আবেলিৰ বৰষুণ জাকে
আকৌ এবাৰ স্মৃতিৰ পথাৰখনলৈ ঠেলি নিলে,
হৃদয়ৰ প্ৰতিপাহ কৃষ্ণচূড়া জগাই তোলা এই বৰষুণ জাকে
মোৰ আগত তোমাৰেই প্ৰতিচ্ছবি দাঙি ধৰিলে,
মনত পৰিল সেই কলেজীয়া দিন বোৰলৈ….
সেই তোমাৰ মৰমলগা হাঁহিটি, নীহাৰিকা যেন উজ্জল চকুজুৰি
সঁচাকৈ আকৌ এবাৰ মোক পগলা কৰি তুলিলে ।
বৰষুণৰ পৰশত প্ৰাণ পাই উঠা তোমাৰ মুখখনে
আউলি বাউলি হোৱা তোমাৰ চুলিখিনিয়ে
কিযে সুন্দৰ ৰূপ দিছিল তোমাক..।
মোক দেখিলে তুমি লাজ কৰা,
কিবা এটা কব খুজিও মনে মনে থাকা
বাঃ কি সুন্দৰ অনুভৱ….।
কিন্তু আজি তুমি নাই মোৰ কাষত…
হেৰাই গ’লা এই বিশাল পৃথিৱীখনত
আৰু হয়তো কুশলে আছা কোনোৱা আপোন জনৰ কাষত ।
কেতিয়াবা বাৰু মোৰ কথা ভাবানে…ᵎ
যেতিয়াই বৰষুণ জাক আহে তোমালৈ বৰ মনত পৰে
কিজানি এবাৰ কথাটো কৈ দিয়া হ’লে…
হায়, আজি হয়তো এনে দিন নাহিল হয়
পায়ো হেৰুওৱাৰ বেদনাত অন্তৰ্দগ্ধ হৈ আছো
আৰু গোপনে গোপনে কেতিয়াবা কান্দো…।
তোমাক পাহৰিব বিছাৰো..
কিন্তু এই নিষ্ঠুৰ বৰষুণ জাকে
আকৌ এবাৰ লৈ গ’ল মোক তোমাৰ কাষলৈ
এবাৰ মন গ’ল সেই নোকোৱা কথাটো কবলৈ….।
ৰূপজ্যোতি কলিতা
ৰসায়ন বিজ্ঞান বিভাগ
তেজপুৰ বিশ্ববিদ্যালয়
(9706599051)