৰে বিভূষিত কৰোঁ ৷ কথাৰ মাজত অশ্লীল শব্দ উচ্চাৰণ কৰিনো কি আনন্দ পোৱা যায়, বা নিজৰ মনৰ ভিতৰৰ কেনেকুৱা এটা অনু্ভৱ প্ৰকাশৰ বাবে অশ্লীল শব্দ উচ্চাৰণ কৰোঁতাজনৰ বাবে অপৰিহাৰ্য হৈ উঠে সেই কথা মনস্তত্ত্ববিদসকলৰ অধ্যয়নৰ বিষয় হ’ব পাৰে ৷ (এবাৰ এখন বজাৰৰ মাজতে দুগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী মহিলাই কিবা কথাত দুৰ্বাদল কাজিয়াত লিপ্ত হ’ল ৷ গালিৰ মাজে মাজে অশ্লীল শব্দ ছিটিকি পৰিছে ৷ আৰু আমোদজনকভাৱে তেওঁলোকে স্ত্ৰী জননেন্দ্ৰিয়ৰ পৰিৱৰ্তে পুৰুষ জননেন্দ্ৰিয় বুজোৱা শব্দহে উচ্চাৰণ কৰিছে! এগৰাকী মহিলাই গালিৰ মাজত অশ্লীল শব্দ হিচাপে নিজৰ স্ত্ৰী জননেন্দ্ৰিয়ৰ পৰিৱৰ্তে পুৰুষ জননেন্দ্ৰিয়ৰ নাম উচ্চাৰণ কৰি কি আনন্দ পাইছে সেইটোও নিশ্চয় গৱেষণাৰ বিষয় ৷ এয়া চাগে’ পুৰুষ আধিপত্যবাদৰ অশ্লীল ফলাফল!)
স্ত্ৰী-পুৰুষ নিৰ্বিশেষে পৃথিৱীৰ সকলো মানুহৰে আৰু সকলো জীৱ-জন্তুৰে নিজাকৈ একোটা যৌনাংগ থাকে ৷ যৌনাংগৰ প্ৰয়োজনীয়তা তথা ব্যৱহাৰ সম্পৰ্কেও কোনেও নজনাকৈ নাথাকে ৷ মানুহৰ যৌনাংগটো নিজে অশ্লীল নহয়, যৌনাংগৰ সুব্যৱহাৰ বা উচিত ব্যৱহাৰো অশ্লীল নহয়, প্ৰয়োজনীয় গহীন আলোচনাত সুৰুচিপূৰ্ণ ভাষাত যৌনাংগৰ নাম উচ্চাৰণো অশ্লীল নহয় ৷ কিন্তু যৌনাংগ অপব্যৱহাৰ, অস্বাভাৱিক বিকৃত ব্যৱহাৰ, ৰাজহুৱাভাৱে সিবিলাকৰ ছবি প্ৰদৰ্শন, বা স্থান-কাল-পাত্ৰৰ বিচাৰ নোহোৱাকৈ অদৰকাৰীভাৱে যৌনাংগৰ নাম উচ্চাৰণহে অশ্লীল ৷ ভাষা এটাৰ শব্দ বাক্যবিলাকৰ মাজৰ পৰা গালি-গালাজ কোনখিনি আমি যেনেকৈ জানো, যৌনতা সম্পৰ্কীয় কথাবতৰা, ছবি আৰু যৌনাংগৰ কৰ্মৰ মাজৰ পৰাও অশ্লীলতা কোনখিনি আমি জানিব লাগিব ৷ নাজানিলে আমি সংস্কৃতিৱান, ৰুচিৱান, সুসংস্কৃত সভ্য মানুহ হ’ব নোৱাৰিম ৷
জনপ্ৰিয় গায়ক এজনে গোৱা অশ্লীল বিহুগীত এটা অশ্লীল হয় নে নহয় বিতৰ্ক চলি আছে ৷ এইটো ক্ৰিকেটৰ এল বি ডব্লিউ আউটৰ নিচিনা কাৰোবাৰ মনত সন্দেহ ৰৈ যোৱা ঘটনা হ’ব নালাগে ৷ এইটো এটা স্পষ্ট ৰূপত অশ্লীল গীত ৷ দেহসৌষ্ঠৱ তথা অংগসৌন্দৰ্যই এগৰাকী যুৱতীৰ বিবাহযোগ্যতা বঢ়াই তোলে ৷ সেইবুলি যদি কোনোবাই কেনেকুৱা অংগৰ যুৱতী বিয়া কৰাব লাগে, তাকে চিঞৰি চিঞৰি কৈ গান গাই থাকে – শুনিবলৈ শালীন হ’বনে? আচলতে শিল্পীসকলেই হ’ল শ্লীল-অশ্লীলৰ সীমাৰেখাডাল আনতকৈ বেছি ভালকৈ চিনি পোৱা মানুহ ৷ শিল্পীসকলেই হ’ল ভাল আৰু বেয়াৰ মাজৰ পৰা, সুন্দৰ আৰু অসুন্দৰৰ মাজৰ পৰা, সৎ আৰু অসতৰ মাজৰ পৰা ভাল, সুন্দৰ, সৎ আৰু সত্যক বিচাৰি ল’ব জনা মানুহ ৷ শিল্পী আৰু সাধাৰণ মানুহৰ মাজৰ পাৰ্থক্য এইটোৱেই ৷
এটা কথা সত্য যে এসময়ত গছৰ তলত, জোপোহাৰ আঁৰত, নৈৰ নিজান পাৰত অসমীয়া চহা ডেকা-গাভৰুৱে গোৱা বিহুনামত থকা অশ্লীলতাৰ বাবেই অতীতৰ প্ৰসিদ্ধ অসমীয়া লেখক দুই-একে বিহুক অশ্লীল বুলি হেয় চকুৰে চাইছিল ৷ তেনে উৎকট যৌনগন্ধী বিহুনামবিলাকো আজি লিখিত ৰূপত সংৰক্ষিত হৈছে ৷ কিন্তু সেইবোৰ ৰাজহুৱা ঠাইত সকলোৱে শুনাকৈ গোৱাটো সুৰুচিৰ পৰিচয় নহয় ৷ কোনোবাই যুক্তি প্ৰদৰ্শন কৰিব পাৰে যে অশ্লীল গীত এটা যদি লিখিত ৰূপত সকলোৱে পঢ়িব পাৰে, সেইটোকে গীত হিচাপে সকলোৱে শুনিব নোৱাৰাৰ কাৰণ কি? কাৰণ আছে ৷ পঢ়োঁতে এজনে অকলে মনে মনে গীতটোৰ ৰস আস্বাদন কৰে ৷ কিন্তু শুনোতে গীতটো পৰিয়ালতে হওক বা ৰাজহুৱা ঠাইতে হওক, বহু লোকে একেলগে শুনিবলগা পৰিস্থিতিও হয় ৷ আৰু তেতিয়া তেওঁলোকৰ মনৰ প্ৰতিক্ৰিয়া অস্বস্তিকৰ হয় ৷
কিছুমান যুৱকৰ কথাবতৰা কাণলৈ আহিলে এনে লাগে, তেওঁলোকে যেন একো অৰ্থ নজনাকৈয়ে কিছুমান অশ্লীল শব্দ কথা কোৱাৰ ফেশ্বন হিচাপে ব্যৱহাৰ কৰিছে! অশ্লীল শব্দ উচ্চাৰণ কৰি আনন্দ পোৱা লোকসকলৰ সামাজিক শ্ৰেণীটো বা তেওঁলোকৰ শিক্ষা-সংস্কৃতিৰ স্তৰটো বেলেগ বুলি ভাবি উপেক্ষা কৰি চলাৰো উপায় নাই, আজিকালি তথাকথিত অভিজাত উচ্চশিক্ষিত যুৱকৰ মুখতো অশ্লীল কথাত আখৈ ফুটে!
আজিৰ জনপ্ৰিয় গায়কে অশ্লীল কথা থকা গীত এটা যে ৰাজহুৱাভাৱে সকলোৱে শুনাকৈ গাব নোৱাৰি, সেই কথা বুজি নাপায়; মঞ্চত উদ্ভণ্ডালি কৰাটো যে একধৰণৰ ৰুচিহীন, অশালীন কাম, সেই কথাটোও বুজি নাপায় ৷ তেওঁলোকক কোনেও বুজাবও নোৱাৰে ৷ গান গাব পৰাটো সুললিত কণ্ঠৰ অধিকাৰী মানুহ এজনৰ বাবে কেৱল ‘দৈহিক প্ৰতিভা’হে হ’ব নালাগে ৷ কি গাব লাগে, কেনেকৈ ক’ত কাৰ আগত গাব লাগে, বাছ-বিচাৰ কৰিবৰ ক্ষমতা থকা ‘মানসিক প্ৰতিভা’ৰ অধিকাৰী হোৱাটোও এজন জনপ্ৰিয় সুগায়কৰ বাবে অপৰিহাৰ্য ৷ (এই ৰুচিহীন অ-সাংস্কৃতিক অশ্লীল ঘটনাবোৰৰ নেপথ্যত সাম্ৰাজ্যবাদী আমেৰিকাৰ ষড়যন্ত্ৰ বা বিশ্বায়নৰ প্ৰভাৱ আছে নেকি, সেই কথাৰ বিচাৰ যোগ্যজনে নিশ্চয় কৰিব ৷)
– দেৱকান্ত সন্দিকৈ
1 Comment
Bar bhal lagil ata ati sparshakatar aru samayopojogi lekha.