অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী যতীন্দ্ৰ কুমাৰ বৰগোহাঞিদেৱে ২০১৩ চনৰ ১৮ ডিচেম্বৰ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। ১৬ ডিচেম্বৰৰ পুৱা নিজা বাসভৱনৰ হঠাৎ অসুস্থ হৈ পৰা বৰগোহাঞিক লগে লগে হায়াট হস্পিতালত ভৰ্তি কৰোৱা হয় ৷ বিশেষজ্ঞ চিকিৎসকৰ নিৰৱচ্ছিন্ন সেৱাৰ পাচতো ১৮ ডিচেম্বৰত ইহসংসাৰৰ পৰা মেলানি মাগিলে ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী বিশিষ্ট লেখিকা হৰপ্ৰিয়া বাৰুকিয়াল, দুজন পুত্ৰ, দুগৰাকী কন্যা আৰু আত্মীয়-স্বজনক এৰি থৈ যায় ৷
১৯৫০ চনৰ ৮ ছেপ্টেম্বৰত নগাঁৱৰ জিলাৰ কলিয়াবৰ সনষ্টিৰ জখলাবন্ধাত জন্ম লাভ কৰা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ পিতৃ আছিল শশীকান্ত বৰগোহাঞি আৰু মাতৃ সাবিত্ৰী বৰগোহাঞি। শশীকান্ত বৰগোহাঞি এগৰাকী মুক্তিযোদ্ধা আৰু সাবিত্ৰী বৰগোহাঞি সমাজসেৱিকা আৰু লেখিকা আছিল। ১৯৬৬ চনত কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাৰ পিছত তেওঁ নগাঁও জিলাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত অৰ্থনীতি বিষয়ত স্বৰ্ণপদকসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৩ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ ১৯৭৪ চনৰ ১ আগষ্টৰ পৰা বৰপেটাৰ বৰপেটাৰোড হাউলী মহাবিদ্যালয়ত অৰ্থনীতি বিষয়ৰ অধ্যাপক হিচাপে অস্থায়ীভাৱে প্ৰায় এবছৰ কাল সেৱা আগবঢ়ায়। ১৯৭৬ চনৰ অক্টোবৰ মাহত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে।
১৯৮৯ চনলৈ তেখেতে শিক্ষকতা কৰি পিছত ‘দৈনিক জনমভূমি’ কাকতৰ সম্পাদকৰ দায়িত্ব লয় ৷ ১৯৯২ চনত তেওঁ ‘সাপ্তাহিক আসাম বিলাসিনী’ নামৰ কাকতখনৰ সম্পাদক হিচাপেও কিছুদিনৰ বাবে কৰ্মৰত আছিল। ১৯৯৪ চনৰ জানুৱাৰীত তেওঁ ‘নতুন দৈনিক’ নামৰ দৈনিক কাকতখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰে পৰাই তেওঁ গুৱাহাটীত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিভিন্ন সময়ত তেওঁ সাপ্তাহিক মুখামুখি, সাপ্তাহিক স্বদেশ, সাপ্তাহিক পূৰ্বদেশ, দৈনিক প্ৰভাত নামৰ কাকতকেইখন আৰু মাহেকীয়া সমকাল, ছন্দশিল্প আদি আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১০ চন তেওঁ প্ৰাগ নিউজৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও একেই বছৰতে ইস্তফাও দিয়ে। ১৯৭২, ১৯৭৪, ১৯৭৫ আৰু ১৯৮৮ চনত তেওঁ মাহেকীয়া সমকাল নামৰ আলোচনীখনো সম্পাদনা কৰিছিল। পুৱাৰ বাতৰি প্ৰকাশনৰ পৰা ‘পুৱাৰ বাতৰি’ নামৰ কাকতখন তেওঁ প্ৰকাশ কৰিছিল। তদুপৰি গীতাশ্ৰী গগৈৰ দ্বাৰা সম্পাদিত অসমীয়া নাৰীযুগ নামৰ মাহেকীয়া আলোচনীখনৰো প্ৰকাশক আছিল যতীন্দ্ৰ কুমাৰ বৰগোহাঞি।
সংস্কৃত, ইংৰাজী, বাংলা, হিন্দী আৰু অসমীয়া ভাষাত সমানে ব্যুৎপত্তি থকা যতীন্দ্ৰ কুমাৰ বৰগোহাঞিয়ে তেওঁৰ জীৱন কালত বিভিন্ন বিষয়ত ৪৫ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰি গৈছে। সমাজ, সংস্কৃতি, অৰ্থনীতি আৰু ইতিহাস বিষয়ৰ ৬ খন উল্লেখনীয় গ্ৰন্থ তেওঁ প্ৰনয়ণ কৰিছিল। গ্ৰন্থাকাৰে প্ৰকাশিত ৩ খন উপন্যাসৰ লগতে বিভিন্ন কাকত আলোচনীত প্ৰকাশিত পোন্ধৰখনৰো অধিক উপন্যাস, ২ খন গল্প সংকলন, ৫ খন কবিতা সংকলন, ২ খন অনুবাদ সংকলন, ৩ খন অনুবাদ গ্ৰন্থ আৰু ৩ খন নাটকেৰে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াই গৈছে। তাৰোপৰি তেওঁ ১৫০ তকৈও অধিক গল্প ৰচনা কৰিছিল।
১৯৮৯ চনত যতীন্দ্ৰ কুমাৰ বৰগোহাঞিক তেওঁৰ ‘অসমৰ সাংস্কৃতিক ইতিহাস’ নামৰ গ্ৰন্থখনৰ বাবে দধি মহন্ত সোৱঁৰণি ন্যাসে ‘বিষ্ণু ৰাভা বঁটা’ প্ৰদান কৰিছিল। তদুপৰি অসমৰ উৎসৱ আৰু পূজা নামৰ গ্ৰন্থখনৰ বাবে অসম সাহিত্য সভাৰ ‘ভৰত চন্দ্ৰ বৰুৱা বঁটা’ লাভ কৰিছিল বৰগোহাঞিয়ে। তেওঁক তিনিচুকীয়াৰ এডুকেশ্যন ন্যাসৰ সংবাদৰত্ন বঁটাও প্ৰদান কৰা হৈছিল। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু বৰগোহাঞিৰ দ্বাৰা বাংলা ভাষাৰ পৰা অনুদিত দেৱীপ্ৰসাদ চট্ট্যোপাধ্যায়ৰ লোকায়ত দৰ্শন নামৰ গ্ৰন্থখনৰ বাবে তেওঁ ২০০৯ চনৰ সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰে(২০১০ চনত ঘোষিত হৈছিল)। ‘একুৰিয়ামত বন্দী মাছ’ শীৰ্ষক কবিতা সংকলনৰ বাবে যোৰহাট কবি সন্মিলনে তেওঁক গাণ্ডীৱ সন্মান প্ৰদান কৰিছিল। এই কবিতা সংকলনখন ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে।