মন..
যেন এক উৰণীয়া পখী!
মোৰ মন.. হয় মোৰ মন,
অস্থিৰতাৰ মায়াজালৰ বান্ধোনত..
ভাহি পৰিছে এটি অবুজ কণমাণি শিশুৰ দৰে,
মনত পৰিছে বহু ন-পুৰণি কথা,
পখীৰ দৰে উৰি গৈছে দুখনি ডেউকা
মেলি বিশাল আকাশত,
ৰ’বলৈ পোৱা নাই ক’তো ঠাই;
মাথো আছে এটি হেঁপাহ,
হেঁপাহ মাথো উৰিবলৈ,
এৰি অহা দিনৰ স্মৃতি বুকুত লৈ,
উৰি যায় মোৰ মন দুখন ডেউকা মেলি,
সঁচাকৈয়ে, মন যে মোৰ উৰনীয়া পখী ৷
– কুঞ্জনয়ন দাস,
অসামৰিক অভিযান্ত্ৰিক বিভাগ,
তেজপুৰ বিশ্ববিদ্যালয়